চলিত বৰ্ষত ৫০ হাজাৰ নতুন নিযুক্তি দিব ৰাজ্য চৰকাৰে
নিয়মীয়া বাৰ্তা, ২ মেঃ চলিত বৰ্ষত ৫০ হাজাৰ নতুন নিযুক্তি দিব ৰাজ্য চৰকাৰে। আজি ৬০০ লোকক নিযুক্তি পত্ৰ দিব ৰাজ্য চৰকাৰে। চৰকাৰী চাকৰিয়ালে জুন মাহৰ দৰমহা সময়মতে পাব বুলি মন্তব্য বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বিপৰ্যয়ৰ সৃষ্টি হৈছে অৰ্থনীতি। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ব্যৱসায় বাণিজ্য। দেশৰ প্ৰায়কেইখন ৰাজ্যই উচ্চ পদস্থ বিষয়াসকলৰ দৰমহা ১০ৰ পৰা ৫০ শতাংশ কৰ্তনৰ লগতে বিধায়ক মন্ত্ৰীসকলৰো দৰমহা কৰ্তনৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। এনে সময়তে ৰাজ্য চৰকাৰে সুস্থিৰভাৱে ৰাজ্যখনক অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
চৰকাৰী কৰ্মচাৰীসকলৰ কোনো অসুবিধা নোহোৱাকৈ মে’ মাহৰ লগতে জুন মাহৰো দৰমহা আদায় দিয়া হ’ব আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।