নতুন মুখক অগ্রাধিকাৰেৰে নির্বাচনী যুঁজত জয়ী হোৱাৰ কৌশল
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ আসন ভাগ–বাটোৱাৰাক লৈ অৱশেষত ঐকমত্যত উপনীত হ’বলৈ সক্ষম হৈছে বিজেপি আৰু মিত্রজোঁট৷ মুখ্যতঃ অগপৰ দখলত থকা আসনক লৈ চলি থকা জটিলতা আঁতৰ কৰাৰ ক্ষেত্রত যোৱা তিনি দিন ধৰি চলি থকা মাৰাথন বৈঠকত এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ’বলৈ সক্ষম হ’ল বিজেপি আৰু অগপ৷ সেই অনুসৰি অগপই বিজেপিক আঞ্চলিক দলটোৰ দখলত থকা কমলপুৰ, লখিমপুৰ আৰু নাহৰকটীয়া সমষ্টি এৰি দিয়াৰ বিপৰীতে বিজেপিৰ দখলত থকা হাজো, ৰহা আৰু বিশ্বনাথ সমষ্টিত অগপই প্রার্থী প্রক্ষেপ কৰাটো চূড়ান্ত হৈছে৷ উল্লেখ্য যে কালি সন্ধিয়াৰ ভাগত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষৰ উপস্থিতিত ৰাজ্যিক বিজেপি আৰু অগপৰ নেতৃত্বৰ আসন বুজাবুজিক লৈ আনুষ্ঠানিক আলোচনা আৰম্ভ হৈছিল যদিও এই আলোচনাত কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল৷ নিশা পুনৰ সভাপতি জে পি নাড্ডাৰ উপস্থিতিত আন এক বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকতো একো সমাধান নোলাল৷ ইয়াৰ পাছত আজি পুৱা পৃথকে পৃথকে অগপ আৰু বিজেপি নেতৃত্বৰ মাজত চাৰিখনকৈ বৈঠক অনুষ্ঠিত হয় যদিও আনুষ্ঠানিক কোনো সিদ্ধান্ত গ্রহণ কৰা সম্ভৱ নহ’ল৷
অৱশেষত আনুষ্ঠানিক সিদ্ধান্ত গ্রহণৰ দায়িত্ব বিজেপিৰ নির্বাচনী কমিটীলৈ প্রেৰণ কৰা হয়৷ বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা মতে, আসন বুজাবুজিৰ আনুষ্ঠানিক সিদ্ধান্ত হোৱা নাই যদিও অগপৰ দখলত থকা পাটাছাৰকুছি, কমলপুৰ, বঢ়মপুৰ, লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিয়ে প্রার্থী প্রক্ষেপ কৰিব৷ আনহাতে, বিজেপিৰ দখলত থকা ৰহা, হাজো, বিশ্বনাথ, চাবুৱা আৰু ছিপাঝাৰত অগপই প্রতিদ্বন্দ্বিতা কৰিব৷ আনুষ্ঠানিক সিদ্ধান্ত নহ’লেও সমষ্টি ভাগ–বাটোৱাৰাক লৈ উভয় দলে এই ধৰণে ঐকমত্যত উপনীত হোৱা বুলি বিজেপিৰ সূত্রটোৱে জানিবলৈ দিছে৷ ইপিনে অগপ আৰু বিজেপিয়ে কেইবাটাও সমষ্টিত নতুন মুখৰ প্রার্থী প্রক্ষেপৰ বাবে প্রস্তুত হৈছে৷ মুখ্যতঃ নতুন মুখৰ প্রার্থীৰে মিত্রজোঁটে এইবাৰ নির্বাচন জিকাৰ এক নতুন ৰণকৌশল প্রস্তুত কৰিছে৷ সেই অনুসৰি বিজেপিৰ দখলত থকা চাবুৱা সমষ্টিত এইবাৰ অগপই প্রার্থিত্ব দিব পোনাকণ বৰুৱাক৷ আনহাতে, নাহৰকটীয়া সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ যোৱাৰ পাছত সমষ্টিটোত শাসকীয় দলৰ প্রার্থী হ’ব জনপ্রিয় যুৱনেতা তৰংগ গগৈ৷ কমলপুৰ সমষ্টি অগপৰ পৰা বিজেপিলৈ অহাৰ পাছত সমষ্টিটোত প্রার্থী হ’ব দিগন্ত কলিতা৷ কমলপুৰৰ অগপৰ বিধায়ক সত্যব্রত কলিতাই প্রতিদ্বন্দ্বিতা কৰিব হাজো সমষ্টিত৷ নাওবৈচাত এইবাৰ অগপই জয়ন্ত খাউণ্ডক প্রার্থিত্ব প্রদান কৰাটো নিশ্চিত হৈছে৷ ইফালে বঢ়মপুৰত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ যুগৰ কার্যতঃ অৱসান ঘটাই সমষ্টিটোত এইবাৰ প্রতিদ্বন্দ্বিতা কৰিব বিজেপি প্রার্থী জিতু গোস্বামীয়ে৷
বিগত নির্বাচনত চামগুৰি সমষ্টিত বিজেপিৰ হৈ জিতু গোস্বামীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল যদিও এইবাৰ সমষ্টিটো অগপৰ হাতলৈ গৈছে৷ সমষ্টিটোত প্রার্থী হিচাপে থিয় দিব মণিমাধৱ মহন্তই৷ ইফালে ছিপাঝাৰ সমষ্টি এইবাৰ অগপৰ হাতলৈ যোৱাৰ পাছত সমষ্টিটোত আঞ্চলিক দলটোৱে সাহিত্য সভাৰ প্রাক্তন সভাপতি পৰমানন্দ ৰাজবংশীক প্রক্ষেপ কৰাটো চূড়ান্ত কৰিছে৷ লখিমপুৰ সমষ্টি এইবাৰ অগপই বিজেপিক এৰি দিয়াৰ পাছত শাসকীয় দলটোৰ প্রার্থী হ’ব মানৱ ডেকা৷ বিশ্বনাথ সমষ্টিত এইবাৰ অগপৰ প্রার্থী হ’ব প্রবীণ হাজৰিকা৷ উল্লেখ্য যে অগপৰ দখলত থকা আন সমষ্টিসমূহৰ প্রার্থিত্ব বিশেষ সলনি হোৱাৰ সম্ভাৱনা যথেষ্ট কম৷ অৱশ্যে টীয়ক সমষ্টিত বর্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ পৰিৱর্তে অগপৰ হৈ প্রতিদ্বন্দ্বিতা কৰিব পাৰে শ্যামকানু মহন্তই৷ একেদৰে বিজেপিয়ে বৰছলা সমষ্টিৰ বর্তমানৰ বিধায়ক গণেশ লিম্বুৰ পৰিৱর্তে নতুন মুখ হিচাপে প্রক্ষেপ কৰিছে দলৰ সম্পাদক কিশোৰ উপাধ্যায়ক৷ ৰঙাপৰা সমষ্টিৰ বিজেপিৰ নতুন মুখ হ’ব বাতাছ ওৰাং৷ উল্লেখ্য যে ইউ পি পি এলৰ সৈতেও আসন বুজাবুজিৰ ক্ষেত্রত বিজেপিয়ে এক চূড়ান্ত সিদ্ধান্তত আহিবলৈ সক্ষম হৈছে৷ সেই অনুসৰি বিটিচিৰ ১২খন আসনৰ ভিতৰত ইউ পি পি এলে ৭খন আসনত আৰু বিজেপিয়ে ৫খন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