নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা জাতীয় বিদ্যালয়ত ন-ভূঁই : আহাৰৰ পথাৰত এজাক শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ বৰ্তমান বিদ্যালয়ত গৰম বন্ধ চলি আছে ৷ কিন্তু চিনামৰা জাতীয় বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠাৰ বাহিৰত ব্যস্তহৈ আছে কৃষি পথাৰ শস্যশ্যামলা কৰাত৷ পাঠ্যক্ৰমৰ লগতে ব্যৱহাৰিক কৰ্মত বিশ্বাস ৰখা বিদ্যালয়খনে ছাত্ৰ ছাত্ৰী ব্যৱহাৰিক শিক্ষাৰ সুবিধা কৰি দি আহিছে। এতিয়া শালিখেতিৰ বতৰ। পূৰ্বৰ দৰে এইবাৰো বিদ্যালয় কতৃপক্ষই শিক্ষাৰ্থীসকলক ধানখেতিৰ ব্যৱহাৰিক শিক্ষাদানৰ উদেশ্য আজি ন-ভূঁই শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে। পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰী-শি‍ক্ষক-কর্মচাৰীসকলোৱেই বিদ্যালয়ৰ সাজত সাজি ব্যস্ত হৈ পৰিচে ভূঁই ৰোৱা কার্যত৷ এই সম্পর্কত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা সঞ্চালক দিব্যজ্য‍োতি শর্মাই কয় যে বিদ্যালয়খন ২০০২ চনত প্ৰতিষ্ঠা হোৱাৰ পিছত ২০০৫ চনৰ পৰা ‘কর্মই ধর্ম ইয়ে আমাৰ মর্ম’ শ্লোগানেৰে ছাত্ৰ-ছাত্ৰীক হাত‍ে কামে কৰা ব্যৱহাৰিক শি‍ক্ষা দি আহিছে ৷ বিদ্যালয়খনে কেৱল শ্ৰেণীকোঠাৰ ভিতৰৰ শি‍ক্ষাত বিশ্বাস নকৰি ছাত্ৰ-ছাত্ৰীক কৃষিৰ লগত যুক্ত কৰি আহিছে৷ ভৱিষ্যতে এজন ছাত্ৰ বা ছাত্ৰী যিয়েই নহওক লাগি‍লে তেওঁ যাতে ঘৰৰ পিৰালিত বা ফ্লেটৰ বেলকনিত এটা জলকীয়া পুলি ৰুই খাৱলৈ যত্নবান হয় তাৰ বাবে এই দৰে শি‍ক্ষা দিয়া হয়৷ বিদ্যালয়ৰ সঞ্চালক দিব্যজ্য‍োতি শর্মা আৰু অধ্যক্ষ অমৰ জ্য‍োতি শর্মাৰ নেতৃত্বত বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ বিদ্যালয়ৰ শি‍ক্ষক-শি‍ক্ষয়িত্ৰীসকল উপস্থিত থকা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক জ্ঞান লাভ কৰাৰ লগতে শালি খেতিৰ মাদকতা উপভোগ কৰে৷ উল্লেখনীয় যে প্ৰতিবছৰে কৰা এই কৃষিৰ পিছত চিনামৰা জাতীয় বিদ্যালয়ে আঘোণমহীয়া ধান দোৱা উৎসৱো অনুষ্ঠিত কৰাৰ লগতে ন-খোৱা ব্যৱস্থাও কৰে৷ চিনামৰা জাতীয় বিদ্যালয়ৰ এই পদক্ষেপ প্ৰশংসনীয়।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like