নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱস পালন

বিশেষ বাৰ্তা, ১৫ মেঃ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি কটন বিশ্ববিদ্যালয়ৰ ছুড্‌মাৰ্ছন প্ৰেক্ষাগৃহত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৬৭সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান ড০ বসুধা গুপ্তাই কয় যে আকাশবাণীয়ে বিশ্বাসযোগ্যতা, সঠিকতা বৰ্তাই ৰাখি বাতৰি পৰিৱেশন কৰি আহিছে আৰু মতামততকৈ বাতৰিতহে গুৰুত্ব প্রদান কৰি আহিছে। গুপ্তাই লগতে নতুন প্রযুক্তি আৰু সময়ৰ প্রত্যাহ্বান গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ আকাশবাণীৰ বাতৰি বিভগৰ বিষয়া কৰ্মচাৰীসকলৰ প্রতি আহ্বান জনায়। তেওঁ কয় যে আকাশবাণীয়ে শিক্ষাৰ ক্ষেত্রত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে আৰু আকাশবাণীৰ শিক্ষামূলক অনুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে। সম্প্রতি আকাশবাণীৰ বাতৰি আৰু অন্যান্য অনুষ্ঠান টুইটাৰ, ইউটিউব, ফে’চবুক ইত্যাদি বিভিন্ন সামাজিক মাধ্যমত উপলব্ধ বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিসকলে আকাশীবাৰ্তা নামৰ এখন স্মৰণিকাও উন্মোচন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান হীৰেন চন্দ্র নাথে কয় যে আকাশবাণী, বিধিবলৱৎকাৰী সংস্থাসমূহৰ বাবে ৰাইজৰ সৈতে যোগাযোগৰ সহজ আৰু ফলপ্রসূ মাধ্যম। অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ আৱাসিক মুখ্য কাৰ্যবাহী প্রশান্ত বৰকাকতিয়ে কয় যে অসমত আকাশবাণীৰ জনপ্ৰিয়তা অটুট আছে আৰু জনসাধাৰণে এতিয়াও গ্ৰহণযোগ্যতা আৰু শুদ্ধতাৰ বাবে আকাশবাণীৰ বাতৰি শুনে। বাঘজানৰ ঘটনাৰ সময়ত জনমানসত অইল ইণ্ডিয়া লিমিটেডৰ ভাবমূৰ্তি গঢ়াৰ ক্ষেত্ৰত আকাশবাণীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও বৰকাকতিয়ে উল্লেখ কৰে। অনুষ্ঠানত গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম ভূমি সা-সম্পত্তি আপীল ন্যায়াধীকৰণৰ সদস্য তথা তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ৰ নিউ মিডিয়া শাখাৰ সঞ্চালক প্রধান ওংকাৰ কেডিয়া আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা প্রমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে আয়োজিত আধুনিক যুগৰ যোগাযোগৰ মাধ্যম হিচাপে আকাশবাণী শীৰ্ষক মত বিনিময় অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত ড০ সমুদ্ৰ গুপ্ত কাশ্যপ, ইউনিচেফৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুৰব্বী মধুলিকা জোনাথন, বণ্যপ্রাণী সংৰক্ষক পূৰ্ণিমা দেৱী বৰ্মন আৰু অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য কাৰ্যবাহী প্রশান্ত বৰকাকতীয়ে ভাগ লয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে ১৯৫৭ চনৰ ১৫ মে’ত বাতৰি প্রচাৰ আৰম্ভ কৰিছিল। জন্মলগ্নৰে পৰা বিভাগটোৱে অসমীয়া ভাষাৰ শুদ্ধতা অটুট ৰাখি নিৰপেক্ষ আৰু যথাৰ্থৰূপত বাতৰি পৰিৱেশন কৰি আহিছে। সম্প্রতি কেন্দ্ৰটোৰ পৰা অসমীয়া ভাষাৰ ৮খন বুলেটিন, ৪8টা এফ এম হেডলাইনছ্‌ৰ লগতে আন বাতৰি পৰিৱেশন কৰা হয়। ইয়াৰ উপৰি প্রতি সপ্তাহত তিনিটা প্ৰাসংগিক বিষয়ত অনুষ্ঠান প্রচাৰ কৰা হয়।

You might also like