নিয়মীয়া বাৰ্তা, ১৬ মেঃ গোৱালপাৰাৰ ৰংজুলিত আজি পুৱাতেই কোনো নোহোৱা-নোপজা ঘটনা সংঘটিত হয়। ৰাতি পুৱালেই বাতৰিকাকতখন হাতত লবলৈ নাপালে উচপিচাই থকা পাঠকসকল আজি সম্পূৰ্ণ দিনটোৱে বাতৰিকাকতখন হাতত নোপোৱাকৈ অতিবাহিত কৰিবলগীয়া হয়। প্ৰতিটো পুৱাৰ দৰে আজিও বাতৰিকাকতৰ নিয়মীয়া পাঠকসকলে বাতৰিকাকতৰ এজেঞ্চীলৈ আহে বাতৰিকাকতখন নিবলৈ কিন্তু আজি বাতৰিকাকত এজেঞ্চীলৈ আহি কোনো দিনে নুশুনা কথা শুনি একপ্ৰকাৰ নিৰাশ হব লগা হয় বাতৰিকাকতৰ নিয়মীয়া পাঠকসকল। আজি ৰংজুলিৰ ষ্টুডেণ্টচ পইণ্ট বাতৰি কাকত এজেঞ্চী আৰু কনক ৰয় বাতৰিকাকত এজেঞ্চীৰ সকলো বাতৰি কাকতৰ টোপোলা কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায়। ষ্টুডেণ্টচ পইণ্ট বাতৰিকাকত এজেঞ্চীৰ নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, আসাম ট্ৰিবিউন, ছেণ্টিনেল কাকতৰ আটাইবোৰ কাকতৰ টোপোলা চুৰি হয়। একেদৰে কনক ৰয় বাতৰিকাকত এজেঞ্চীৰো নিয়মীয়া বাৰ্তা, দৈনিক অসম, আমাৰ অসম, অসমীয়া খবৰ, আসাম ট্ৰিবিউন, পূৰ্বাঞ্চল প্ৰহৰী বাতৰিকাকতৰ টোপোলাসমূহ চুৰি হয়। বাতৰিকাকতৰ এই চুৰি কাৰ্যৰ দৰে ঘটনাই ৰংজুলিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে গৰ্হিত কৰ্ম কৰা দুৰ্বৃত্তক একমুখে গৰিহণা দিছে পাঠক সমাজে I
প্ৰেৰক কল্যাণ ৰয়