নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন জি টিৰ প্ৰাৰম্ভিক প্ৰতিবেদনঃবাঘজান কাণ্ডৰ ফলত ক্ষতি হ’ল উৰণ- বুৰণ- গজন- ভ্ৰমণ চাৰিমুঠি জীৱৰ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ বাঘজানৰ ৫ নং খাদত সংঘটিত হোৱা প্ৰাকৃতিক গেছ আৰু কণ্ডেনছেট নিৰ্গমন আৰু অগ্নিকাণ্ডৰ ঘটনাৰ ফলত বাঘজানৰ লগতে মাত্ৰ ৯০০ মিটাৰ দুৰত্বত অৱস্থিত ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তলত এক্সটেণ্ডেড ৰিচ্চ ড্ৰিলিং (ই আৰ ডি) কিম্বা হৰাইজেন ড্ৰিলিং কৰাটো এতিয়া অতি বিপদজনক হ’ব৷ কাৰণ বাঘজানৰ ঘটনাটোৰ ফলত কাষৰীয়া এক বৃহৎ অঞ্চলৰ ‘ছইল কম্পেকচন ডেমেজ’ হোৱাটো প্ৰায় নিশ্চিত৷ এই মন্তব্য খনি বিশেষজ্ঞ সমুদ্ৰজিৎ গোহাঁইৰ। তেওঁৰ মতে কাষৰীয়া অঞ্চলৰ গছবোৰ অতি সাধাৰণ বতাহতে বাগৰি পৰিব৷ তেনেস্থলত ডিব্ৰু- ছৈখোৱাৰ ভূগৰ্ভত যদি ই আৰ ডি কৰা হয়, তেন্তে মাটিৰ দৃঢ়তা ধ্বংস অধিক বৃদ্ধি পাব৷ ইতিমধ্যে বাঘজান কাণ্ডৰ ফলত হোৱা ছইল কম্পেকচন ডেমেজৰ ফলত কাষৰীয়া অঞ্চলত অভূতপূৰ্বভাৱে গৰাখহনীয়া বৃদ্ধি পাব৷ যাৰ বাবে যিকোনো প্ৰকাৰে ডিব্ৰু ছৈখোৱাৰ তলত অইলৰ ই আৰ ডি অভিযান চলোৱাৰ পৰিকল্পনা প্ৰতিহত কৰিব লাগিব৷ তেওঁ আৰু কয় যে বাঘজান অঞ্চলত চলোৱা ভূকম্পন অধ্যয়নৰ তৰংগৰ দৈৰ্ঘ্যতাৰ সতে ২০০১/ ০২ মানত কৰা অধ্যয়নৰ তৰংগৰ দৈৰ্ঘ্যতা তুলনা কৰিলেই ছইল কম্পেকচন ডেমেজৰ কথাটো পৰিস্কাৰকৈ ওলাই পৰিব৷ এতিয়াৰ অধ্যয়নত তৰংগৰ দৈৰ্ঘ্যতা নিশ্চিতভাৱে বৃৃদ্ধি পৰিলক্ষিত হ’ব৷ ইফালে যোৱা ২৪ জুলাইত দাখিল কৰা এন জি টিৰ তদন্তকাৰী দলৰ প্ৰতিবেদনতো ব্ল’আউট আৰু অগ্নিকাণ্ডৰ ফলত পৰিৱেশৰ ওপৰত পৰা কুপ্ৰভাৱ সম্পৰ্কে স্পষ্টকৈ উল্লেখ কৰিছে। ডব্লিউ আই আইৰ বিশ্লেষণ দাঙি ধৰি প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ জৈৱ- বৈচিত্ৰ্য প্ৰচণ্ডভাৱে ধ্বংসপ্ৰাপ্ত হৈছে। প’লিচাইক্লিক এৰ’নেটিক হাইড্ৰকাৰ্বনৰ প্ৰদূষণৰ বাবে দীৰ্ঘকালৰ বাবে ব্যাঘাত হ’ব পাৰিপাৰ্শ্বিক ব্যৱস্থা। ভাৰত বা বিশ্বৰ অন্যান্য ঠাইৰ অধ্যয়নতকৈ পি এ এইচৰ পৰিমাণ ইয়াত অত্যধিক। বিশ্বৰ অন্যান্য ঠাইত কৰা পূৰ্বৰ পৰীক্ষা- নিৰীক্ষাতকৈ ১০- ১০০ গুণ অধিক পি এ এইচ ধৰা পৰিছে মাগুৰি মতাপুং বিল (ৱেট লেণ্ড)ৰ মাছত। ই ভূমি আৰু পানী প্ৰদূষিত কৰিছে। বিষাক্ত তেলৰ দ্বাৰা প্ৰদূষিত হৈ পৰা অঞ্চলটোৰ শিহুকে ধৰি মাছ, কাছ, কীট- পটঙ্গ, সৰীসৃপ আদিৰ মাজত মৰণশীলতাৰ হাৰ বৃদ্ধি পাইছে। অইল ব্ল’আউটৰ পাছত গংগেটিক ডলফিনৰ প্ৰতিৰোধী ক্ষমতাৰ হাৰ ৮৯ শতাংশলৈ হ্ৰাস পালে। লোহিত, ডিব্ৰু নৈ আৰু মাগুৰি মতাপুং বিলৰ অক্সিজেন মিশ্ৰণৰ সীমা ব্ৰহ্মপুত্ৰৰ ন্যূনতম নথিভূক্ত পৰিমাণ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ‘এ’ শ্ৰেণীভূক্ত পৰ্যায়তকৈ নিম্ন পোৱা গৈছে। যাৰ ফলত মাগুৰি মতাপুং বিলৰ বৃহৎ পৰিমাণৰ প্ৰাণীকুলৰ মৃত্যু ঘটিছে। ডব্লিউ আই আইৰ ডঃ ৰঞ্জিৎ কুমাৰ দাসৰ মতামতৰ উদ্ধৃতি দি কোৱা হৈছে যে ২৫ মে’ৰ পৰা ৮ জুনৰ সময়ছোৱাত ক’ণ্ডেনছেটৰ সতে নিৰ্গত হোৱা বিষাক্ত গেছে বিস্তৰ ক্ষতি সাধন কৰিছে। যাৰ ফলত গ্ৰাছ লেণ্ড আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থা আই ইউ চি এনৰ ‘ৰেড ডাটা বুক’ত সন্নিৱিষ্ট দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই-চিৰিকটি যেনে স্বাম্প ফ্ৰেঙ্কলিন, মাৰ্ছ বেবলাৰ, জেৰ্ডনছ বেবলাৰ, ব্লেক ব্ৰিষ্টেড পেৰ’টবিল, স্বাম্প প্ৰিণিয়া আদিয়ে বংশবিস্তাৰৰ ক্ষমতা হেৰুৱাই পেলাইছে।

You might also like