নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুদ্ধিজীৱী–ৰাজনীতিক এতিয়া একে শাৰীতেঃ ড০ শর্মা

‘নতুনকৈ ৰাজনীতিলৈ অহাসকলক মই আদৰণি জনাইছোঁ’

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ   বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন, কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ চলি থকা চর্চাৰ মাজতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– এনে দিশসমূহে নির্বাচনত কোনো প্রভাৱ নেপেলায়৷ ২০২১ চনৰ নির্বাচনত মুখ্যতঃ যুঁজ হ’ব ৩৫ শতাংশ আৰু ৬৫ শতাংশৰ মাজত৷ যুঁজ হ’ব দুটা আদর্শৰ মাজত৷ জাতি–মাটি–ভেটিৰ সংকল্প যিদৰে আগুৱাই নিয়া হ’ল, তাৰ ওপৰতেই হ’ব যুঁজ আৰু এই যুঁজত বিজেপি আৰু মিত্রগোষ্ঠী থাকিব ৬৫ শতাংশৰ লগত৷ –‘নিউজ লাইভ’ৰ প্রেক্ষাপট অনুষ্ঠানত ছৈয়দ জাৰিৰ হুছেইনৰ সৈতে হোৱা বার্তালাপত এই মন্তব্য কৰাৰ লগতে মন্ত্রী ড০ শর্মাই কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা সন্দর্ভতো কয় যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা পূর্বৰ পৰাই আছে৷ ৩৫ শতাংশ আৰু ৬৫ শতাংশৰ মাজৰ যুঁজখনো পূর্বৰ পৰাই আছে৷ দৰাচলতে অসমত মেৰু বিভাজন আৰম্ভ হৈছে ২০০৬ চনত এ আই ইউ ডি এফৰ জন্মৰ পাছতে৷ এই মেৰু বিভাজনত ভৰিৰ তলৰ মাটি কাঢ়ি নিয়াৰ প্রচেষ্টাৰ বিৰুদ্ধে আৰম্ভ হ’ব যুঁজ৷ আগ্রাসী মনোভাবৰ বাবেই চলিব যুঁজ৷ ২০২১ চনৰ নির্বাচন ২০১৬ চনৰ নির্বাচনতকৈ পৃথক নহয়৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই হয়তো ২০১৬ চনৰ নির্বাচনত বিজেপিয়ে কম ভোটত জয়লাভ কৰা ৫–৬টা সমষ্টি দখল কৰিব পাৰে৷ কিন্তু কংগ্রেছক পৰম্পৰাগতভাৱে ভোট দি অহাসকলে এইবাৰ এই মিত্রতাক গ্রহণ নকৰে৷ যাৰ বাবে বিজেপিয়ে কংগ্রেছৰ পৰা আঁজুৰি আনিব আন কেইবাখনো আসন৷ ইয়াৰ দ্বাৰাই বিজেপি আৰু মিত্রজোঁটে ১০০খন আসন অতিক্রম কৰিবলৈ সক্ষম হ’ব৷ ইফালে নতুন আঞ্চলিক দল গঠন সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– দুমাহতে ৰাজনীতি কৰি দিছপুৰ দখল কৰাটো সহজ নহয়৷ তেওঁলোকৰ একাংশই পুৱা এটা দল খোলে আৰু সন্ধিয়া আন দলত চামিল হয়৷ দৰাচলতে এই সমগ্র প্রক্রিয়া আমোদ–প্রমোদৰ লীলাভূমিত পৰিণত হৈছে৷ যদি এজেণ্ডা আছে, তেন্তে দল কৰক৷ কিন্তু বিষয়টোক গুৰুত্ব সহকাৰে লওক৷ ইয়াৰ পৰিৱর্তে নতুন দল খোলা কার্যই চেমনিয়াৰ চ’ৰাত পৰিণত কৰিছে৷

