নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতৰিকাকতৰ বিল অনাদায় ধুবুৰী জিলা পুথিভঁৰালৰঃ ধন পৰিশোধ নকৰিলে ১০ এপ্ৰিলৰ পৰা বাতৰিকাকত যোগান নধৰাৰ সিদ্ধান্ত স্থানীয় বাতৰিকাকতৰ এজেঞ্চীৰ

নিময়ীয়া বাৰ্তা, ৮ এপ্ৰিলঃ অহা ১০ এপ্ৰিলৰ পৰা ধুবুৰী জিলা পুথিভঁৰালত পঢ়ুৱৈয়ে নাপাব পাৰে বাতৰিকাকত। বিগত প্ৰায় ২ বছৰৰ পৰা বিল নোপোৱাৰ বাবে এই সিদ্ধান্ত লৈছে চহৰখনৰ বাতৰি–কাকতৰ এজেন্সি ‘‘সঞ্চয়িতা’ই। জানিব পৰা মতে, জিলা পুথিভঁৰাল কৰ্তৃপক্ষই বাতৰি–কাকতৰ এজেন্সিটোক আনুমানিক প্ৰায় ৪০ হাজাৰ টকা পৰিশোধ কৰিবলৈ বাকী আছে। এনে প্ৰেক্ষাপটত ১০ এপ্ৰিলৰ পূৰ্বে বকেয়া ধন নাপালে ধুবুৰীৰ জিলা পুথিভঁৰাললৈ বাতৰি–কাকত যোগান ধৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে ‘সঞ্চয়িতা’ই। জানিব পৰা মতে, এজেন্সিটোৱে বৰ্তমানে পুথিভঁৰালক ৮ খনকৈ দৈনিক বাতৰি–কাকত আৰু দুখনকৈ সাপ্তাহিক কাকত যোগান ধৰি আহিছে। ইয়াতে এয়াও উল্লেখ্য যে, প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত ধুবুৰীৰ এই জিলা পুথিভঁৰালৰ প্ৰায় অচলাৱস্থা সদৃশ অৱস্থাৰ উদ্ভৱ হৈছে। এই পুথিভঁৰালত বৰ্তমানে কৰ্মৰত  হৈ আছে মাথো চাৰিগৰাকী কৰ্মচাৰী। এওঁলোকৰ এগৰাকী গ্ৰন্থাগাৰিক, নিম্ন বৰ্গৰ এগৰাকী পিয়ন, এগৰাকী চকিদাৰ আৰু ঝাৰুদাৰ এগৰাকী। জানিব পৰা মতে, দীৰ্ঘ বহু বছৰৰ পৰাই ধুবুৰীৰএই জিলা পুথিভঁৰালত নাই উচ্চ বৰ্গৰ সহায়ক, নিম্ন বৰ্গৰ সহায়ক, সহকাৰী গ্ৰন্থাগাৰিক, কাৰিকৰী সহায়ক, কাউন্টাৰ এটেনডেন্ট আৰু বুক বাইণ্ডাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like