ঘিলামৰাত বিলাসী বাহনত অহা দুৰ্বৃত্তই কাঢ়ি নিলে কাকতৰ টোপোলা
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : আপুনি হয়তো বিভিন্ন সামগ্ৰী চুৰি কৰাৰ খবৰ প্ৰায়েই পাই থাকে। কিন্তু এইবাৰ ঘিলামৰাত পুৱতিনিশাই দুৰ্বৃত্তই কাঢ়ি লৈ গ’ল বহুল প্ৰচাৰিত দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্তা’ৰ কেইবাটাও টোপোলা। বুধবাৰে কাহিলিপুৱা সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ঘিলামৰাস্থিত দেৱ বুক ষ্টল নামৰ কাকত বিক্ৰেতা প্ৰতিষ্ঠানটোৰ সন্মুখৰ পৰাই এখন ক’লা ৰঙৰ স্কৰপিয় বাহনত অহা দুজনীয়া দুৰ্বৃত্তই কাঢ়ি লৈ যায় ‘নিয়মীয়া বাৰ্তা’ ৰ ঢকুৱাখনা, ঘিলামৰা, মাছখোৱা, সোণাৰি চাপৰি আদি অঞ্চললৈ প্ৰেৰণ কৰা কাকতৰ টোপোলা। ফলত কাকতখনৰ বুধবাৰৰ সংখ্যাৰ পৰা বঞ্চিত হয় এটা বৃহৎ অঞ্চলৰ পঢ়ুৱৈ সমাজ। দুৰ্বৃত্তই সংঘটিত কৰা এই ঘটনাকলৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ ডিব্ৰগড় সংস্কৰণৰ কাকত যোগান ধৰা বাহনখনে বুধবাৰে পুৱা ৪ বজাত ঘিলামৰাৰ ‘দেৱ বুক ষ্টল’ নামৰ কাকত বিক্ৰেতা প্ৰতিষ্ঠানখনত উপস্থিত হয়। পূৰ্বৰে পৰা কাকত যোগান ধৰা বাহনখনক অনুসৰণ কৰি অহা কলা ৰঙৰ স্ক’ৰপিঅ বাহনখনত অহা দুজন লোকে সেই সময়তে ‘নিয়মীয়া বাৰ্তা’ৰ ৬টাকৈ টোপোলা বাহনখনৰ কৰ্মচাৰীৰ পৰা কাঢ়ি লৈ ঘটনাস্থলীৰ উধাও হয়। ৫টাকৈ টোপোলাত আছিল ৬০০ৰো অধিক ‘নিয়মীয়া বাৰ্তা’ৰ বাতৰি কাকত। নিয়মীয়া বাৰ্তা’ৰ বানিজ্যিক বিভাগে ঘটনা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি কয় যে, পূৰ্বতেও বহুকেইবাৰ ‘নিয়মীয়া বাৰ্তা’ কাকতৰ টোপোলা চুৰিৰ ঘটনা সংঘটিত হৈছিল যদিও আজিৰ দৰে ঘটনা ক’তো কেতিয়াও ঘটা নাছিল। ইফালে পুৱাই দৈনিক বাতৰি কাকতখন পঢ়িবলৈ নাপাই বহুসংখ্যক পাঠকে কাকত গোষ্ঠীৰ কাৰ্যালয়লৈ ফোন কৰি অৱগত কৰিলে কাকতখন নোপোৱাৰ খবৰ। ইফালে ‘নিয়মীয়া বাৰ্তা’ৰ জনপ্ৰিয়তাত শংকিত হৈয়ে কাকতখনৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে এটা দুষ্ট চক্ৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সঘনাই চুৰি হৈছে ‘নিয়মীয়া বাৰ্তা’ৰ টোপোলা। নিয়মীয়া বাৰ্তা কাকতৰ টোপোলা লৈ যোৱা কাৰ্য প্রকৃততে চুৰি নে এক ষড়যন্ত্র? ইয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
প্ৰেৰক পুলকজ্যোতি বৰা