নিয়মীয়া বাৰ্তা, ৯ মে’: মৰিগাও জিলাৰ ভিতৰতে স্পৰ্শকাতৰ থানা হিচাপে চিহ্নিত মৈৰাবাৰী আৰক্ষী থানাত অপলতে যোগদান কৰা নবনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক যোৱানিশা মৈৰাবাৰী সাংবাদিক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।অসম গন পৰিষদ দলৰ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত মৈৰাবাৰীত স্থাপিত আৰক্ষী থানাখন অলপতে পৰিদৰ্শক পৰ্যায়লৈ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে উন্নীত কৰিছে। মৈৰাবাৰী অঞ্চলত বিগত সময়ছোৱাত চলি থকা বিভিন্নধৰনৰ অসামাজিক কামকাজ সমুহ নিৰ্মূল কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে থানাখনক উপ পৰিদৰ্শক পৰ্যায়ৰ পৰা পৰিদৰ্শক পৰ্যায়লৈ উন্নীত কৰা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ। মৈৰাবাৰী সাংবাদিক সন্থাই আয়োজন কৰা সম্বৰ্ধনাৰ কাৰ্যসূচীত অঞ্চলটোৰ অগপ, বিজেপি, এআইউডিএফ, স্বেচ্ছাসেৱেী সংগঠন মুছলিম ছাত্ৰ সন্থা,অসম মিঞা অসমীয়া পৰিষদকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জনোৱা হয়।মৈৰাবাৰী থানাত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত এলেকাটোৰ পৰা মদ, ড্ৰাগছ, লিকু আৰু চাইবাৰ ক্ৰাইমকে আদি কৰি বিভিন্নধৰনৰ অসামাজিক কামকাজসমুহ বহু পৰিমানে নিৰ্মূল হব বুলি আশা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে পংকজ দাসে হব মৈৰাবাৰী থানাৰ প্ৰথমজন পৰিদৰ্শক পৰ্যায়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।।
প্ৰেৰক তাৰিকুল ইছলাম