২০২২ত আৰম্ভ গেৰুকামুখ প্রকল্পৰ উৎপাদনঃ পুনৰ ৰাজপথলৈ ওলাল প্রতিবাদী জনতা
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: অসমবাসীৰ জনমতক নস্যাৎ কৰি গেৰুকামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন প্রক্রিয়া অহা ২০২২ বর্ষৰ আগষ্ট মাহৰ পৰা আৰম্ভ কৰাৰ কথা কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে ঘোষণা কৰাৰ পাছতে ৰাজ্যত ক্ষোভৰ জুই জ্বলি উঠিছে৷ পুনৰ প্রতিবাদমুখৰ হৈ পৰিছে বৃহৎ নদীবান্ধবিৰোধী বিভিন্ন জাতীয় দল–সংগঠন৷ অকল সেয়াই নহয়, নামনি অংশৰ লখিমপুৰ, ধেমাজি, বিশ্বনাথ আদি জিলাকে ধৰি উত্তৰ অসমৰ বাবে ‘জলবোমা’সদৃশ গেৰুকামুখ প্রকল্প যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰাৰ দাবীৰে কালিৰ দিনটোত অসমৰ জনতা আকৌ ৰাজপথলৈ ওলাই আহিল৷ প্রধানতঃ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তক বিগত সময়ছোৱাত নদীবান্ধবিৰোধী স্থিতিত অটল থকা দল–সংগঠনসমূহে মানি ল’ব পৰা নাই৷ বিশেষকৈ কালি কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে কৰা ঘোষণাৰ পাছতে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্র সন্থা (আছু)৷
বিষয়টো সন্দর্ভত আছুৰ বক্তব্য– জলবোমাসদৃশ নামনি সোৱণশিৰি প্রকল্পটো নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্রতি ভাবুকি হৈ থকাৰ সময়তে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙৰ মন্তব্যই পুনৰ প্রমাণ কৰিলে, দিল্লীৰ কেন্দ্রীয় চৰকাৰৰ চকু অসমৰ সম্পদৰ ওপৰতহে৷ জনসাধাৰণৰ জীৱন আৰু সমস্যাৰ প্রতি নহয়৷ জনসাধাৰণৰ নিৰাপত্তাৰ বাবে আন্দোলনৰ গত্যন্তৰ নাই৷ আছুৱে কেন্দ্র আৰু ৰাজ্য উভয় চৰকাৰক অসমৰ বিশেষজ্ঞ সমিতি তথা অসমৰ বিশেষজ্ঞৰ যুক্তিৰ সন্মুখীন হ’বলৈ প্রত্যাহ্বান জনাইছে৷
ছাত্র সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই প্রসংগত কয় যে অসমৰ বিশেষজ্ঞ সমিতিয়ে ভূকম্পপ্রৱণ এলেকাত বৃহৎ নদীবান্ধ নির্মাণ হ’ব নালাগে বুলি স্পষ্ট মত আগবঢ়াইছে৷ ভূকম্পপ্রৱণ এলেকাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উচ্চতা আৰু ক্ষমতা হ্রাস কৰি নতুন নক্সা প্রস্তুত কৰিবলৈও বিশেষজ্ঞ সমিতিয়ে অনুমোদন দিছে৷ অসম বিধানসভাই গঠন কৰা সমিতিয়েও বিশেষজ্ঞ সমিতিৰ এই পৰামর্শৰ সপক্ষে মত আগবঢ়াইছে৷ চৰকাৰে ভাল পোৱা কথা নোকোৱাৰ পৰিৱর্তে বিজ্ঞানৰ কথা কোৱা বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিশেষজ্ঞ সমিতিৰ প্রতিবেদন কার্যকৰী নকৰিলে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহৎ নদীবান্ধৰ পৰিৱর্তে সৰু সৰু বান্ধৰ পোষকতা কৰি পাছিঘাটত ৰাজহুৱা বক্তব্য আগবঢ়াইছিল৷ সেই সময়ৰ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি ৰাজনাথ সিঙৰ নেতৃত্বত গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প বন্ধৰ দাবীত আন্দোলন কৰা হৈছিল৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে দিল্লীত শাসনত বহাৰ পাছত ৰাজ্য চৰকাৰ, আছু–৩০টা জনগোষ্ঠীয় সংগঠন, আন আন আন্দোলনকাৰী সংগঠন, অসমৰ বিশেষজ্ঞ সমিতি আৰু আন আন বিশেষজ্ঞৰ সৈতে অনুষ্ঠিত ত্রিপাক্ষিক আলোচনাত কেন্দ্রীয় চৰকাৰৰ চাৰিজন আৰু অসমৰ চাৰিজন বিশেষজ্ঞক লৈ গঠন কৰা হৈছিল এখন আঠজনীয়া বিশেষজ্ঞ সমিতি৷ এই বিশেষজ্ঞ সমিতিয়ে দুখনকৈ প্রতিবেদন প্রস্তুত কৰিলে৷
