দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়
; পিতৃ ৱাই ভি চন্দ্রচূড়ো আছিল দেশৰ মুখ্য ন্যায়াধীশ
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ দেশৰ পৰৱর্তী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্রচূড়৷ বর্তমানৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে আজি তেওঁৰ উত্তৰসূৰী হিচাপে সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নাম অনুমোদন জনাই কেন্দ্রলৈ পত্র প্রেৰণ কৰাৰ লগে লগে দেশৰ পৰৱর্তী ন্যায়াধীশ হিচাপে ডি ৱাই চন্দ্রচূড় নিশ্চিত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৱাই ভি চন্দ্রচূড়ৰ সুযোগ্য সন্তান ডি ৱাই চন্দ্রচূড়ৰ ১৯৫৯ চনৰ ১১ নৱেম্বৰত জন্ম হয়৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ আৰু ব’ম্বে উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ হিচাপে অভিজ্ঞতাৰে পুষ্ট ডি ৱাই চন্দ্রচূড়ক ২০১৬ চনৰ ১৩ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি দিয়া হয়৷ নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অর্থনীতি আৰু গণিতত সন্মানসহ স্নাতক ডিগ্রী লৈ দিল্লী বিশ্ববিদ্যালয়ৰ ফেকালিছ অৱ ল’ৰ পৰা আইনৰ স্নাতক ডিগ্রী সম্পূর্ণ কৰি ডি ৱাই চন্দ্রচূড়ে হার্বার্ড ল’ স্কুলৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ হার্বার্ড ল’ স্কুলৰ পৰাই জুৰিডিকেল ছায়েঞ্চত ডক্টৰেট লাভ কৰা চন্দ্রচূড়ে ব’ম্বে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত আইনী সেৱা আগবঢ়োৱাৰ পাছত পর্যায়ক্রমে বিভিন্ন উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ পদবী লাভ কৰি অৱশেষত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰিব৷ উচ্চতম ন্যায়ালয়ৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰিবলৈ আগবঢ়া ডি ৱাই চন্দ্রচূড়ৰ পিতৃ ৱাই ভি চন্দ্রচূড় উচ্চতম ন্যায়ালয়ৰ দীঘলীয়া কার্যকাল ধৰি কার্যনির্বাহ কৰা মুখ্য ন্যায়াধীশ আছিল৷ ভাৰতীয় সংবিধান, সাংবিধানিক আইন, মানৱাধিকাৰ, লিংগ ন্যায়, ৰাজহুৱা স্বার্থজনিত আবেদন, অপৰাধমূলক আইন আৰু বাণিজ্যিক আইনৰ ক্ষেত্রত অনেক নির্ণয়কাৰী ৰায়ৰ সৈতে জড়িত ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়৷