ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ সন্মুখত বিশ্বকাপত আজি নিউজিলেণ্ড
বিশেষ বাৰ্তা, ৫ অক্টোবৰঃ আজিৰে পৰা বিশ্বকাপৰ মহাৰণ। বিশ্বকাপৰ আজি উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে নিউজিলেণ্ডৰ বিপক্ষে৷ মেচখনত ২০১৯ চনৰ আই চি চি এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখনৰ পুনৰাবৃত্তি ঘটাৰ সম্ভাৱনা আছে৷ কিয়নো, ২০১৯ চনত নিউজিলেণ্ডক পৰাস্ত কৰি ইংলেণ্ডে বিশ্বকাপৰ খিতাপ জয় কৰিছিল৷ ডিফেণ্ডিং চেম্পিয়ন ইংৰাজ বাহিনীয়ে কাইলৈৰ উদ্বোধনী মেচখনত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত প্রত্যয়জনক আৰম্ভণি কৰিব বিচাৰিছে৷ বর্তমান দলটোৰ আটাইকেইগৰাকী খেলুৱৈ দুর্দান্ত ফর্মত আছে৷ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ প্রত্যাৱর্তনে দলটোৰ মিডল অর্ডাৰৰ শক্তি বহুখিনি বৃদ্ধি কৰি তুলিব৷ ইংলেণ্ডে বিশ্বকাপৰ ৱার্মআপ মেচত সুন্দৰ প্রদর্শন দাঙি ধৰি প্রতিযোগিতাখনৰ বাবে সাজু হোৱাৰ ইংগিত দিছে৷ ইপিনে কেন উইলিয়ামছনৰ অনুপস্থিতিয়ে কাইলৈৰ মেচখনত নিউজিলেণ্ড দলক কিছু পৰিমাণে চাপত ৰাখিব৷ আঘাতৰ পৰা সম্পূর্ণৰূপে সুস্থ হৈ নুঠা উইলিয়ামছনে কাইলৈ ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া মেচখনত অংশগ্রহণ কৰিব নোৱাৰিব৷ উইলিয়ামছনৰ অনুপস্থিতিত ট’ম লাথামে কাইলৈ কিৱি দলটোক নেতৃত্ব দিব৷ ইফালে তাৰকা পেচ বলাৰ টিম ছাউদিয়েও কাইলৈৰ মেচখনত অংশ ল’ব নোৱাৰিব৷ খেলৰ সময়ঃ দিনৰ ২ বজা৷