নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা যোৰাবাট অংশৰ কাষেৰে যান-জঁটৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) হাতত অব্যাহত থকা পিকিউচি পেনেল প্লেচমেণ্টৰ কামৰ বাবে, আৰু বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে এই কাম সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা বিবেচনা কৰি, উজনি অসম আৰু মেঘালয়ৰ পৰা যোৰাবাট হৈ গুৱাহাটীলৈ অহা যাত্ৰীসকলৰ স্বাৰ্থত এই পৰামৰ্শ জাৰি কৰা হৈছে। সেই অনুসৰি যান-বাহন ব্যৱস্থাপনাৰ উপযুক্ত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।
১. উজনি অসম ফালৰ পৰা গুৱাহাটী অভিমুখে অহা সকলো সামগ্ৰী কঢ়িওৱা বাহন কলিয়াবৰ তিনিআলিত ডাইভাৰ্ট কৰা হ’ব। কলিয়াবৰ তিনিআলি-শোণিতপুৰ-দৰং-বাইহাটা চাৰিআলি এই পথেৰে যাব লাগিব।
২.নগাঁও/ মৰিগাঁও /মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে অহা সকলো সামগ্ৰী কঢ়িওৱা বাহন গুৱাহাটী চহৰৰ সীমাৰ ভিতৰত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰতহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব।
৩.উজনি অসমৰ ফালৰ পৰা অহা সকলো এল এম ভিয়ে মূল্যৱান সময় ৰাহি কৰিবলৈ তলত দিয়া বিকল্প পথসমূহ ব্যৱহাৰ কৰিব পাৰে:
(ক) ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু পইণ্ট-ডিগাৰু তিনিআলি-আমছিং যোৰাবাট-সেনা শিবিৰ-পাথৰকোৱেৰী
(খ) ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু পইণ্ট-ডিগাৰু তিনিআলি-চন্দ্ৰপুৰ-পানীখাইতী-নাৰেংগী
(গ) চতমা-মায়ং-চন্দ্ৰপুৰ-পানীখাইতি-নাৰেংগী
(ঘ) জাগীৰোড-মায়ং-চন্দ্ৰপুৰ-পানীখাইতী-নাৰেংগী