নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনসংগীতা বৰাৰ নতুন গীত ‘ল’ৰালি’ মুকলি

বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ মৰিয়নিৰ কণ্ঠশিল্পী তথা এসময়ৰ অনাতাঁ‌ৰ শিল্পী বনসংগীতা বৰাৰ নতুন আধুনিক গীত ‘ল’ৰালি’ আজি মৰিয়নিৰ ৰিডম ষ্টুডিঅ’ত মুকলি কৰা হয়। এই উপলক্ষ্যে অনুষ্ঠিত চমু অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ, নাট্যকাৰ, মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাই। বিশিষ্ট শিল্পী তৰুণ শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানটোত ৰঞ্জিত গোহাঁইবৰুৱা, শিল্পী – অভিযন্তা চামিয়া শ্যাম, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপক ক্ষীৰোদ ডেকা আদিয়ে বক্তব্য প্ৰদান কৰি কণ্ঠশিল্পী বনসংগীতা বৰাক উৎসাহিত কৰে। অনুষ্ঠানটোত গীতিকাৰ নেকিবুল ইছলাম, ভানু মজুমদাৰ, ধৰ্মেন্দ্ৰ চেতিয়া, মনদ্বীপ মাজুলী, উদীয়মান কণ্ঠশিল্পী সাগৰিকা ডেকা, বিনীতা বৰা, নৱদ্বীপা শইকীয়া আদিও উপস্থিত থাকে। এওঁ‌লোকৰ উপস্থিতিত গীতটো মুকলি কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী নেকিবুল ইছলামে ৰচনা কৰা ‘ল’ৰালি’ শীৰ্ষক গীতটিত সুৰ দিছে যুৱ সুৰকাৰ পাপু বৰুৱাই। মনদ্বীপ মাজুলী আৰু পাপু বৰুৱাই সংগীতেৰে সজোৱা গীতটি মনদ্বীপ মাজুলীৰ তত্বাৱধানত মৰিয়নিৰ ৰিডম ষ্টুডিঅ’ত বাণীবদ্ধ কৰা হৈছে । উল্লেখযোগ্য যে, পেছাত এগৰাকী স্বাস্থ্যকৰ্মী হোৱাৰ পিছতো নিৰৱে সংগীতৰ চৰ্চা চলাই গৈছে বনসংগীতা বৰাই। ইতিমধ্যে একাধিক গীতত কণ্ঠদান কৰা বনসংগীতা বৰাৰ নতুন গীত ‘ল’ৰালি’ ইউটিউবত উপলব্ধ হৈছে বুলি জানিবলৈ দিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like