নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ আক্রান্ত ৬৬৬; মঙলবাৰে ৯গৰাকীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ক’ভিড–১৯ত আক্রান্ত হৈ মঙলবাৰে ৰাজ্যখনৰ ৯গৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে অসমত ক’ভিড–১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮৪গৰাকীলৈ বৃদ্ধি পালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি ক’ভিড–১৯ত আক্রান্ত কামৰূপ মেট্র’ৰ ভাৰতী নন্দী (৬২), শ্বাহাদত আলী (৫৮), সমীৰ কুমাৰ ৰয় (৬০), গোলাঘাটৰ চৈতন্য ফুকন (৪৭), লক্ষেশ্বৰ বৰুৱা (৬০), ডম্বৰু বুঢ়াগোহাঁই (৬৫), তিনিচুকীয়াৰ গুলাপ কানু (৩৫), ৰীণা দাস (৫৫) আৰু বিশ্বনাথৰ ভদ্রেশ্বৰ হাজৰিকা (৭০)ৰ আজি মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

ইপিনে মঙলবাৰে ৰাজ্যখনত নতুনকৈ ৬৬৬গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ১৭৪গৰাকী গুৱাহাটী মহানগৰীৰ৷ মঙলবাৰে  ৩৮,৫৮৫গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ১.৭৩ শতাংশ৷ আনহাতে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ১,২০১গৰাকী লোকক  হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷

মন কৰিবলগীয়া এয়ে যে ৰাজ্যখনত এতিয়ালৈ মুঠ ২,০২,০৭৩গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ১,৭৪,৪১১গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন হাস্পতালত ২৬,৭৭৫গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি বর্তমান অসমত সুস্থতাৰ হাৰ ৮৬.৩১ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১৩.২৫ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৩ শতাংশ৷

You might also like