নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰিকেটৰ পৰা কৃষিলৈ… বজাৰত কম দামতে মহেন্দ্ৰ সিং ধোনিয়ে বিকিলে বিলাহী, কবি, কেপচিকাম

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ক্ৰিকেট জীৱনত সুন্দৰ প্ৰদৰ্শনৰ পিছত এইবাৰ কৃষি খণ্ডত দক্ষতা প্ৰদৰ্শনৰ বাবে নামি পৰিছে মহেন্দ্ৰ সিং ধোনি। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতে কৃষি খণ্ডত মনোনিৱেশ কৰা ধোনিৰ জৈৱিক কৃষিৰ ফচলে ইতিমধ্যে পাইছে বজাৰ।

ৰাঁচীৰ বজাৰত উলিয়াই দিয়া জৈৱিক বিলাহী-কবি অতি কম দামত বিক্ৰী কৰিছে ধোনিৰ কৃষি ফাৰ্মৰ কৰ্মচাৰীয়ে। ৰাঁচীৰ বজাৰত ধোনিৰ ফটোসহ সংলগ্ন বেনাৰ আঁৰি কৰ্মচাৰীয়ে ক্ৰিকেটাৰগৰাকীৰ ফাৰ্ম ইজা ফাৰ্ম (EEJA FARM)ৰ ফচলৰ লগতে গাখীৰ তথা কড়কনাথ মুৰ্গীৰ কণীও বিক্ৰী কৰা দেখা গৈছে।

বন্ধাকবি ১০ টকা মূল্যৰ লগতে বিলাহী ৩০ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰা ক্ৰিকেটাৰগৰাকীয়ে জৈৱিক পাচলি অতি কমত মূল্যত বিক্ৰী কৰাত তেওঁ প্ৰথমে বজাৰ দখলৰ উদ্দেশ্যে এনে কৰিছে বুলি বহুতে চৰ্চা কৰিছে।

ক্ৰিকেটৰ দৰে কৃষিতো সামগ্ৰী বিক্ৰীৰ টেকনিক দেখি ৰাঁচীৰ ব্যৱসায়ীৰ মাজত সৰস চৰ্চা যে এইবাৰ কৃষিখণ্ডত দ্বিতীয় ইনিংছ দক্ষতাৰে খেলিব পাৰে ধোনিয়ে। উল্লেখ্য, ৪৩ একৰ ভূমিত কৃষি-কৰ্মত ব্যস্ত থকা ধোনিয়ে বিলাহী, বন্ধাকবি, ফুলকবি, মটৰ, কেপচিকাম আদি পাচলিৰ খেতিৰ লগতে গোপালন আৰু কড়কনাথ মুৰ্গী পালন কৰিছে।

You might also like