নতুন এছঅ’পিঃ ৩–৪ দিনৰ পিছত ক’ভিড পৰিস্থিতিৰ পর্যালোচনা কৰি সিদ্ধান্ত ল’ব চৰকাৰে
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাজ্যখনত দ্বিতীয় পর্যায়ৰ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে অসম চৰকাৰে মঙলবাৰে নতুন এছঅ’পি জাৰি কৰে৷ অহা ৩০ এপ্রিললৈ এই এছঅ’পি জাৰি কৰা হৈছে যদিও অহা ৩–৪ দিনৰ পিছত পৰিৱর্তিত পৰিস্থিতিৰ পর্যালোচনা কৰি চৰকাৰে পুনৰ নতুন সিদ্ধান্ত গ্রহণ কৰিব বুলি মুখ্য সচিব জিষ্ণু বৰুৱাই জানিবলৈ দিছে৷
কালি বিয়লি নিজ কার্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত মুখ্য সচিব বৰুৱাই কয় যে গুৱাহাটী বা ৰাজ্যখনত লকডাউন দিবলগীয়া এতিয়াও ‘এলার্মিং’ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই৷ অহা ৩–৪ দিনৰ পিছত ক’ভিড পৰিস্থিতিৰ পর্যালোচনা কৰি পৰৱর্তী সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ তেওঁ কয় যে অহা ৩–৪ দিনৰ ভিতৰত পৰিস্থিতিৰ উন্নতি হ’লে এছঅ’পিযোগে জাৰি কৰা বাধ্যবাধকতাসমূহ কমাই অনা হ’ব৷
সেইদৰে সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ বাবে ৰাজ্যত ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা সন্দর্ভত তেওঁ কয় যে নির্বাচন শেষ হৈছে ৬ এপ্রিলত৷ ৰাজ্যখনত ক’ভিডৰ সংক্রমণ ৭ এপ্রিলৰ পৰাহে বৃদ্ধি পাইছে৷ সেয়ে নির্বাচনৰ বাবে ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱা বুলি ক’ব নোৱাৰি৷ একেদৰে বিহুৰ অনুষ্ঠানৰ বাবেও ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱা বুলি কোৱা টান৷
ইপিনে, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে জনসাধাৰণক মাস্ক পৰিধান কৰাৰ লগতে ৰাজহুৱা স্থানত থু–খেঁকাৰ পেলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ প্রয়োজনত আৰক্ষীয়ে মাস্ক পৰিধান নকৰাসকলক মাস্ক যোগান ধৰিব বুলি উল্লেখ কৰি কয় যে তেওঁ আৰক্ষীক নির্দেশ দিছে মাস্ক নথকাসকলক আৰক্ষীয়ে বিনামূলীয়াকৈ মাস্ক যোগান ধৰিব৷ কিন্তু ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবই লাগিব৷
মাস্ক পৰিধান কৰাক লৈ একাংশ লোকে আৰক্ষীৰে তর্কযুদ্ধত লিপ্ত হোৱাৰ লগতে আক্রমণ কৰিবলৈ উদ্যত হোৱাৰ প্রসংগ উনুকিয়াই তেওঁ কয় যে এইক্ষেত্রত এইবাৰ আৰক্ষী অধিক কঠোৰ হ’ব৷ কোনোবাই আৰক্ষী তথা বলৱৎকাৰীৰ ওপৰত আক্রমণ কৰিবলৈ আহিলে লাঠীচালনা কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিয়ে৷ ক’ভিড সংক্রমণৰ চেইন ৰোধৰ স্বার্থতে আৰক্ষীয়ে এই দিশত কঠোৰ হ’ব৷
ইপিনে, সংবাদ মেলখনত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাই শেহতীয়া ক’ভিড পৰিস্থিতি সম্পর্কত কয় যে ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে বিমানযোগে অহা প্রতিগৰাকী লোকৰে নমুনা পৰীক্ষা কৰা হৈছে৷ সেইদৰে ৰে’লযাত্রীসকলৰো নমুনা পৰীক্ষা কৰা হৈছে৷ যোৱা ২৩ মার্চৰ পৰা ২৯ মার্চলৈ ৰাজ্যখনত ৪৩গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰে৷ ৩০ মার্চৰ পৰা ৫ এপ্রিললৈ ৬১গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰে৷ ৬ এপ্রিলৰ পৰা ১২ এপ্রিললৈ ৩০৮গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰে৷ ১৩ এপ্রিলৰ পৰা ১৯ এপ্রিললৈ ৭০৪গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰে৷ কালিৰ দিনটোত ১,৩৬৭গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰে৷ কালি ৰাজ্যখনত ক’ভিডত আক্রান্তৰ হাৰ আছিল ২.০৯ শতাংশ৷ তেওঁ আৰু জানিবলৈ দিয়া মতে বর্তমান ৰাজ্যখনত ৫ লাখ ৫ হাজাৰ ক’ভিড ভেকচিন মজুত আছে৷