বাৰিষা নৌহওঁতেই গেৰুকামুখ প্ৰকল্পত অঘটনঃ খহি পৰিল ডাইভাৰ্ছন টানেলৰ সন্মুখৰ পাহাৰ
নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: অসম–অৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মীয়মাণ বৃহৎ জলবিদ্যুৎ প্রকল্পৰ নির্মাণৰ আৰম্ভণিৰ পৰা সৃষ্টি হোৱা শংকা, অনিশ্চয়তা এতিয়াও আঁতৰি যোৱা নাই৷ বৰঞ্চ দ্রুতগতিৰে সোৱণশিৰি নদীৰ ওপৰত নদীবান্ধটোৰ নির্মাণকার্য আগবঢ়াই নিয়াৰ লগে লগে নামনিত বসবাস কৰা লোকসকলৰ মাজত ভৱিষ্যতে আহিব পৰা বিপদক লৈ অধিক চিন্তিত হৈ পৰিছে৷ কিয়নো, প্রতি বছৰে বাৰিষাৰ সময়ছোৱাত নদীবান্ধৰ বিভিন্ন অংশত হোৱা খহনীয়াই নামনিত বসবাস কৰা লোকসকলক আতংকগ্রস্ত কৰি তুলিছে৷ এইবাৰো ইয়াৰ ব্যতিক্রম নহ’ল৷ বাৰিষাৰ প্রাক্ক্ষণত হোৱা এজাক বৰষুণতে আজি পুনৰ নদীবান্ধটোৰ সমীপৰ পাহাৰৰ এটা বৃহৎ অংশ খহি পৰা কার্যই সকলোকে আতংকিত কৰি তুলিছে৷
প্রাপ্ত তথ্য অনুসৰি, আজি পুৱা প্রায় ৯.৪৫ বজাত নদীবান্ধটোত এই অঘটন সংঘটিত হৈছে৷ জলবিদ্যুৎ প্রকল্পটোৰ মূল বান্ধৰ বাঁওপাৰত অৱস্থিত ডাইভাৰচন টানেলৰ সন্মুখৰ পাহাৰখনৰ এটা বৃহৎ অংশ খহি পৰে৷ আজি পুৱা হোৱা বৰষুণৰ পাছত আকস্মিকভাৱে পাহাৰখনৰ এই অংশটো খহি পৰাৰ লগে লগে নদীবান্ধটোত কর্মৰত হৈ থকা শ্রমিকসকলৰ মাজত আতংকৰ সৃষ্টি হয়৷ পাহাৰৰ পৰা খহি অহা মাটি, বালি তথা শিলে ডাইভাৰছন টানেলটোৰ বন্ধ কৰাৰ উপক্রম ঘটাত আগন্তুক সময়ত অধিক বিপদ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে৷ জানিব পৰা মতে, বিগত বর্ষত বাৰিষাৰ সময়তো একেটা স্থানতে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে৷ ডাইভাৰছন টানেলৰ সন্মুখৰ পাহাৰখনত বিগত বর্ষত হোৱা সেই খহনীয়াৰ ক্ষয়–ক্ষতিৰ মেৰামতি কৰি থকাৰ সময়তে আজি পুনৰ একেটা স্থানতে হোৱা খহনীয়াই ভয়ংকৰ বিপদৰ আগজাননী দিছে৷ দীর্ঘদিন ধৰি এই নদীবান্ধে নামনিত বসবাস কৰা লোকসকলক অত্যধিক বিপদৰ সন্মুখলৈ ঠেলি দিব বুলি কৰি অহা আশংকাক আজি হোৱা খহনীয়াই অধিক ঘনীভূত কৰিছে৷