আনহাতে, নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনত শেহতীয়াকৈ একাংশ বুদ্ধিজীৱীৰ অংশগ্রহণৰ প্রসংগত মন্ত্রী ড০ শর্মাৰ মন্তব্য– যিসকল বুদ্ধিজীৱীয়ে ৰাজনৈতিক দলত যোগদান কৰিছে, তেওঁলোকে যাতে এতিয়াৰে পৰা আমাক সমালোচনা নকৰে৷ বুদ্ধিজীৱী আৰু ৰাজনীতিকসকল এতিয়া একে শাৰীতে৷ ৰাজনৈতিক ক্ষেত্রলৈ এওঁলোকক আদৰণি জনাইছোঁ৷ কিন্তু ৰাজনীতি কৰাটো সহজ নহয়৷ বহু ভাল কাম কৰিলেও ৰাইজে সমালোচনা কৰে৷ ইফালে আগন্তুক নির্বাচনত বিজেপিয়ে অগপ আৰু বি পি এফৰ লগত মিত্রজোঁট গঠনেৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নে নাই, এই প্রসংগক লৈ চলি থকা আলোচনাৰ প্রসংগতো মন্ত্রী ড০ শর্মাই কয়– নির্বাচনত মিত্রতা অকল বিজেপিয়ে বিচাৰিলেই নহ’ব, মিত্রদলেও বিচাৰিব লাগিব৷ ডিচেম্বৰ–জানুৱাৰীত এই বিষয়ে আলোচনা হ’ব৷ মিত্রতা কি দিশত আগবাঢ়িব, আসন বুজাবুজি কেনে হ’ব, এই বিষয়বোৰ আলোচনা হ’ব৷ কিন্তু যোৱা ৫ বছৰত আমি একেলগে থাকিম বুলি যি প্রতিশ্রুতি দিছিলোঁ, সেয়া পালন হ’ল৷ আগন্তুক ৫ বছৰত কি হয়, সেয়া দুর্গাপূজাৰ পাছত আলোচনা কৰা হ’ব আৰু লাহে লাহে বিষয়বোৰ স্পষ্ট হ’ব৷ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে কোনোধৰণৰ প্রতিষ্ঠানবিৰোধী ঢ়ৌ নাহে বুলি স্পষ্ট কৰি দি তেওঁ কয়– যোৱা ৫ বছৰত এই চৰকাৰখনে নজিৰবিহীনভাৱে উন্নয়নৰ কাম কৰিছে৷ অসমৰ সমসাময়িক চৰকাৰবোৰৰ তুলনাত এই চৰকাৰখনে বহু বেছি কাম কৰিছে৷ এন আৰ চি, অসম চুক্তি, বড়ো সমস্যা, খিলঞ্জীয়াৰ সুৰক্ষা, খিলঞ্জীয়াক ভূমি প্রদান আদিকে ধৰি মুখ্য ইছ্যুসমূহৰ ক্ষেত্রত চৰকাৰ যথেষ্ট আগবাঢ়িছে৷ এচাম মানুহে বেয়া পাব বুলি পূর্বৰ চৰকাৰসমূহে যিবোৰ কথা কোৱা নাছিল, সেই কথা আমি ক’ব পৰা হ’লোঁ৷ এই বিষয়বোৰ যদি একত্রিত কৰোঁ, তেন্তে অসমৰ ৰাইজ সুখী৷ গতিকে আগন্তুক নির্বাচনত বিপুল ভোটত আমি জয়ী হ’ম৷ ক’ৰোনাৰ প্রসংগতো তেওঁ কয়– অক্টোবৰ মাহটো যদি আমি সকলোৱে সাৱধান আৰু সতর্ক হৈ থাকিব পাৰোঁ, তেন্তে পৰিৱেশ উন্নত হ’ব৷ নৱেম্বৰলৈ আক্রান্তৰ সংখ্যা প্রতিদিনে এহাজাৰৰ তললৈ আহিব৷ একাংশ লোক আক্রান্ত হোৱাৰ পাছত দেৰিকৈ চিকিৎসালয়লৈ অহা বাবেই মৃত্যুৰ হাৰ বৃদ্ধি পোৱা বুলিও তেওঁ উদ্বেগ প্রকাশ কৰে৷ স্বাস্থ্যমন্ত্রীগৰাকীৰ্ মন্তব্য– ক’ভিড আক্রান্তৰ পৰৱর্তী সময়ত যথেষ্ট ভয়াৱহ হৈছে৷ বহু লোকক শাৰীৰিকভাৱে যথেষ্ট ক্ষতিগ্রস্ত কৰিছে৷
‘সকলো আঞ্চলিক দল একত্রিত নহ’লে ১,৫০০তকৈও কম ভোট পাব’
বিজেপিক ২০২১ চনৰ নির্বাচনত পৰাভূত কৰাৰ লক্ষ্যৰে ইতিমধ্যে অসম জাতীয় পৰিষদ গঠন হোৱাৰ পাছত এইবাৰ কৃষক মুক্তিৰ নেতৃত্বত গঠন হ’ল ‘ৰাইজৰ দল’৷ নতুন ৰাজনৈতিক দল গঠনক লৈ নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যত তুমুল চর্চা চলাৰ সময়তে নতুন দলক লৈ শুকুৰবাৰে পুনৰ সৰৱ হ’ল ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷  গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ক’ভিড চিকিৎসালয়ত কর্মৰত চাফাই কর্মীসকলক সম্ভাষণ জনোৱাৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) আয়োজন কৰা এক অনুষ্ঠানত মন্ত্রী ড০ শর্মাই নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত হোৱাৰ বাবে আহ্বান জনায়৷ নতুন দলক কটাক্ষ কৰি তেওঁ কয়– সকলো আঞ্চলিক ৰাজনৈতিক দল আমি একত্রিত হোৱাটো বিচাৰিছোঁ৷ অন্যথা নির্বাচনত এই দলৰ প্রার্থীয়ে ১,৫০০তকৈও কম ভোট পাব৷ এই ৰাজনৈতিক দলসমূহ একত্রিত হৈ থাকিলে নির্বাচনী সভাবোৰত ২০–২৫টা দলৰ নাম ক’বলৈ গ’লে অসুবিধা হ’ব৷ কাৰণ ইমানবোৰ নাম ক’বলৈ গ’লে ভুল হোৱাৰ সম্ভাৱনা আছে৷ গতিকে তেওঁলোক একত্রিত হৈ থাকিলে সকলোৰে বাবে সুবিধা হ’ব৷ অন্যথা ভোটৰ সংখ্যাও কমি যাব৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰি কয়– ইমান দিনে ৰাজনীতিক গালি পাৰি থকা লোকসকলে ৰাজনীতি কৰিবলৈ অহাটো ভাল কথা, আমি আদৰণি জনাইছোঁ৷ মন কৰিবলগীয়া যে শুকুৰবাৰে জি এম চি এইচত ক’ভিড হাস্পতালৰ চাফাই কর্মীসকলক দুর্যোগৰ সময়ত তেওঁলোকে প্রদান কৰি অহা সেৱাৰ বাবে বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷

You might also like