নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ বিৰুদ্ধে যৌথভাৱে যুঁজৰ ঘোষণা তথাকথিত মহাজোঁটৰ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ এআইইউডিএফ, বাঁওপন্থী দল, চিপিআই, চিপিআই (এম), চিপিআই (এমএল)ৰ পিছত কংগ্রেছৰ মহাজোঁটলৈ আহিল সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা৷ আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বার্থতে উক্ত ৬টা বিৰোধী দল ঐক্যবদ্ধ হ’ল৷ মহাজোঁটৰ দলকেইটাৰ নেতৃত্বই গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন যুটীয়া সংবাদ মেলত এতিয়াৰে পৰা তেওঁলোকে বিজেপিৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়াৰ কথা ঘোষণা কৰে৷ তদুপৰি ‘কা’ বাতিল, এন আৰ চিৰ নামত বিজেপিয়ে চলাই অহা ৰাজনীতি বন্ধ কৰা, আৰক্ষী উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ ন্যায়িক তদন্ত কৰা, কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু পদক্ষেপ আদি উমৈহতীয়া ইছ্যুত এতিয়াৰে পৰা একেলগে ৰাজপথতো আন্দোলনত অৱতীর্ণ হ’ব বুলি ঘোষণা কৰে৷ সংবাদ মেলখনত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে বিজেপিৰ বিৰুদ্ধে গঠিত মহাজোঁট কেৱল ২০২১ চনৰ বিধানসভা নির্বাচনতেই নহয়, যেতিয়ালৈকে বিজেপি উৎখাত নহয়, তেতিয়ালৈ বিৰোধী ঐক্য অব্যাহত থাকিব৷ সেইদৰে অহা বিধানসভা নির্বাচনত বিজেপিয়ে ১০০খন আসন লাভ কৰিব বুলি কৰি অহা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি সভাপতি বৰাই কয় যে বিজেপিয়ে ১০০খন আসন দখল কৰাটো আকাশত চাং পতা কথা৷ এই প্রসংগতে সভাপতি বৰাই কিছুদিন পূর্বে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহাজোঁটে ৩৬টা মান সমষ্টিতহে জিকিব বুলি কৰা মন্তব্যৰ আঁত ধৰি কয় যে সেয়া হ’লেও বিজেপিৰ আসনৰ সংখ্যা ১০০ নহয়৷

আনহাতে, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই শীঘ্রে ‘কা’ ৰূপায়ণ কৰিব বুলি কৰা ঘোষণাত বৰাই তীব্র প্রতিক্রিয়া ব্যক্ত কৰি কয় যে সংবিধানৰ ধর্মনিৰপেক্ষতাৰ পৰিপন্থী, অসমৰ সামগ্রিক জাতীয় জীৱনত প্রত্যাহ্বান সৃষ্টি কৰিব পৰা ‘কা’ মানি লোৱা নহ’ব৷ সেইদৰে উচ্চতম ন্যায়ালয়ক সম্পূর্ণ অন্ধকাৰত ৰাখি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে চূড়ান্ত নাগৰিকপঞ্জীৰ পৰা ডি ভোটাৰৰ নাম কর্তন কৰিবলৈ উপায়ুক্তসকলক দিয়া নির্দেশ অগণতান্ত্রিক, উচ্চতম ন্যায়ালয়ৰ আদেশৰ পৰিপন্থী বুলি অভিযোগ কৰে৷ এনে কার্যৰ দ্বাৰা বিজেপিয়ে এন আৰ চিৰ বিষয়টো ৰাজনৈতিক ইছ্যু কৰি সাম্প্রদায়িক ৰাজনীতি কৰিব বিচাৰিছে৷ একেদৰে আৰক্ষী উপ–পৰিদর্শক নিযুক্তিকে ধৰি বর্তমানৰ চৰকাৰৰ দিনত প্রতিটো নিযুক্তিতে ব্যাপক কেলেংকাৰি হোৱাৰ গুৰুতৰ অভিযোগ কৰি কয় যে উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ আচল সত্য এতিয়াও উদ্ধাৰ হোৱা নাই৷ চৰকাৰে তদন্তৰ গতি লেহেম কৰি ৰাখিছে৷ কেলেংকাৰিটোৰ বাবে আটক হোৱা ব্যক্তিৰ পৰা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত হৈ যোৱা সাক্ষাৎকাৰৰ কাগজ–পত্রও ওলাইছে৷ সেয়ে কংগ্রেছে আৰম্ভণিৰে পৰা এই কেলেংকাৰিৰ তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন কর্মৰত ন্যায়াধীশৰ দ্বাৰা কৰোৱাৰ দাবী কৰি আহিছে৷ তেওঁ আৰু কয় যে এই চৰকাৰৰ দিনত প্রধানমন্ত্রীৰ ফচল বীমা যোজনা, সংখ্যালঘুৰ ছাত্রবৃত্তি, প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ নামত প্রায় ৬,০০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে৷