উল্লেখ্য যে ভাৰতৰ ভিতৰতে সর্বববৃহৎ গেৰুকামুখত নির্মীয়মাণ জলবিদ্যুৎ প্রকল্পটোৰ জৰিয়তে ২০০০ মেগাৱাট শক্তি উৎপাদন কৰিবলৈ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে৷ অসম–ৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মাণ কৰি থকা এই নদীবান্ধটোক লৈ ৰাজ্যৰ দল–সংগঠনৰ লগতে একাংশ বিশেষজ্ঞই তীব্র বিৰোধিতা কৰি আহিছে৷ বিশেষকৈ অসমসহ উত্তৰ–পূর্বাঞ্চলৰ পাহাৰসমূহ অত্যন্ত ঠুনুকা হোৱাৰ লগতে ভূমিকম্পপ্রৱণ অঞ্চল হিচাপে চিহ্ণিত হোৱাৰ পৰিপ্রেক্ষিতত বৃহৎ নদীবান্ধে সমগ্র উত্তৰ–পূর্বাঞ্চললৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি আশংকা কৰি অহা হৈছে৷ পৰৱর্তী সময়ত নদীবান্ধৰ বিৰোধিতাৰে আইনী যুঁজো আৰম্ভ কৰা হৈছে৷ অৱশ্যে আইনী যুঁজত সেউজ সংকেত লাভ কৰাৰ পাছত নদীবান্ধটোৰ নির্মাণকাৰী সংস্থা এনএইচপিচিয়ে ইয়াৰ নির্মাণকার্য অধিক ক্ষিপ্রতাৰে আগুৱাই লৈ যায়৷ চলিত বর্ষতে নদীবান্ধটোত শক্তি উৎপাদন আৰম্ভ কৰিবলৈ এনএইচপিচিয়ে লক্ষ্য বান্ধি লৈছে৷ ইয়াৰ বাবে দিনে–নিশাই নদীবান্ধটোত নির্মাণকার্য প্রতিষ্ঠানটোৱে আগবঢ়াই লৈ গৈছে৷ ইতিমধ্যে ইয়াৰ ৮০ শতাংশ নির্মাণকার্য সম্পূর্ণ হৈছে বুলিও জানিব পৰা গৈছে৷ ইয়াৰ নির্মাণকার্য যিমানেই দ্রুতগতিৰে আৰম্ভ হৈছে, সিমানে নামনিত বসবাস কৰা লোকৰ মাজতো ভয়–শংকা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ কিয়নো প্রতিবাৰে বাৰিষা সোৱণশিৰিৰ প্রবল সোঁতত নদীবান্ধটোৰ ক্ষতি হৈ আহিছে৷ ইয়াৰ কাফেৰ বান্ধৰ লগতে মূল বান্ধ তথা আন আন নির্মাণকার্যৰো বাৰিষা সোৱণশিৰিৰ প্রবল সোঁতত প্রভাৱিত হৈছে৷
আনকি বিগত বর্ষত প্রবল বৰষুণৰ বাবে নদীবান্ধটোৰ এখন গার্ডৱাল খহি পৰিছে৷ সমান্তৰালভাৱে মূল নদীবান্ধৰ সোঁ পাৰত ডাইভাৰছন টানেলৰ ওপৰত হোৱা খহনীয়াৰ বাবে পাঁচটাকৈ ডাইভাৰছন টানেলৰ মুখ বন্ধ হৈ পৰে৷ মাত্র এটা টানেলৰ মুখ খোলা হৈ থকাৰ বাবে নদীৰ পানী বান্ধলৈ স্থানান্তৰিত কৰি থকা হৈছে৷ কিন্তু আজি পুৱাৰ ভাগত হোৱা খহনীয়াই এই উন্মুক্ত হৈ থকা টানেলটো বন্ধ কৰাৰ উপক্রম হৈছে৷ মাত্র এজাক বৰষুণতে এনেদৰে পাহাৰৰ খহনীয়াই ক্ষতিগ্রস্ত কৰাত নদীবান্ধত অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি নির্মাণকাৰী প্রতিষ্ঠানটোৱে প্রদান কৰি অহা আশ্বাসক লৈ একপ্রকাৰ প্রশ্ণ উত্থাপন কৰিছে৷ আগন্তুক সময়ত অসম তথা অৰুণাচলত হ’বলগীয়া অধিক বৰষুণৰ ফলত নদীবান্ধটো অধিক ক্ষতিগ্রস্ত হ’লে নামনিৰ লোকসকল সঁচাকৈয়ে বিপদত পৰিব নেকি? তাক লৈও স্থানীয় লোকসকলৰ মাজত সৰৱ চর্চা আৰম্ভ হৈছে৷