নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ নতুন সভাপতি উৎপল শর্মা-সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

নিয়মীয়া বার্তা, ২৪ নৱেম্বৰ : আজি পুৱা পূর্ণাংগ ৰূপত গঠন হয় ছাত্র সংগঠনটোৰ নতুন কার্যনির্বাহ সমিতিখন৷ কালি মাজনিশাৰ পৰা আজি ধলপুৱালৈকে অনুষ্ঠিত ব্যাপক কৌতুহলপূর্ণ বিষয় বাছনি সভাখনত সদৌ অসম ছাত্র সন্থাৰ সভাপতিৰ দায়িত্ব উৎপল শর্মাক আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব শংকৰজ্যোতি বৰুৱাক অর্পণ কৰা হয়৷ বিষয় বাছনি সভাখন সম্পূর্ণ ব্যতিক্রমী আৰু শান্তিপূর্ণ হোৱা পৰিলক্ষিত হয়৷ উল্লেখযোগ্য যে, আছুৰ পূর্বৰ সভাপতি দীপাংক কুমাৰ নাথে ব্যক্তিগত কাৰণত আছু ত্যাগ কৰাৰ পাছতে উৎপল শর্মাক সংগঠনটোৰ ভাৰপ্রাপ্ত সভাপতিৰ দায়িত্ব প্রদান কৰা হৈছিল৷ হয়াৰ পাছৰ পৰাই উৎপল শর্মা আৰু শংকৰজ্যোতি বৰুৱাই সংগঠনটোৰ গুৰু দায়িত্ব পালন কৰি আহিছিল৷ মৰিগাঁও অধিৱেশনত দুয়ো নেতাকে পুনৰ এটা কার্যকালৰ বাবে এই গুৰু দায়িত্ব প্রদান কৰা হয়৷ সংগঠনটোৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে উৎপল শর্মাই কয়, আছুত নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি যাম৷ এহ মুহূর্তত অসমবাসীৰ আশীর্বাদ আৰু অভিভাৱকত্ব কামনা কৰিছো৷ মৰিগাওঁবাসীলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ তেওঁলোকে বুকুৰ উম দি সংগঠনটোক জীপাল কৰি ৰাখিলে৷ আছুৰ অষ্টাদশ অধিৱেশন সম্পূর্ণ আৰু সফল কৰি তুলিলে৷ এতিয়াৰে পৰা দায়িত্ব বাঢ়িছে৷ এহ মুহূর্তত জাতীয় ছহিদসকলৰ ত্যাগক শ্রদ্ধাৰে স্মৰণ কৰিছো৷ অসমীয়া ৰাইজৰ অভিভাৱকত্ব বিচাৰিছো যাতে জনসাধাৰণে বিচৰাধৰণে খিলঞ্জীয়া জনসাধাৰণৰ সপক্ষে থাকি কাম-কাজ কৰি যাব পাৰো৷ শিক্ষার্থীসকলৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ কাম কৰি যাব পাৰো৷ ইয়াৰ বাবে ৰাইজৰ, শিক্ষাগুৰুসকলৰ, জ্যেষ্ঠজনৰ আশীর্বাদ কামনা কৰিছো৷ আনহাতে দ্বিতীয়বাৰৰ বাবে আছু সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পাছত প্রথম প্রতিক্রিয়া হিচাপে শংকৰজ্যোতি বৰুৱাই কয়, ‘বিভিন্ন জিলাৰ পৰা অহা সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধিসকলে, ৰাজ্যিক কার্যনির্বাহকৰ সদস্যসকলে দ্বিতীয়বাৰৰ বাবে মোৰ ওপৰত বিশ্বাস ৰাখি সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান কৰিছে৷ মই নিষ্ঠা, সততাৰে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি আৰু ছাত্র সন্থাৰ প্রতিজন কর্মকর্তাৰ মন জয় কৰি জাতীয় জীৱনৰ প্রতিটো সমস্যাৰ সৈতে সন্মুখৰ পৰা যুঁজ দি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম৷ মই অসমবাসীৰ আশীর্বাদ, আছুৰ সদস্যসকলৰ পৰা প্রতিটো ক্ষেত্রতে সহযোগতিা আৰু শুভেচ্ছা আশা কৰিছো৷’

আছুৰ নৱগঠিত কার্যনির্বাহক সমিতিখন
সদৌ অসম ছাত্র সন্থাৰ অষ্টাদশ কেন্দ্রীয় অধিবেশনে গঠন কৰি দিয়া ৬০জনীয়া কার্যনির্বাহ সমিতিৰ নেতৃত্বত আছে সভাপতি উৎপল শর্মা, পাঁচগৰাকী উপ–সভাপতি ক্রমে নৱজ্যোতি ৰায়, অভিৱর্তন গোস্বামী, ভৱজিৎ বেজবৰুৱা, খনীন্দ্র ৰাজবংশী আৰু প্রশান্ত দত্ত, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, পাঁচগৰাকী সহকাৰী সম্পাদক ক্রমে চর্জুন হান্সে, ৰানা সোনাৰ, পিতুল বৰা, অভিজিৎ নাথ আৰু দীপক শর্মা, শিক্ষা সম্পাদক টুটুমনি কলিতা, প্রচাৰ সম্পাদক ৰূপম দাস, বিত্ত সম্পাদক গৌৰী শংকৰ শহকীয়া, সাংস্কৃতিক সম্পাদক বিতোপন শর্মা, তথ্য সম্পাদক হিৰণ্য কুমাৰ ৰায়, সাহিত্য সম্পাদক নিহাৰিকা শহকীয়া, ক্রীড়া সম্পাদক সীমান্ত নেওগ, কার্যালয় সম্পাদক ভৱজ্যোতি ডেকা, মুখ্য সাংগঠনিক সম্পাদক নয়নজ্যোতি দাস৷ ১০গৰাকী সাংগঠনিক সম্পাদকৰ ক্রমে নিখিল কোচ, অনুপজ্যোতি ভূঞা, দেৱজিৎ ডেকা, বুলবুল দত্ত, কংকনজ্যোতি শর্মা, হিমাংশু শর্মা, ৰূপজ্যোতি মেধী, পংকজ কলিতা, সুদীপ চন্দ আৰু ৰিয়াজ উদ্দিন আহমেদ৷ ইফালে ২৯জনীয়া কার্যনির্বাহ সদস্যসকলৰ ভিতৰত আছে সমীৰণ ফুকন, নয়নজ্যোতি গগৈ, ধ্রুবজ্যোতি বৰা, পৰাগ চহৰীয়া, নীলোৎপল চক্রৱর্তী, অর্ণৱজ্যোতি কাকতি, পার্শ্ব পাটগিৰি, দীপক ঠাকুৰীয়া, কনক গগৈ, বিকাশ মিছং, কৃষজ্যোতি হাজৰিকা, ধ্রুবজ্যোতি কলিতা, ৰক্তিম ৰঞ্জন বৰা, অজিত হাজৰিকা, মৃগাংক শেখৰ ভৰালী হাজৰিকা, কৃষ্ণ মোহন সিংহ, অনিমেষ ভাগৱতী, চিন্তামনি চক্রৱর্তী, পংকজ নাথ, বিষু প্রসাদ ওজা, ৰূপক ৰায় বেপাৰী, তুলুজিৎ দাস, বাবু জিতু ৰায়, জিতেন দাস, মনিৰুল ইছলাম, ৰূপম কুমাৰ দাস, বিতুপন চাংমাই, তন্ময় কাজি আৰু লব্ধপ্রতিম দাস৷

প্ৰেৰক মানস নাথ

You might also like