নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা (স্বাঃ)ই অপহৰণ কৰা প্ৰকাশ ছেত্ৰীক মুক্তিৰ দাবীত প্ৰতিবাদ, ৩১৫নং ৰাষ্ট্ৰীয় পথ অৱৰোধ

নিয়মীয়া  বাৰ্তা, ২৪ মাৰ্চ : মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত  জাগুনত  আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ধন দাবী আৰু অপহৰণেৰে   জনসাধাৰণৰ জীৱনলৈ চৰম ভাবুকিৰ সৃষ্টি কৰা সংযুক্ত  মুক্তি বাহিনী ওৰফে আলফাৰ বিৰুদ্ধে আজি জাগুনত  ৩১৫ নং ৰাষ্ট্ৰীয়  ঘাইপথ অৱৰোধেৰে বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী হাতত লোৱা দেখা যায়। উল্লেখ্য যে যোৱা ১৮ ডিচেম্বৰত জাগুনৰ ৯ মাইলৰ এটি  ব্যক্তিগত শিল ভঙা উদ্যোগৰ পৰা ৮ জনীয়া অস্ত্ৰধাৰী  সন্দেহজনক আলফা সদস্যৰ এটা দলে প্ৰকাশ চেত্ৰী নামৰ এজন শ্ৰমিকক অপহৰণ কৰি নিছিল।

🔴 ‘হাতত জেওৰা লৈ সদনলৈ আহি অসম বিধানসভাৰ ইতিহাসত কেতিয়াও নঘটা কাণ্ড সংঘটিত কৰিলে AIUDFৰ মুছলমান বিধায়কে। এই ঘটনাই ম্লান কৰিছে সদনৰ গৰিমা।’ 👉 জেওৰা লৈ সদনলৈ অহা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

স্থানীয়  ব্যৱসায়ী কৃষ্ণ ছেত্ৰীৰ  শিল ভঙা উদ্যোগৰ পৰা  ১৮ ডিচেম্বৰ পুৱা ১০ বজাত অপহৰণ কৰি লৈ যোৱাৰ আজি প্ৰায় ৩ মাহতকৈ অধিক  দিন অতিক্ৰম কৰাৰ পিছতো যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত চৰম অনিশ্চয়তাত ভূগিছে পৰিয়ালবৰ্গ৷ ইফালে এই ঘটনাৰ পিছত অপহৃত প্ৰকাশ চেত্ৰীক আলফাৰ কবলৰ পৰা মুক্ত কৰা বাবে উদ্যোগটৌৰ  স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ তুলি আজি জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেইবা শ স্থানীয়  পুৰুষ-মহিলাই ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অপহৃত প্ৰকাশ ছেত্ৰীৰ পত্নীয়ে জিলা প্ৰশাসনক দোষাৰোপ কৰি কয় যে তেওঁৰ স্বামীৰ অপহৰণ কাণ্ডৰ তিনি মাহ দিন অতিক্ৰম কৰিলে যদিও আজি পৰ্যন্ত জিলা আৰক্ষীয়ে কোনো ধৰণৰ  খবৰ  কৰাৰ পৰা বিৰত থকাত এওঁলোক খৰ্গহস্ত  হৈ পৰা দেখা যায়। প্ৰায় দুঘণ্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথটি অৱৰোধ হৈ থকাত সমগ্ৰ অঞ্চলটিৰ  যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে। বিশেষকৈ অৰুণাচলৰ পৰা অসম অভিমুখে অহা যাত্ৰীসকলে অধিক জিয়াতু ভূগিবলগীয়া হয়। অৱশেষত ঘটনাস্থলীত মহকুমা দণ্ডাধীশ উপস্থিত হৈ অতি কম সময়ৰ ভিতৰত অপহৃত প্ৰকাশ ছেত্ৰীক উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত অৱৰোধকাৰী সকলে পথ অৱৰোধ উঠাই লয়।

লগতে পঢ়ক দেশৰ ৰেল নেটৱৰ্কেৰে সংযুক্ত ইম্ফল, ৰেলমন্ত্ৰীৰ টুইট

প্ৰেৰক হেমন্ত গগৈ

You might also like