নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ নতুন সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকা- প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ অৱশেষত বহু উৎকন্ঠতাৰ অন্তত অসম সাহিত্য সভাৰ সন্মানীয় আসনত নিৰ্বাচিত হ’ল পদ্মশ্ৰী ড° সূৰ্য কান্ত হাজৰিকা। তেওঁ‌ য়েছে দৰ্জি ঠংচিক ৮৪টা ভোটত পৰাজিত কৰি সভাপতিৰ আসনত নিৰ্বাচিত হয়। সভাপতি পদৰ পাৰ্থী ড° সূৰ্য কান্ত হাজৰিকাই ৩৩৫টা, য়াছে দৰ্জি ২৫১ টা, প্ৰহ্লাদ চন্দ্ৰ তাছা ৫০টা ভোট, নাহেন্দ্ৰ পাডুনে ৫৮টা, জগদীশ পাটগিৰিয়ে ৩৭টা, ৰোমান শৰ্মাই ১টা ভোট লাভ কৰে। উপ-সভাপতি পদত গিৰীশ সন্দিকৈয়ে ২৮০ টা ভোটৰ ব্যৱধানত ধীৰেন শৰ্মাক পৰাজিত কৰি নিৰ্বাচিত হয়। উপ-সভাপতি পদৰ প্ৰাৰ্থী গিৰীশ সন্দিকৈয়ে ৩৪৩টা, ধীৰেন শৰ্মাই ১৬৩টা ,গোবিন্দ তালুকদাৰে ৫২টা, বসন্ত শৰ্মাই ৭৩টা, পবিত্ৰ বৰবৰাই ৬২টা ভোট লাভ কৰে। প্ৰধান সম্পাদকৰ পদত ড° উপেন্দ্ৰজিৎ শৰ্মাই দেৱজিৎ বৰাক ১৯৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হয়। প্ৰধান সম্পাদকৰ প্ৰাৰ্থী ড° উপেন্দ্ৰজিৎ শৰ্মাই ৩১৫টা , দেৱজিৎ বৰাই ১২১টা ভোট, যাদৱ শৰ্মাই ৯২টা ভোট, অনুপ বৰঠাকুৰে ৮২টা ৰমানন্দ বৰাই ১১০টা ভোট লাভ কৰিছে। সাহিত্য সভাৰ নিৰ্বাচনী বিষয় হৰেন বৰা আৰু আৰু নীলাঞ্জন ডেকাৰ নেতৃত্বত নলবাৰী জিলা পুথিভঁ‌ৰাল প্ৰেক্ষাগৃত হোৱা ভোট গণনাত সাহিত্য সভাৰ কেবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে। ইপিনে নলবাৰী নাট্যমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত কেবাটাও বিষয়ত পৰ্যালোচনা কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু প্ৰধান সম্পাদক যাদৱ শৰ্মাই আঁ‌ত ধৰা সভাখনত আভ্যান্তৰীন বিত্তীয় দিশত আলোচনা কৰা হয়। সাহিত্য সভালৈ অইল ইণ্ডিয়াই আগবঢ়োৱা পঞ্চাশ লাখ টকা কত কত খৰছ কৰিলে তাৰ ওপৰতো কাৰ্যনিৰ্বাহক প্ৰতিনিধিয়ে প্ৰশ্ন কৰে। সাহিত্য সভাৰ ভিতৰ চ’ৰাত ঘটি থকা বিত্তীয় কেলেংকাৰীৰ বাতৰি কিয় প্ৰকাশ হৈ থাকে বুলিও উপস্থিত প্ৰতিনিধিয়ে সভাপতি সম্পাদকক প্ৰশ্ন কৰে। সাহিত্য সভাই চলিত কাৰ্যকালত কি কি গ্ৰন্থ আৰু কিমান সংখ্যাৰ কিতাপ প্ৰকাশ কৰিলে এই লৈও কেবাগৰাকী প্ৰতিনিধিয়ে প্ৰশ্ন কৰাত সভা কিছু উত্তপ্ত হৈ পৰে। অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে মাহৰ পিছত মাহ দৰমহা নাপায় কিয় আন্দোলন কৰিব লগা হৈছে তাৰ উত্তৰ প্ৰতিনিধিয়ে সভাপতি সম্পাদকৰ পৰা উত্তৰ বিচাৰে। অসম সাহিত্য সভাৰ কোষাধ্যক্ষ প্ৰেম নাৰায়ন নাথ আৰু প্ৰাক্তন প্ৰধান সম্পাদক পদূম ৰাজখোৱা উপস্থিত থকা এই সভাত উপস্থিত থাকি অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে কয় জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক নিজৰ ঘৰখনৰ দৰে ভাল পাব লাগিব । মানৱতাৰ লক্ষ্যৰে সাহিত্য সভাৰ কাম কৰিলে অসম সাহিত্য সভা গতিশীল হব বুলিও উপ সভাপতি দেৱীয়ে কয় । মুক্ত শিক্ষা সংসদৰ ধনৰে অসম সাহিত্য সভা চলি থাকিব নালাগে বুলি উল্লেখ কৰি উপ সভাপতি মৃণালিনী দেৱীয়ে অৰ্থ সংগ্ৰহৰ ক্ষেত্ৰত অসম সাহিত্য সভাই গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে। কেৱল চৰকাৰৰ ওপৰত ভৰষা নকৰি সাহিত্য সভাই নিজাববীয়াকৈ অৰ্থ সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ তেওঁ‌ আহ্বান জনায়। মানুহৰ মাজত জাতীয় আদৰ্শৰ প্ৰয়োজন আছে বুলিও উপ সভাপতিগৰাকীয়ে কয়। কাৰ্যনিৰ্বাহক সভাৰ আগমুহূৰ্তত পুৱা ৯-০০বজাত পতাকা উত্তোলন কৰে মৈয়ত্ৰী শাখা সাহিত্য সভাৰ সভাপতি দীপামনি গোস্বামীয়ে। শ্বহীদ তৰ্পণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলাৰ সভাপতি নিৰোদ দাস আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই । স্মৃতি তৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা , সাহিত্যসেৱক সুশীল তামুলীকে ধৰি ভালেমান সাহিত্যসেৱীয়ে।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like