বাৰ্তা ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰঃ অসম বাৰ্তাজীৱী সংঘৰ ২০২৪-২৫ বৰ্ষৰ সাংগঠনিক নিৰ্বাচন কালি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। কালি পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত অসম বাৰ্তাজীৱী সংঘৰ নিৰ্বাচনৰ ফলাফল আজি পুৱা ৪.৩০ বজাত ঘোষণা কৰা হয়। এই নিৰ্বাচনত সংঘৰ কাৰ্যালয় সম্পাদক পদত নিয়মীয়া বাৰ্তাৰ হেমন্ত বৰ্মনে জয়লাভ কৰে। হেমন্ত বৰ্মন নিয়মীয়া বাৰ্তা কাকতৰ আৰ্হিকাকত পৰীক্ষণ বিভাগত কৰ্মৰত। বৰ্মনে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিতুল চাংমাইক ১১৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। হেমন্ত বৰ্মনে ৩৬৯টা ভোট লাভ কৰাৰ বিপৰীতে নিতুল চাংমায়ে ২৫৩টা ভোট লাভ কৰে। স্মৰ্তব্য যে ৰাজ্যখনৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে জন্মলগ্নৰে পৰা মাত মাতি আহিছে অসম বাৰ্তাজীৱী সংঘই। ৰাজ্যখনৰ সাংবাদিকসকলৰ অন্যতম শক্তিশালী তথা প্ৰধান সংগঠনটোৰ সাংগঠনিক নিৰ্বাচনত ৰাজ্যখনৰ ২১খন জিলাৰ সাংবাদিকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। উল্লেখ্য যে জ্যেষ্ঠ সম্পাদক অতুল্য মাধৱ গোস্বামীৰ নেতৃত্বত এই নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰে ক্ৰমে পংকজ কলিতা, সমীন্দ্ৰ ডেকা, হৰেকৃষ্ণ ডেকা, নৰেন্দ্ৰ কুমাৰ গোস্বামী, হেমন্ত তামুলী, ধৰ্মেন্দ্ৰ তামুলী, পংকজ বৈশ্য,অংকুৰ জ্যোতি শৰ্মা আৰু তপন শৰ্মাই।