নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্ৰে সলনি হ’ব APCCৰ সভাপতিঃ ৰূপজ্যোতি কুৰ্মী

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ APCCৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে বিষোদগাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে সলনি হ’ব সভাপতি। আমি শীঘ্ৰে নতুন এগৰাকী সভাপতি পাম বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

২০২১ৰ নতুন বছৰৰ নতুন সপ্তাহতে আমি এজন নতুন সভাপতি পাম। নতুন উদ্যমৰে আগবাঢ়ি যাম। এনে পৰিকল্পনাৰে আমি আগবাঢ়ি আছো। AICC-এ এই বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলিও মন্তব্য কৰে বিধায়ক কুৰ্মীয়ে।

আনহাতে অজন্তা নেওগৰ বিজেপি যোগদানৰ ক্ষেত্ৰটো বিধায়কগৰাকীয়ে কয় যে AIUDF-কংগ্ৰেছৰ মিত্ৰতাৰ বাবেই বিটিছিত বেয়া দশা হ’ল কংগ্ৰেছৰ। সেইবাবেই বিজেপিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে বহু নেতা-কৰ্মীয়ে। শীঘ্ৰে এই মিত্ৰতা ভংগ কৰিব লাগে, বিটিছিতহে মিত্ৰতা হৈছিল আৰু এইটো প্ৰসংগ আগবাঢ়িব নালাগে বুলি মন্তব্য কৰে বুলিও মন্তব্য কৰে কুৰ্মীয়ে।

You might also like