নিয়মীয়া বাৰ্তা, ৬ জুনঃ “অসম আৰক্ষীত এতিয়াৰ পৰা অকল আনন্দ মিশ্ৰই নহয় ৰাজ্যখনৰ প্ৰতিগৰাকী আৰক্ষী অধীক্ষকে যিকোনো বিষয়ে মন্তব্য কৰাৰ আগতে অধিক সচেতন হব লাগিব৷ এইক্ষেত্ৰত অকল সচেতন হোৱাই নহয় আৰক্ষী অধীক্ষকসকলে একপ্ৰকাৰ নিজৰ মুখ বন্ধ ৰাখিব লাগিব৷ এতিয়াৰ পৰা অসমৰ কোনো জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত দিব নোৱাৰিব মন্তব্য৷” এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ৷ আজি পাঠশালাত উপস্থিত হৈ সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত তেওঁ কয় যে আৰক্ষীয়ে কি কৰিছে সেয়া ৰাইজে নজৰত ৰাখিব, আৰক্ষীয়ে নিজৰ কামৰ কথা ৰাইজক জনাবলগীয়া নাই৷ আৰক্ষীৰ কাম কাজৰ বিষয়ে সংবাদ মাধ্যম বা ৰাইজক জনাবলৈ এতিয়াৰে পৰা প্ৰত্যেক জিলাতে নিয়োগ কৰা হব আৰক্ষীৰ মুখপাত্ৰ৷ সংবাদ মেলত প্ৰয়োজন সাপেক্ষে মুখপাত্ৰইহে বক্তব্য ৰাখিব, আৰক্ষী অধীক্ষকে নহয়৷ আনকি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে নিজেও সততে সংবাদ মেলৰ বাদে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে৷ আনহাতে ৰাজ্যত অলপতে অনুষ্ঠিত হৈ যোৱা বৃহৎ নিযুক্তিৰ লেখীয়াকৈ অসম আৰক্ষীতো শীঘ্ৰে নতুন নিযুক্তি হব বুলি আৰক্ষী সঞ্চালক প্ৰধানে মন্তব্য কৰি ইয়াৰ বাবে ইতিমধ্যে চৰকাৰক তালিকা প্ৰেৰণ কৰা হৈছে বুলি কয়৷ চৰকাৰৰ নিৰ্দেশ আহিলেই নতুন নিযুক্তিত আগবাঢ়িব বুলি কৈ জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে অহা সপ্তাহৰ ভিতৰতে জোনমণি ৰাভাৰ গোচৰ চি বি আইলৈ হস্তান্তৰ কৰা হব৷ আনহাতে কেইমাহমান পূৰ্বে ৰৌতা অঞ্চল কেনাৰাম বসুমতাৰী বুলি যিজন যুবকক এনকাউণ্টাৰ কৰা হৈছিল তেওঁও নিৰ্দোষী নাছিল বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰে৷ ইপিনে যোৱাকালি যুজনকৈ অসমীয়া যুৱকক অৰুণাচলীয়ে গুলিয়াই হত্যা কৰা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে এই সন্দৰ্ভত অৰুণাচল আৰক্ষী অধীক্ষকৰ সতে বাৰ্তালাপ কৰি পাচঁজনকৈ দোষী গ্ৰেপ্তাৰ হোৱা বুলি জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে আজি পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ ক্ৰাইম কনফাৰেঞ্চ অনুষ্ঠিত হয়৷ নামনি অসমৰ পাঁচখন আৰক্ষী জিলা ক্ৰমে বৰপেটা, বজালী, বাকসা, নলবাৰী আৰু তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু চি আই দিৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰা কনফাৰেঞ্চখনত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে যিসকল আৰক্ষী উপ পৰিদৰ্শকে পহিলা জুনৰ ভিতৰত সম্পত্তিৰ হিচাপ দাখিল কৰা নাই তেনে আৰক্ষীক থানা আৰু আৰক্ষী চকীত নিযুক্তি নিদিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিৰ্দেশ দিছে৷ ইতিমধ্যে ৯০ৰ পৰা ৯৫ শতাংশ আৰক্ষী উপ পৰিদৰ্শকে নিজ সম্পত্তিৰ হিচাপ দাখিল কৰা বুলি মন্তব্য কৰি নলবাৰী জিলা টিহুৰ আৰক্ষীৰ নিৰ্লজ কাণ্ড সন্দৰ্ভত নলবাৰী আৰক্ষী অধীক্ষকক ব্যৱস্থা হাতত লবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে৷
প্ৰেৰকঃ কল্যাণ কলিতা