বিশেষ বাৰ্তা, ১২ জুনঃ সকলো ঠিকেঠাকে থাকিলে চলিত বর্ষৰ আগষ্ট মাহত আনুষ্ঠানিকভাৱে মুকলি হ’ব অসমৰ নতুন বিধানসভা ভৱন৷ এই কথা জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই কালি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্রী পীযুষ হাজৰিকাৰ সৈতে বিধানসভাৰ নতুন ভৱনটো পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে নির্মীয়মাণ অৱস্থাত থকা ভৱনটোৰ কিছু নির্মাণ সম্পর্কীয় দিশৰ ওপৰত পৰামর্শ আগবঢ়ায়৷ মন কৰিবলগীয়া যে ১৯৭২ চনত শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী অহাৰ পাছত ১৯৭৩ চনৰ ১৬ মার্চত বর্তমানৰ স্থানত বিধানসভাৰ কাম–কাজ আৰম্ভ হৈছিল৷ সুদীর্ঘ ৫১ বছৰৰ অন্তত নতুনকৈ নির্মাণ হৈ উঠিব লগা বিধানসভাৰ স্থায়ী ভৱনক যথেষ্ট আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে৷ ১৮০জন সদস্য বহিব পৰা বিধানসভাৰ ভৱনটোৰ নির্মাণৰ দায়িত্বত আছে ছিমপ্লেক্স ষ্ট্রাকচাৰ আৰু ইয়াৰ ইণ্টৰি’ৰ ডিজাইনৰ দায়িত্বত আছে জে ডি ক্রিয়েচন৷ প্রায় ১৮,৪৫৯ বর্গমিটাৰৰ এই নতুন ভৱনটো নির্মাণ ব্যয় আৰম্ভণিতে ২৩৪ কোটি টকা নির্ধাৰণ কৰা হৈছিল যদিও পৰৱর্তী সময়ত এই ব্যয় ৩৫১ কোটি টকালৈ বৃদ্ধি হয়৷ নতুন বিধানসভা ভৱনটো সংযোজন কৰা হৈছে ৭খনকৈ লিফট, এখন গ্লাছ লিফট আৰু এখন এস্কেভেটৰ৷ সম্পূর্ণ ভৱনটো শীত–তাপ নিয়ন্ত্রিতভাৱে নির্মাণ কৰা হৈছে৷ আনহাতে বাহিৰৰ পোহৰ যাতে সকলো দিশৰ পৰা আহিব পাৰে সেই দিশটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছে৷ বিধানসভা ভৱনটোৰ কাষতে এতিয়াও নির্মীয়মাণ অৱস্থাত আছে প্রায় ১৫ মহলীয়া বিধানসভা সচিবালয়৷ এই ভৱনটোৰ নির্মাণ সম্পূর্ণ হ’লে দেশৰ ভিতৰতে যথেষ্ট আটকধুনীয়া হ’ব অসম বিধানসভাৰ ভৱন৷