অসম-বংগ-ত্রিপুৰাক সামৰি বাংলাদেশৰ নতুন মানচিত্র
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ডিচেম্বৰঃ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত বর্বৰোচিত নির্যাতন চলি থকাৰ সময়তে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰৰ অন্যতম উপদেষ্টা মাহফুজ আলমে ভয়ংকৰ অসম তথা ভাৰতবিৰোধী ষড়যন্ত্রত লিপ্ত হৈছে৷ সামাজিক মাধ্যমত বিতর্কিত মন্তব্যৰে উত্তৰ–পূর্বাঞ্চল আৰু উত্তৰ ভাৰতৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক পার্থক্যৰ ওপৰত ভিত্তি কৰি মতানৈক্যৰ বীজ সিঁচিবলৈ উঠিপৰি লাগিছে কট্টৰপন্থী ইছলামিক মাহফুজ আলমে৷ ইয়াতে ক্ষান্ত নাথাকি অসমসহ পশ্চিমবংগ আৰু ত্রিপুৰাক অন্তর্ভুক্ত কৰি বাংলাদেশৰ এখন নতুন মানচিত্রও তেওঁ প্রকাশ কৰে৷ সমগ্র বিষয়টোক কেন্দ্র কৰি সম্প্রতি সর্বত্র তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ ১৯৭১ চনৰ মুক্তিযুদ্ধত জয়লাভ কৰাৰ উপলক্ষে ১৬ ডিচেম্বৰত পালন কৰা বিজয় দিৱসৰ দিনটোতেই মাহফুজ আলমে নিজৰ ফেচবুক পেজত সংস্কৃতিৰ দোহাই দি ভাৰতৰ দুই প্রান্তৰ জনসাধাৰণৰ মাজত বিভেদ সৃষ্টিৰ প্রয়াস চলাই কয় যে ধর্মীয় পার্থক্যক বাদ দি উত্তৰ–পূর্বাঞ্চল আৰু বাংলাদেশৰ সংস্কৃতি একেধৰণৰ৷ বাংলাদেশৰ জন্ম উচ্চ বর্ণৰ হিন্দু আৰু হিন্দু মৌলবাদীৰ বংগবিৰোধী মনোভাবৰ ফল৷ ভাৰতে নিয়ন্ত্রণ আৰু ঔপনিৱেশিকৰণৰ এক কার্যসূচী গ্রহণ কৰিছে৷ ভাৰতৰ পৰা প্রকৃত স্বাধীনতা নিশ্চিত কৰিবলৈ আমি ১৯৭৫ আৰু ২০২৪ চনৰ ঘটনাৰ পুনৰাবৃত্তি কৰিব লাগিব৷ মন কৰিবলগীয়া কথাটো হ’ল– ১৯৭৫ চনত বাংলাদেশৰ প্রতিষ্ঠাপক শ্বেখ মুজিবৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ ১৮জন সদস্যক হত্যা কৰা হৈছিল৷ ইয়াৰ প্রায় ৫০ বছৰ পাছত ২০২৪ চনত শ্বেখ মুজিবৰ ৰহমানৰ কন্যা শ্বেখ হাছিনাক প্রধানমন্ত্রী পদৰ পৰা অপসাৰিত কৰা হৈছিল৷ ভাৰতৰ জনসাধাৰণৰ মনত বিভাজনৰ মানসিকতা গঢ়ি তোলাৰ কুটিল অভীপ্সাৰে মাহফুজ আলমে একেটা ফেচবুক পোষ্টত পুনৰ কয় যে এইবোৰ পৰিঘটনাৰ মাজত ৫০ বছৰৰ ব্যৱধান আছে৷ কিন্তু কোনোধৰণৰ পৰিৱর্তন হোৱা নাই৷ আমি ভূগোল আৰু ব্যৱস্থাৰ মাজত আবদ্ধ হৈ থাকোঁ৷ আমাক এতিয়া নতুন ভূগোল আৰু ব্যৱস্থাৰ প্রয়োজন৷ সৰু–সীমিত ভূ–পৃষ্ঠৰ বাংলাদেশে কেতিয়াও প্রকৃত স্বাধীনতা লাভ কৰিব নোৱাৰে৷ আজি বাংলাদেশে ২০২৪ চনৰ শ্বহীদসকলৰ বলিদানৰ জৰিয়তে মুক্তি বিচাৰিছে৷ এয়া মাথোঁ আৰম্ভণিহে, শেষ নহয়৷ এই যুদ্ধৰ অন্ত পেলাবলৈ আমি এতিয়াও প্রাণ আহুতি দিবলৈ সাজু৷ বাংলাদেশ এটা আৰম্ভণিৰ বিন্দু, শেষৰ বিন্দু নহয়৷ ইমানতে ক্ষান্ত নাথাকি কট্টৰপন্থী ইছলামিক নেতাজনৰ দাবী– দক্ষিণ এছিয়াই নহয়, সমগ্র দক্ষিণ বিশ্বই বাংলাদেশৰ নেতৃত্বক অনুসৰণ কৰিব৷ লক্ষণীয়ভাৱে এনে বিভাজনকামী মন্তব্য আৰু অসম–পশ্চিমবংগ–ত্ অন্তর্ভুক্ত কৰি বাংলাদেশৰ নতুন মানচিত্র প্রকাশ কৰাৰ পাছতেই তীব্র বিতর্কৰ উদ্ভৱ হোৱাত সেয়া নিজৰ ফেচবুক পেজৰ পৰা ডিলিট কৰি দিয়ে মাহফুজ আলমে৷