নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰাজ্যৰ নগৰ–চহৰত দুপৰীয়া ১২ বজাৰ পৰা সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ১৬ মে’: ভয়ংকৰ হাৰত বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্রমণ প্রতিহত কৰাৰ উদ্দেশ্যে আজি ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন নীতি–নির্দেশনা৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ কার্যবাহী কমিটীৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এই নির্দেশ অনুসৰি নগৰ–চহৰ অঞ্চল আৰু ইয়াৰ সংলগ্ন ৫ কিলোমিটাৰ এলেকাত আজিৰ পৰা দিনৰ ১২ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব কঠোৰ সান্ধ্য আইন৷

আনহাতে, দিনৰ ১১ বজাত বন্ধ কৰিব লাগিব সকলো দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান৷ উল্লেখ্য যে যোৱা ১২ মে’ত মুখ্য সচিবে আন এক নির্দেশযোগে চহৰ অঞ্চলত দিনৰ দুই বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰিৰ কথা ঘোষণা কৰিছিল৷

উক্ত নির্দেশ শনিবাৰে পুনৰ সংশোধিত ৰূপত প্রকাশ কৰা এছ অ’ পিত উল্লেখ কৰিছে যে আজি অর্থাৎ দেওবাৰৰ পৰা প্রতিদিনে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈ নগৰ–চহৰ অঞ্চলত বলৱৎ থাকিব সান্ধ্য আইন৷ অৱশ্যে পূর্বৰ নির্দেশনা অনুসৰি গ্রামাঞ্চলত এই নির্দেশনা প্রযোজ্য নহয়৷ গ্রামাঞ্চলত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন৷

আনহাতে,শনিবাৰে প্রকাশ নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান দিনৰ ১১ বজাত বন্ধ হ’ব৷ একেদৰে পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ যুগ্ম–যুগ্ম সংখ্যাৰ গাড়ী চলাচলৰ নির্দেশনাৰ লগতে পূর্বে প্রকাশ কৰা আন সকলো নিয়ম প্রযোজ্য থাকিব৷ পূর্বৰ দৰে এইবাৰো অত্যাৱশ্যকীয় সামগ্রী বিক্রেতা আৰু খাদ্য–সামগ্রীৰ প্রতিষ্ঠানৰ কর্মচাৰীসকলক সান্ধ্য আইন আৰু যুগ্ম–যুগ্ম সংখ্যাৰ পৰা ৰেহাই দিয়া হৈছে৷ পৰৱর্তী নির্দেশ জাৰি নকৰা পর্যন্ত এই নীতি–নিয়ম বাহাল থাকিব৷

উল্লেখ্য যে যোৱা ১২ মে’ত জাৰি কৰা নিয়ম অনুসৰি ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয়ে এক বজালৈ নিজৰ চৌহদৰ ভিতৰত গ্রাহকক খাদ্য পৰিৱেশন কৰাৰ যি নিয়ম আছিল, সেয়া এতিয়া ১১ বজালৈ হ্রাস কৰা হৈছে৷

ইফালে পূর্বে জাৰি কৰা অনুসৰিয়েই আন আন ক্ষেত্রত নীতি–নির্দেশনা প্রযোজ্য হ’ব৷ সেইমর্মে কোনো অঞ্চলত ক’ভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ ৫ শতাংশ বা তাতকৈ বেছি হয়, তেনে অঞ্চলসমূহ জিলা উপায়ুক্তই কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰিব৷ বিবাহ অনুষ্ঠানৰ ক্ষেত্রত কেৱল নিজৰ ঘৰৰ ভিতৰত ১০জনৰ উপস্থিতিৰে সম্পন্ন কৰিব পাৰিব৷ অন্ত্যেষ্টিক্রিয়াৰ বাবেও কেৱল ১০জনৰ উপস্থিতিৰ অনুমতি থাকিব৷ সকলো ৰাজহুৱা পৰিবহণ ব্যৱস্থাত মুঠ আসনৰ কেৱল ৩০ শতাংশ যাত্রীহে কঢ়িয়াব পাৰিব৷ অটোৰিক্সা, চাইকেল ৰিক্সা আৰু টেক্সিত এজন চালক আৰু দুজন যাত্রী যাব পাৰিব৷ দুচকীয়া বাহনত মাত্র এজন যাব পাৰিব৷ শিশু আৰু মহিলাৰ ক্ষেত্রত এই বাধা প্রযোজ্য নহ’ব৷ সেইদৰে চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫ বজাৰ পৰা দিনৰ ১২ বজালৈ যুগ্ম–যুগ্ম হিচাপত চলাব পাৰিব৷ এই ব্যৱস্থাত সংশ্লিষ্ট জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে নির্দেশ জাৰি কৰিব৷ কেৱল জৰুৰীকালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহন আৰু খাদ্য–সামগ্রীৰ দোকানৰ কর্মচাৰীক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব৷ চহৰাঞ্চলত আবেলি ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা–ফুৰা সম্পূর্ণ বন্ধ থাকিব৷

You might also like