মেঘালয়লৈ হনীমুনলৈ অহা স্বামী ৰাজা ৰঘুবংশীক হত্যা পত্নী সোনম ৰঘুবংশী -ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুন : যুগ্ম জীৱনৰ পাতনি মেলি মাত্ৰ ১৩ দিনহে একেলগে থাকিল ৰাজা-সোনম দম্পত্তী। তাৰ পিছত ২৩ মেত উত্তৰ পূবৰ অন্যতম পৰ্যটনস্থলী মেঘালয়লৈ মধুচন্দ্ৰিকালৈ আহি নৱবিবাহিত দম্পতী নিৰুদ্দেশ হোৱাৰ বাতৰি ওলায়। সেই বাতৰিয়ে উত্তৰ-পূব তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জোকাৰণি তুলিছিল। কিন্তু নিৰুদ্দেশ নহয়… তাৰ পিছত বাতৰি আহিল এয়া এক হত্যাকাণ্ড।
Within 7 days a major breakthrough has been achieved by the #meghalayapolice in the Raja murder case … 3 assailants who are from Madhya Pradesh have been arrested, female has surrendered and operation still on to catch 1 more assailant .. well done #meghalayapolice
— Conrad K Sangma (@SangmaConrad) June 9, 2025
সেই ১৩ দিনৰ জীৱনৰ সংগী হোৱা সোনমৰ স্বামী ৰাজা ৰঘুবংশীয়ে প্ৰাণ দিলে হয়তো পত্নীৰে হাতত। লগৰ তিনিজনৰ সৈতে। কিয়নো স্বামী ৰাজাৰ ২ জুনত মৃতদেহ উদ্ধাৰ হৈছিল মেঘালয়ত। আৰু আজি উত্তৰ প্ৰদেশৰ গাজীপুৰত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে সোনম ৰঘুবংশীয়ে।
স্বামী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ পিছত নিৰুদ্দেশ হোৱা সোনম ৰঘুবংশী নামৰ মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশৰ গাজীপুৰত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে। সূত্ৰই জনোৱা মতে, আত্মসমৰ্পণৰ কিছু সময়ৰ পূৰ্বে সোনমে ভাতৃৰ সৈতে যোগাযোগ কৰিছিল।
সোনম ৰঘুবংশীয়েই হত্যা কৰোৱাইছিল স্বামী ৰাজা ৰঘুবংশীক। স্বামীক হত্যা কৰাৰ পিছতে ৰেইনকোট খুলি বাইকত গুচি গৈছিল সোনম ৰঘুবংশী। ২৩ মে’ত ছেৰাপুঞ্জীত হানিমুনৰ বাবে আহিছিল নৱবিবাহিতা দম্পতী। ২ জুন’ত ছেৰাপুঞ্জীৰ দ’ খাৱৈত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ। ইফালে ৰাজাৰ হত্যাত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ। ইফালে সখী ৱানষ্টপ চেন্টাৰত ৰখা হৈছে সোনম ৰঘুবংশীক।
আনহাতে সোনম ৰঘুবংশীৰ পিতৃৰ ভাষ্য অনুসৰি- মেঘালয় পুলিচে মিছা কথা কৈছে, CBIৰ তদন্ত ভালকৈ হ’ব লাগে বুলি দাবী কৰে।
সামাজিক মাধ্যমত Xত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই লিখিছে, “৭ দিনৰ ভিতৰতে ৰাজা হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। মধ্যপ্ৰদেশৰ তিনিজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰিছে, আৰু এতিয়াও এজন আক্ৰমণকাৰীক ধৰিবলৈ অভিযান চলি আছে। ভাল কাম, মেঘালয় আৰক্ষী।”
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী চাংমাই জনসাধাৰণক আশ্বাস দিছিল যে কোনো ত্ৰুটি নাথাকিব যাতে ভুক্তভোগীক ন্যায় প্ৰদান কৰিব পাৰে।
ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা আৰু ক্ষোভৰ সৃষ্টি কৰা এই গোচৰৰ আৰম্ভণি হৈছিল যেতিয়া ২৩ মে’ত হানীমুনৰ সময়ত মেঘালয়ৰ ছোহৰা (চেৰাপুঞ্জী) ভ্ৰমণৰ সময়ত মধ্যপ্ৰদেশৰ দম্পতীহাল নিৰুদ্দেশ হৈছিল। কেইবাদিনো ধৰি তালাচী চলোৱাৰ অন্তত ২ জুনত আৰক্ষীয়ে ৰাজাৰ পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে। আনকি আৰক্ষীৰ দলে সোনমৰো ক্ষতি হ’ব পাৰে বুলি আশংকা কৰি ওচৰৰ অঞ্চলত সোনমৰ মৃতদেহ বিচাৰিও তালাচী চলাইছিল। এক গুৰুত্বপূৰ্ণ নেতৃত্বত কৰ্তৃপক্ষই ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ ওচৰতে তেওঁৰ ৰেইনকোট পৰি থকা অৱস্থাত উদ্ধাৰ কৰি সন্দেহ তীব্ৰতৰ কৰি তুলিছে।
ইয়াৰ পূৰ্বে তদন্তৰ সময়ত স্থানীয় এজন পৰ্যটক গাইডে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছিল। তেওঁ আৰক্ষীক জনোৱা মতে, তেওঁ ৰাজা আৰু সোনমক দেখা পোৱাৰ শেষ দিনটোত দেখা পাইছিল, তেওঁৰ লগত হিন্দী ভাষাত কথা পাতি থকা আন তিনিজন লোককো দেখা পাইছিল।
গাইডজনে কয়, “মহিলাগৰাকীয়ে পিছফালে খোজ কাঢ়ি গৈ আছিল আৰু চাৰিজন মানুহ আগবাঢ়ি গৈছিল। “তেওঁলোকে হিন্দীত কথা পাতি আছিল, কিন্তু মই কেৱল খাচী আৰু ইংৰাজী জানো বাবে তেওঁলোকে কি কৈছে মই বুজিব পৰা নাছিলো।”
এই চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু সোনমৰ হঠাৎ নিৰুদ্দেশৰ ফলত মেঘালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিছিল। কিন্তু মেঘালয় আৰক্ষীৰ অদম্য পদক্ষেপ আৰু একেৰাহে গ্ৰেপ্তাৰৰ ফলত ৰাজ্যখনৰ আইন প্ৰয়োগকাৰী প্ৰচেষ্টা আৰু মেঘালয়ৰ স্বচ্ছ ভাবমূৰ্তিক ন্যায্যতা প্ৰদান কৰা হৈছে।