নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱনিযুক্ত মন্ত্রী প্ৰশান্ত ফুকনক ডিব্ৰুগড়ত আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ ডিব্ৰুগড়ৰ ঝালুকপাৰাস্থিত শ্যামসুন্দৰ চামাৰিয়া ভৱনত মাৰৱাৰী সমাজ ডিব্ৰুগড়ে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনক ৩৪টা সামাজিক সংগঠনৰ দ্বাৰা উষ্ণ আদৰণি জনোৱা হয়। অনুষ্ঠানত প্ৰায় দুকুৰি সংগঠনৰ উস্ম আদৰণি আৰু সম্ভাষণ লাভ কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে, “এই সম্বৰ্ধনা মোৰ জীৱনৰ অন্যতম বিশেষ দিন। ইমান লোকৰ স্নেহ আৰু ভালপোৱা পাই মই অতিকৈ আপ্লুত হৈ পৰিছো।ডিব্ৰুগড়ৰ জনতা, সদায় মোৰ পৰিয়াল হিচাপে স্থান পাই আহিছে আৰু মই তেওঁলোকৰ বাবে সদায়েই উৎসৰ্গিত হৈ থাকিম।আনহাতেদি মন্ত্ৰী ফুকনে ডিব্ৰুগড়বাসীৰ বাবে সমৰ্পিত থকাৰ কথা আশ্বাস প্ৰদান কৰাৰ লগতে নিজৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰি ৰাজ্যৰ প্ৰত্যেক গৰাকী নাগৰিকৰ প্ৰতি সমৰ্পিত হৈ সেৱা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।অনুষ্ঠানত সভাপতিত্ব কৰে সমাজসেৱী জ্যোতিপ্ৰসাদ কানৈয়ে। বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী ফুকনৰ পত্নী জ্যোতি ফুকনৰ লগতে আৰু বহুতো গণ্য মান্য ব্যক্তি।অনুষ্ঠানটোৰ আঁত ধৰি বিশ্বনাথ মাৰৱাৰী দাতব্য ঔষধালয়ৰ সম্পাদক অনিল পোদ্দাৰে কয় যে ডিব্ৰুগড়বাসীৰ বাবে এয়া অত্যন্ত গৌৰৱৰ বিষয়। প্ৰশান্ত ফুকনে ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ দিশত অধিক কাম কৰি যাব বুলি আশা কৰিছোঁ।অনুষ্ঠানত ফুকনক ফুলাম গামোচা, চৰাই, জাপি, আৰু চেলেং চাদৰ দি সম্বৰ্ধনা জনোৱা হয়। শেষত সজ্জন হাৰলালকাই উপস্থিত সকলোকে শলগাৰ শৰাই আগ বঢ়ায়।
প্ৰেৰক বিভাস দুৱৰা
You might also like