নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্প্ৰীতিৰ চানেকিঃ বিহালীৰ শ’লমাৰীত শিৱ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা

বিশেষ বাৰ্তা, বৰগাং, ১ মাৰ্চ: বিহালী সমষ্টিৰ অন্তৰ্গত শ’লমৰীত নৱ নিৰ্মিত শিৱ মন্দিৰত কালি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সেই উপলক্ষে পুৱাৰে পৰা এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। মূলতঃ অসম চৰকাৰৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ অধীনত প্ৰাপ্ত দুই লাখ টকা অনুদানেৰে নিৰ্মাণৰ কাম আৰম্ভ কৰি পৰৱৰ্তী কালত বিভিন্নজনে স্বেচ্ছাই আগবঢ়োৱা দান-বৰঙণিৰ দ্বাৰা মন্দিৰটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হয়। নিৰ্মাণ সমিতিৰ উপদেষ্টা সদানন্দ দত্ত, সভাপতি বাবুল গোৱালাই জানিব দিয়া মতে, ১৯৮৯ চনত প্রয়াত মনেশ্বৰ নৰহৰ স্মৃতিত পুত্ৰ খগেশ্বৰ নৰহে প্ৰতিষ্ঠা কৰা মন্দিৰটো পিছত ৰাইজক দায়িত্ব অৰ্পণ কৰাত মন্দিৰ ভাগে ক্ৰমান্বয়ে সৰ্বজনীন ৰূপ লয় আৰু ইয়াত অসমীয়া, চাহ জনজাতি, বেংগলী, নেপালী, ভোজপুৰী আদি সম্প্ৰদায়ৰ সকলো জড়িত হৈ পৰে আৰু এক সমন্বয়ৰ স্থলীত পৰিণত হয়। কালি পুৱা বৰগাং নদীৰ পৰা জল যাত্ৰা কৰি গৈ গংগা জল আনায়নৰ দ্বাৰা ঘট জলৰে শিৱ লিংগ স্থাপন কৰি প্ৰাণ প্ৰতিষ্ঠা কৰা হয় আৰু  সমাৰোহত সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিজেপি নেতা দধীৰাম শৰ্মা, বৰজাৰণি পঞ্চায়ত সভানেত্রী বীনা টিংমুংপি, আঞ্চলিক সদস্য ৰাম গোপাল কুর্মী, ৱাৰ্ড সদস্য ধৰ্মেশ্বৰ পাগাগ, আটছা নেতা ভোগীৰথ গোৱালা, মানৱ চাহু জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱাকে ধৰি অগণন ভক্ত প্ৰাণ ৰাইজৰ সমাগম ঘটে।
You might also like