নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্ৰিকেটৰ নব্য হাব, কাইলৈ গুৱাহাটীত ব’ৰ্ডৰ বৈঠক, ৰোহিতৰ স্থলাভিষিক্ত কোন

নিউজ ডেস্ক, ২৮ মাৰ্চঃ পাঁচখন টেষ্ট মেচত অংশ লোৱাৰ উদ্দেশ্যে অহা জুন মাহত ইংলেণ্ড ভ্রমণ কৰিব টীম ইণ্ডিয়াই৷ পৰৱর্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্রৰ এই শৃংখলাটোৱেই হ’ব ভাৰতৰ প্রথম টেষ্ট শৃংখলা৷ টীম ইণ্ডিয়াৰ এই গুৰুত্বপূর্ণ শৃংখলাটোত অংশ লোৱাৰ পৰা বিৰত থকাৰ সম্ভাৱনা আছে অধিনায়ক ৰোহিত শর্মাৰ৷ ইংলেণ্ড ভ্রমণ কৰিবলৈ ইচ্ছুক নহয় ৰোহিত শর্মা৷ অৱশ্যে উক্ত শৃংখলাটোত বিৰাট কোহলি ভাৰতীয় দলত থকাটো খাটাং হৈ পৰিছে৷ ৰোহিতৰ অনুপস্থিতিত ইংলেণ্ড ভ্রমণত ভাৰতীয় দলটোক কোনে নেতৃত্ব দিব সেয়া কাইলৈ গুৱাহাটীত হ’বলগীয়া ব’ৰ্ডৰ গুৰুত্বপূর্ণ বৈঠকত সিদ্ধান্ত ল’ব৷ উক্ত বৈঠকত সচিব দেৱজিৎ শইকীয়াৰ উপৰি ব’ৰ্ডৰ আন আন বিষয়াসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে৷ ভাৰতৰ পৰৱর্তী অধিনায়ক বাছনি সন্দর্ভত আলোচনা হ’ব৷ দীর্ঘ সময় দলক নেতৃত্ব দিব পৰা ব্যক্তিকহে বাছনি কৰা হ’ব৷ ইয়াৰ উপৰি ব’ৰ্ডৰ বার্ষিক চুক্তিও চূড়ান্ত কৰা হ’ব৷ শ্রেয়াছ আয়াৰ, বৰুণ চক্রৱর্তীকে ধৰি একাংশ নতুন ক্রিকেটাৰ এই চুক্তিত অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ কোহলি, ৰোহিত আৰু ৰবীন্দ্র জাদেজাৰ গ্রেড অৱনমিত হোৱাৰ অধিক সম্ভাৱনা আছে৷ উল্লেখ্য যে ভাৰতীয় ক্ৰিকেটৰ নব্য হাব ৰূপে উদ্ভাসিত হৈছে গুৱাহাটী। কিয়নো ধাৰাবাহিক খেল অনুষ্ঠিত হোৱাৰ লগতে টেষ্ট ভেন্যু হিচাপে নিৰ্বাচিত হৈছে বৰ্ষাপাৰা। আনহাতে বিচিচিআইৰ গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হবলৈ গৈ আছে গুৱাহাটীত

You might also like