নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নতুনকৈ দিব সুৰা বিপণীৰ অনুজ্ঞাপত্র

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ অসমত দৈনিক সুৰা বিক্রীৰ পৰা গড়ে আহৰণ হয় ১০.৮৫ কোটি টকাৰ ৰাজহ৷ আজি সদনত এই কথা প্রকাশ কৰিছে আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যই৷ বিধায়িকা শিৱামণি বৰাৰ এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী শুক্লবৈদ্যই কয় যে অসমত গড়ে দৈনিক ৩০৬৭৭২.৫৭৭ বাল্ক লিটাৰ বিলাতী সুৰা, ১৬৬৫৮৯.৮৮৩ বাল্ক লিটাৰ বিয়েৰ আৰু ৫৭৮১৮.৩৬৫ বাল্ক লিটাৰ দেশীয় সুৰা বিক্রী হয়৷ সুৰা বিক্রীৰ পৰা দৈনিক গড়ে ৰাজহ সংগ্রহৰ প্রসংগত মন্ত্রী শুক্লবৈদ্যই কয় যে ২০১৬ চনত আবকাৰী আইন সংশোধন কৰা হৈছে৷ যাৰ ফলত আবকাৰী ৰাজহ সুৰাৰ দোকানসমূহৰ পৰা পোনপটীয়াকৈ সংগ্রহ নহয়৷ আবকাৰী শুল্ক আৰু মূল্য সংযোজিত কৰ ৰাজ্যত থকা হলছেল ৱেৰহাউছ সমূহে সুৰা উৎপাদন কৰা কাৰখানাসমূহৰ পৰা আৰু অসমৰ বাহিৰৰ পৰা অহা সুৰা ক্রয় কৰাৰ ক্ষেত্রত অগ্রিম আদায় দিয়ে, যিটো আবকাৰী শুল্ক হিচাপে প্রায় ৬.৯০ কোটি টকা আৰু মূল্য সংযোজিত কৰ হিচাপে ৩.৯৫ কোটি টকা সর্বমুঠ ১০.৮৫ কোটি টকালৈ ৰাজহ যোৱা বিত্তীয় বর্ষৰ তথ্য অনুযায়ী দৈনিক সংগ্রহ হোৱা দেখা যায়৷ চলিত বিত্তীয় বর্ষত যোৱা আগষ্ট মাহলৈ আবকাৰী বিভাগে ১,৭১৮.৭৫ কোটি টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ আৰু কয় যে বর্তমান ৰাজ্যত ১,৬৮৪খন বিলাতী সুৰাৰ দোকান, ৮৯৬খন বাৰ আৰু ৪৮৬খন দেশীয় সুৰাৰ বিপণী আছে৷ শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যখনত পুনৰ নতুনকৈ সুৰা বিপণী–বাৰৰ অনুজ্ঞাপত্র দিয়াৰ পদক্ষেপ লৈছে৷ সদনত এই কথা সদৰী কৰি মন্ত্রী শুক্লবৈদ্যই কয় যে চুবুৰীয়া ৰাজ্যৰ পৰা অবৈধভাৱে অহা সুৰাক ৰোধ কৰাৰ বাবেই চৰকাৰে নতুনকৈ সুৰা বিপণী–বাৰৰ অনুজ্ঞাপত্র দিব৷ ৰাজ্যখনৰ সীমান্ত অঞ্চলত আৰু নতুনকৈ গঢ় লৈ উঠা চহৰ/নগৰ এলেকাত জিলা আয়ুক্তৰ জৰিয়তে নিবিদা প্রক্রিয়াৰ মাধ্যমেৰে নতুনকৈ সুৰা বিপণীৰ অনুজ্ঞাপত্র দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ গ্রামাঞ্চলৰ পর্যটন ক্ষেত্রতো সুৰা বিপণী, বাৰৰ অনুজ্ঞাপত্র দিয়া হ’ব৷ অৱশ্যে পর্যটন ক্ষেত্রৰ বাহিৰে গ্রামাঞ্চলৰ আন স্থানত নতুনকৈ সুৰা বিপণী–বাৰৰ অনুজ্ঞাপত্র দিয়া নহ’ব৷ তদুপৰি নগৰাঞ্চলৰ হোটেল/ৰেষ্টুৰেণ্ট আদিত আবেদন আৰু প্রয়োজন অনুযায়ী আবকাৰী বিভাগৰ নীতিমতে বাৰৰ অনুজ্ঞাপত্র দিয়াৰ ব্যৱস্থা অব্যাহত আছে৷

You might also like