সংবাদ মেলখনত চিপিআই (এম)ৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱেন ভট্টাচার্যই কয় যে সাম্প্রদায়িক শক্তি বিজেপিক বিদায় দিবৰ বাবেই তেওঁলোক ঐক্যবদ্ধ হৈছে৷ বিজেপিবিৰোধী ভোট যাতে বিভাজন নহয়, তাৰ বাবে তেওঁ আটাইকে আহ্বান জনাই নতুনকৈ গঠিত আঞ্চলিক দলসমূহকো মহাজোঁটত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়৷ আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক সাংসদ অজিত কুমাৰ ভূঞাই কয় যে একনায়কত্ববাদী বিজেপি চৰকাৰক উৎখাত কৰিবৰ বাবে জাতীয় সমস্যা আৰু আঞ্চলিক সমস্যাক অগ্রাধিকাৰ দি কার্যসূচী গ্রহণ কৰিব লাগিব৷ বিজেপিৰ জোলোঙাত কোনো সাফল্যৰ টোপোলা নাই৷ কেৱল মুছলমানৰ বিৰুদ্ধে কৈয়েই ৰাজনীতি কৰি আহিছে৷ তাকো উজনিৰ মুছলমানৰ আগত এটা কয়, নামনিৰ মুছলমানৰ আগত আন এটা কয়৷ উচ্ছেদৰ নামতো চৰকাৰখনৰ দুমুখীয়া নীতিৰ সমালোচনা কৰি ভূঞাই কয় যে এফালে চৰকাৰখনে খিলঞ্জীয়াক উচ্ছেদ কৰি বণিয়াক মাটিৰ আবণ্টন দিছে, আনহাতে খিলঞ্জীয়া ভূমিহীনক মাটিৰ পট্টা দিয়াৰ কথা কয়৷ অহা বিধানসভা নির্বাচনত বিজেপিয়ে ১০০ প্লাছ নহয়, মহাজোঁটৰ আসনহে ১০০ৰ ওপৰত হ’ব বুলি তেওঁ মন্তব্য কৰে৷ চিপিআইৰ ৰাজ্যিক সম্পাদক মুনীন মহন্তই কয় যে অহা বিধানসভা নির্বাচন অসমীয়া জাতিক ৰক্ষা কৰা বনাম অসমীয়া জাতি ধ্বংসৰ নির্বাচন৷ তেওঁ কয় যে মহাজোঁট চৰকাৰ গঠন কৰি বিধানসভাত অসমত ‘কা’ ৰূপায়ণ কৰিব নিদিয়ে বুলি প্রস্তাৱ এটা ল’লেই মোদী চৰকাৰ থমকি ৰ’ব৷

ইপিনে, এআইইউডিএফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামে কয় যে বিজেপিয়ে অসমতো উত্তৰ প্রদেশ, গুজৰাটৰ দৰে সাম্প্রদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে৷ বিজেপিৰ সাম্প্রদায়িক ৰাজনীতি ওফৰাবৰ বাবেই আমি সকলোৱে মহাজোঁটত অংশগ্রহণ কৰিছোঁ৷ চিপিআই (এমএল)ৰ বিবেক দাসে বর্তমানৰ বিজেপি চৰকাৰখনে চাহ জনগোষ্ঠীক চৰম প্রতাৰণা আৰু বঞ্চনা কৰাৰ খতিয়ান দাঙি ধৰে৷

You might also like