নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনএইচপিচিয়ে এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী : লখিমপুৰ-ধেমাজি প্ৰলয়

বিশেষ বাৰ্তা, ১ জুলাই : লখিমপুৰ-ধেমাজিলৈ অশনি সংকেত। নীপকোৰ পাছত এইবাৰ এনএইচপিচিয়েও মোকলালে সোৱণশিৰি প্ৰকল্পৰ পানী। লখিমপুৰ ধেমাজিৰ বাবে চৰম দুৰ্যোগৰ বতৰা। উল্লেখযোগ্য নীপকোৱে য়াজালীত থকা ৰঙানদী প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাত যোৱা শনিবাৰৰ পুৱাৰ পৰা ৰঙানদী প্ৰকল্পৰ অতিৰিক্ত জলৰাশি মোকলাই দিয়ে। শনিবাৰৰ পৰা প্ৰকল্পৰ গেট খুলি ৰাখি নীপকোৱে প্ৰকল্পৰ পানী এৰি আছে। ক্ৰমে এনেদৰে এৰি দিয়া পানীৰ পৰিমাণ বঢাই গৈ আছে নীপকোৱে। আজি পুৱা নীপকোৱে ২২০০ মিলিমিটাৰ পৰ্যন্ত গেট খুলি দিয়ে। যাৰ বাবে প্ৰকল্পৰ অতিৰিক্ত জলৰাশি যোগ হৈ ৰঙানদীয়ে লখিমপুৰত বলিয়াৰ ৰূপ ধাৰণ কৰিছে৷ ভয়ংকৰ গৰ্জন তোলা ৰঙানদীৰ মুৰ্তি দেখি নদীপৰীয়া ৰাইজ বিতত হৈ পৰিছে। শনিবাৰে নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰাৰ পাছত প্ৰকল্পৰ পানী এৰি দিয়ে আৰু একেৰাহে তিনি দিন ধৰি গেট খুলি ৰাখিছে। বৰং এৰি দিয়া পানীৰ পৰিমাণ বঢাই গৈ হে আছে৷ শনিবাৰৰ পৰা এখন গেট খুলি নীপকোৱে আজি পুৱাবেলা ২২০০ মিলিমিটাৰ কৰাৰ উপৰি দ্বিতীয় এখন গেটে ৫০০ মিলিমিটাৰ খুলি দিয়ে। ইতিমধ্যে লখিমপুৰ নগৰৰ সমীপৰ পাচনৈ  আদি এলেকাত ৰাইজৰ ঘৰবাৰী ৰাষ্ট্ৰা পদুলি শষ্য ক্ষেত্র আদি ডুব গৈছে। এনে দুৰ্যোগৰ সময়তে আজি পুনৰ আন এক দুৰ্যোগৰ বতৰা বিয়পি পৰে। এইবাৰ নামনি সোৱণশিৰি প্ৰকল্পৰ পৰাও পানী এৰি দিয়া হৈছে। নামনি সোৱণশিৰি প্ৰকল্পৰ নিৰ্মাণ কাৰী প্ৰতিষ্ঠান এনএইচপিচিয়ে আজি পুৱা লখিমপুৰ জিলা প্ৰশাসনলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰে। প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষৰ পৰা প্ৰেৰিত বাৰ্তাটোত উল্লেখ কৰা মতে প্ৰকল্পৰ উজনি অংশত পানীৰ চাপ বৃদ্ধি হোৱাত ১৬ হেজাৰ কিউমিক পানী সোৱণশিৰি নদীত এৰি দিয়া হব। পূৱা পাচ বজাৰ পাছতে এনেদৰে পানী এৰি দিয়া হব আৰু ইয়াৰ ফলত নামনিৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ অংশত বানৰ সৃষ্টি হব পাৰে বুলি উল্লেখ কৰা হয়। এই খবৰে এতিয়া সোৱণশিৰি পৰীয়া ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে৷ এনেদৰে নদী খনত বৃহৎ পৰিমাণৰ পানী এৰি দিলে নামনি অংশত বিপৰ্যয়ৰ সূচনা কৰিব বুলি বিশেষ কৈ নদীপৰীয়া ৰাইজ বিতত হৈ পৰিছে। এফালে ধাৰাসাৰ বৰষুণৰ ফলত জিলা খনৰ নদী সমুহৰ সৰহ ভাগৰ জলপৃষ্ঠই বিপদসীমা অতিক্রম কৰাৰ সময়ত নীপকো আৰু এনএইচপিচিয়েও ৰঙানদী আৰু সোৱণশিৰিত বৃহৎ পৰিমাণৰ পানী মোকলাই দিয়াত জিলাখনৰ পৰিস্থিতি অবৰ্ননীয় হোৱাৰ আশংকা ঘনীভূত হৈছে। সচেতন মহলে নীপকো আৰু এনএইচপিচিয়েক কমকৈ পানী খুলিবলৈ আহ্বান জনাইছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like