🔹 গুৱাহাটীত নৱজাতক ক্রয়–বিক্রয়ৰ ভয়ংকৰ কাণ্ড পোহৰলৈ
বিশেষ বার্তা, ৬ এপ্রিল : নিৰাপত্তা বেহুৰ মাজত থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত নৱজাতক বিক্রীৰ এক ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জন্মৰ পাঁচ দিনৰ পিছতে এটি কন্যা শিশুক জিএমচিএইচত সক্রিয় হৈ থকা দালাল চক্রই আন নিঃসন্তান দম্পতীৰ ওচৰত বিক্রী কৰাৰ দৰে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ জানিব পৰা মতে, জিএমচিএইচত এগৰাকী প্রসূতিয়ে জন্ম দিছিল এটি কন্যা সন্তান৷ ইতিমধ্যে দুটা কন্যা সন্তান থকা মাতৃগৰাকীৰ স্বামীয়ে তৃতীয়টো সন্তানো কন্যা হ’ব বুলি আশা কৰা নাছিল৷ কিন্তু জন্মৰ পিছতে আর্থিকভাৱে দুর্বল পিতৃয়ে হতাশগ্রস্ত হৈ নৱজাতক শিশুটিক এটা সন্তানহীন পৰিয়ালক ২ লাখ টকাৰ বিনিময়ত বিক্রী কৰে৷ এই সমগ্র প্রক্রিয়াটোত মূল ভূমিকা গ্রহণ কৰিছিল জনৈক পি শইকীয়া নামৰ দালালে৷ দুই লাখ টকাৰ বিনিময়ত দালালটোৱে নলবাৰীৰ বেলশৰ থানাৰ অন্তর্গত হেলচাৰ শিক্ষক কুলেন তালুকদাৰ আৰু তেওঁৰ ভাতৃ ভাস্কৰ তালুকদাৰৰ হাতত শিশুটিক গতাই দিছিল৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, বিয়াৰ সাত বছৰৰ পিছতো সন্তানৰ মুখ দেখা নাছিল হেলচাৰ শিক্ষক কুলেন তালুকদাৰ আৰু তেওঁৰ পত্নীয়ে৷ বিভিন্ন চিকিৎসালয়ত বহু চিকিৎসা চলায়ো সন্তানৰ মুখ নেদেখা কুলেন তালুকদাৰে ভৱিষ্যতে সন্তান জন্ম দিব পৰা ক্ষমতা নাই বুলি চিকিৎসকে ঘোষণা কৰাৰ পিছতে এটি সন্তান সেয়া লাগিলে ল’ৰা অথবা ছোৱালী যিয়েই নহওক তুলি লোৱাৰ বাবে ইচ্ছা প্রকাশ কৰিছিল৷ আইনী প্রক্রিয়াৰ মাজেৰে সন্তান এটি তুলি লোৱাৰ বাবে বহু চেষ্টা চলায়ো ব্যর্থ হোৱা কুলেন তালুকদাৰে অৱশেষত ধনৰ বিনিময়ত হ’লেও সন্তান এটি আনৰ পৰা আনি হ’লেও নিজৰ নাম দিয়াৰ বাবে চেষ্টাৰ ত্রুটি কৰা নাছিল৷ জ্যেষ্ঠ ভাতৃৰ এই মর্মবেদনা উপলব্ধি কৰি সহায়ৰ বাবে বহুদিনৰ পৰা চেষ্টা কৰি আছিল মেডিকেল ৰিপ্রেজেণ্টেটিভ হিচাপে কর্মৰত ভাস্কৰ তালুকদাৰে৷ দীর্ঘদিনে ভাস্কৰ তালুকদাৰ কর্মসূত্রে মেডিকেল ৰিপ্রেজেণ্টেটিভ হিচাপে অহা–যোৱা কৰি আছিল৷ জিএমচিএইচত বহু চিকিৎসা কর্মীৰ সৈতে সম্পর্ক ৰক্ষা কৰা ভাস্কৰ তালুকদাৰে বহু দিনৰ পৰাই এটি সন্তান জ্যেষ্ঠ ভাতৃৰ বাবে নিয়াৰ পৰিকল্পনা কৰি আছিল৷ বিনিময়ত মোটা অংকৰ ধন দিয়াৰ লোভ বহুজনক দিছিল৷ দীর্ঘদিনৰ প্রচেষ্টাৰ অন্তত জনৈক পি শইকীয়া নামৰ দালালটোৰ জৰিয়তে ধন আদায় দি যোৱা ৩০ মার্চত ভঙাগড়ৰ নৰকাসুৰ পাহাৰৰ এক নির্জন স্থানত দুখীয়া দম্পতীটোৰ পৰা শিশুটি তেওঁ চমজি লৈছিল৷ কিন্তু অতদিনে সন্তানহীন হৈ থকা কুলেন তালুকদাৰৰ পৰিয়াললৈ এটি নৱজাতক কিদৰে আহিল তাক লৈ গাঁওবাসীৰ মাজত চর্চা চলিবলৈ ধৰে৷ এই সন্দর্ভত গোপন সূত্রৰ খবৰৰ ভিত্তিত শিশু সহায়ক গোটে ঘটনাটোৰ বিষয়ে অৱগত হোৱাত নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তর্গত শোলমাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ সেইমর্মে আৰক্ষীয়ে শিশুটিক যোৱা ১ এপ্রিলত উদ্ধাৰ কৰে৷ অভিযুক্ত শিক্ষক কুলেন তালুকদাৰে পত্নীসহ শিশুটিক আৰক্ষীৰ ওচৰত চমজাই দিয়ে৷ তাৰ পিছতে আৰক্ষীয়ে দুই ভাতৃ ক্রমে কুলেন তালুকদাৰ আৰু ভাস্কৰ তালুকদাৰক গ্রেপ্তাৰ কৰে৷ কিন্তু পৰৱর্তী সময়ত জামিনত দুয়ো ভাতৃয়ে মুকলি হ’বলৈ সক্ষম হয়৷ অৱশ্যে শিশুটিক উদ্ধাৰ কৰিলেও প্রকৃততে শিশুটিৰ পিতৃ–মাতৃৰ প্রকৃত পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই৷ এই সন্দর্ভত ভঙাগড় আৰক্ষীয়ে ৬৩/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ মন কৰিবলগীয়া যে বিগত ১ এপ্রিলতে শিশুটিক উদ্ধাৰ কৰা হৈছিল যদিও চাৰি দিনৰ অন্ততহে সমগ্র বিষয়টো পোহৰলৈ আহে৷ আৰক্ষীয়ে কালি দুপৰীয়াৰ ভাগত অভিযান চলাই দক্ষিণ গাঁৱৰ পৰা এগৰাকী মহিলা দালালক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে দালালগৰাকীৰ সবিশেষ তদন্তৰ স্বার্থত ৰাজহুৱা কৰা নাই যদিও দিছপুৰ থানাত শিশু সৰবৰাহৰ গোচৰত পূর্বতেও উক্ত দালালগৰাকী গ্রেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ঘটনাটোৰ অন্যতম অভিযুক্ত পি শইকীয়া নামৰ দালালটোৰ সন্ধান অব্যাহত ৰাখিছে৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বেও কামৰূপ জিলাৰ কলিতাকুছি নিবাসী এটা পৰিয়ালৰ চিকিৎসাধীন এটি শিশু জিএমচিএইচৰ পৰা নিৰুদ্দেশ হৈছিল৷ এগৰাকী মহিলাই শিশুটিক অপহৰণ কৰি নিছিল৷ অৱশ্যে শিশুটি উদ্ধাৰ হ’ল নে নাই সেয়া আজিলৈ পোহৰলৈ নাহিল৷ ইয়াৰ পিছত কালি পুনৰ উক্ত ঘটনা পোহৰলৈ অহাত উত্তৰ–পূর্বাঞ্চলৰ অন্যতম চিকিৎসা প্রতিষ্ঠান জিএমচিএইচৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্রশ্ণ উত্থাপন হৈছে৷