কেন্দ্রীয় চৰকাৰৰ বিশেষজ্ঞই অসমৰ বিশেষজ্ঞৰ যুক্তি খণ্ডন কৰিব নোৱাৰিলে৷ ফলত দিল্লীৰ বিশেষজ্ঞই এখন আৰু অসমৰ বিশেষজ্ঞই আন এখন প্রতিবেদন দাখিল কৰিলে৷ পিছে প্রতিবেদন দাখিল কৰাৰ পাছত প্রতিশ্রুতি অনুসৰি কেন্দ্রীয় চৰকাৰে ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আছুৰ শীর্ষ নেতাদ্বয়ে৷ ভূটানৰ কুৰিশ্বু বান্ধ আৰু ৰঙানদী বান্ধৰ পানী এৰি দিয়াৰ ফলত নামনি অংশত বসবাস কৰা জনসাধাৰণে সন্মুখীন হোৱা পৰিস্থিতিৰ পাছত বৃহৎ নদীবান্ধৰ অপকাৰিতা ৰাইজে দেখা পোৱাৰ কথা উল্লেখ কৰি নাথ আৰু বৰুৱাই পুনৰ কয় যে কেন্দ্রীয় চৰকাৰৰ চকু কেৱল অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ সম্পদৰ ওপৰতহে৷ জনসাধাৰণৰ সমস্যা সমাধানৰ ওপৰত নহয়৷ ৰাজ্য চৰকাৰেও অসমৰ স্বার্থ ৰক্ষা কৰিব পৰাকৈ পদক্ষেপ গ্রহণত ব্যর্থ হৈছে৷ আছু উন্নয়নবিৰোধী নহয়, উন্নয়নৰ বাবে বিদ্যুৎ লাগিব৷ কিন্তু যি বৃহৎ নদীবান্ধে জনসাধাৰণৰ জীৱন–সম্পত্তিৰ লগতে সভ্যতা নিঃশেষ কৰিব, তেনে বৃহৎ নদীবান্ধ হ’ব নালাগিব৷ সৰু সৰু প্রকল্পৰহে প্রয়োজন৷ শেহতীয়াকৈ বিজ্ঞানসন্মত অধ্যয়ন নকৰাকৈ কেন্দ্রীয় চৰকাৰে দিবাং আৰু লয়াৰ ডেমৱে বৃহৎ নদীবান্ধৰ নির্মাণ কৰিব বিচৰা কার্যই অসমক অন্যায় কৰিব৷ অসমৰ স্বার্থৰ পৰিপন্থী যিকোনো কার্যৰ বিৰোধিতা কৰি যাব বুলিও হুংকাৰ দিয়ে আছুৱে৷
ইফালে, গেৰুকামুখ প্রকল্পবিৰোধী আন্দোলনক দীর্ঘদিন নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রাক্তন শীর্ষনেতা তথা ৰাইজৰ দলৰ বর্তমানৰ সভাপতি বিধায়ক অখিল গগৈয়েও কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙৰ ঘোষণাক তীক্ষ্ণ সমালোচনা কৰিছে৷ বৃহৎ নদীবান্ধটোৰ দুটাকৈ ইউনিটৰ জৰিয়তে অহা আগষ্ট মাহৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনকার্য আৰম্ভ হ’ব বুলি কেন্দ্রীয় শক্তিমন্ত্রীজনে কৰা ঘোষণাক অসমবাসীৰ বাবে ভয়ংকৰ খবৰ আখ্যা দিছে বিধায়ক গগৈয়ে৷ আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অসমবাসীৰ দাবী–আন্দোলনক নস্যাৎ কৰি কেন্দ্রীয় চৰকাৰে একপক্ষীয় সিদ্ধান্ত লৈছে৷ কেন্দ্রৰ এই প্রকল্পটোৱে অৰুণাচলৰ প্রস্তাৱিত ১৪৮টা নদীবান্ধৰ বাট মুকলি কৰিব৷ কৃষক মুক্তি সংগ্রাম সমিতিয়ে বিষয়টো সন্দর্ভত আলোচনাৰ বাবে পৰামর্শ দিয়াৰ কথা জানিবলৈ দি তেওঁ পুনৰ কয় যে অচিৰেই কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্র মুক্তি সংগ্রাম সমিতি আৰু ৰাইজৰ দলে নামনিৰ জনসাধাৰণৰ জীৱন ধ্বংস কৰিবলগীয়া প্রকল্পটোৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ সন্দর্ভত সিদ্ধান্ত ল’ব৷ সেইদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এয়া চৰকাৰৰ জনবিৰোধী সিদ্ধান্ত বুলি মন্তব্য কৰে৷ তেওঁ কয় যে ইয়াৰ যোগেদি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সম্পদ লুণ্ঠনৰ লগতে ৰাষ্ট্রখনৰ ভিতৰতে এটা উপনিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰে কৰা চিন্তাৰ প্রতিফলন ঘটিছে৷ ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছেও নামনি অংশত বিৰূপ প্রভাৱ পেলাব পৰা গেৰুকামুখ প্রকল্পৰ বিৰোধিতা কৰে৷ অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্যই কয়– আমি বিদ্যুৎ উৎপাদনৰ দৰে এটা যোগাত্মক কথাৰ বিৰোধী নহয়৷ কিন্তু ২০০০ মেগাৱাট শক্তিসম্পন্ন এটা প্রকল্প স্থাপন হ’লে যদি অদূৰ ভৱিষ্যতে দুর্ঘটনা সংঘটিত হয়, তেন্তে উত্তৰপৰীয়া ৰাইজ আটাইতকৈ বেছি ক্ষতিগ্রস্ত হ’ব৷ সেই দিশৰ পৰা চাই আমি বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি আহিছোঁ আৰু এই বিৰোধিতাত অটল আছোঁ৷