বৃহস্পতিবাৰৰ পৰা নতুন এছঅ’পিঃ দেওবাৰে ক’ভিড পজিটিভ ১,৩২৯
নিয়মীয়া বাৰ্তা, ১৯ জুলাই: ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ ওপৰত আলোচনা কৰি দেওবাৰে চৰকাৰে নতুন এছ অ’ পি চূড়ান্ত কৰিব৷ অৱশ্যে চৰকাৰে নতুন এছ অ’ পি চূড়ান্ত কৰিলেও এই এছ অ’ পি অহা বৃহস্পতিবাৰৰ পৰাহে ৰাজ্যত কার্যকৰী হ’ব৷ কালি বঢ়মপুৰত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
উল্লেখ্য যে সামগ্রিকভাৱে ৰাজ্যৰ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নত হৈছে যদিও গোলাঘাট–যোৰহাটকে ধৰি ৭খন জিলাৰ পৰিস্থিতিক লৈ চৰকাৰ যথেষ্ট উদ্বিগ্ন হৈ আছে৷ কালি গোলাঘাটত মুখ্যমন্ত্রী ড০ শর্মাই সেই কথা প্রকাশ কৰি ৰাজ্যখনত ক’ভিড আক্রান্তৰ সংখ্য ১৭০০লৈ নিম্নগামী হৈছে যদিও ইয়াৰে ৫০ শতাংশ আক্রান্ত উক্ত ৭খন জিলাৰ পৰাই আহি আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দেওবাৰে চৰকাৰে নতুন এছ অ’ পিৰ বাবে বৈঠক অনুষ্ঠিত কৰিব বুলি প্রকাশ কৰে৷ বঢ়মপুৰত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ চৰকাৰে নতুন এছ অ’ পি সম্পর্কত বৈঠক অনুষ্ঠিত কৰি এছ অ’ পি চূড়ান্ত কৰিব বুলি স্পষ্ট কৰি দিয়ে৷ অৱশ্যে চৰকাৰে আজি চূড়ান্ত কৰিবলগীয়া এছ অ’ পি অহা বৃহস্পতিবাৰৰ পৰাহে কার্যকৰী হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই ভাষ্যৰ লগে লগে অহা বুধবাৰ পর্যন্ত বর্তমান প্রচলিত এছ অ’ পি অনুসৰিয়েই বাধ্য–বাধকতাসমূহ অব্যাহত থকাটো স্পষ্ট হৈ পৰিছে৷
ৰাজ্যত নতুনকৈ ক’ভিড পজিটিভ ১,৩২৯: প্রাণহানি ১৫ জনৰ
ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,৩২৯জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৭৯জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ১০১জন, লখিমপুৰৰ ৯৮জন আৰু ডিব্রুগড়ৰ ৯৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ৭১,৫৪৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.৮৬ শতাংশ৷ দেওবাৰে ক’ভিডত মৃত্যু হৈছে ১৫জন লোকৰ৷ ইয়াৰে দুজনকৈ লোক চৰাইদেউ–কামৰূপ মহানগৰ–শিৱসাগৰ জিলাৰ৷ একে সময়তে বৰপেটা–বাক্সা–বিশ্বনাথত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ দেওবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ২,২৭৭জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৬,৪৬৮জন৷