অসমত আল–কায়দাৰ জাল: নিয়াক তদন্তৰ দায়িত্ব কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: জেহাদীৰ কার্যকলাপৰ বিৰুদ্ধে অভিযান তীব্রতৰ হোৱাৰ সময়তে ৰাজ্যত শেহতীয়াকৈ পুনৰ সক্রিয় হৈ পৰিছে আল–কায়দা তথা আনছাৰুল্লাহ বাংলা টীম৷ ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ ‘নিয়া’ই এই সন্দর্ভত লাভ কৰিছে এক ভয়ংকৰ তথ্য৷ অসমত জেহাদীৰ কার্যকলাপ চলোৱা দুখনকৈ মাদ্রাছা ধ্বংস কৰাৰ পাছতে নামনি অসমৰ কেইবাখনো জিলাত আল–কায়দাই ভাৰতত ‘খিলাফৎ’ শাসন প্রতিষ্ঠাৰ লক্ষ্যৰে গঠন কৰা ‘আল–কায়দা ইন ইণ্ডিয়ান ছাব–কণ্টিনেণ্ট’ চমুকৈ একিউআইএছৰ এটা মডিউল পুনৰ সক্রিয় হৈছে৷ তথ্য অনুসৰি নামনি অসমৰ মুছলমান অধ্যুষিত অঞ্চলত মৌলবাদী শক্তিটোৱে একাংশ যুৱক–যুৱতীক ধর্ম যুদ্ধৰ বাবে উৎসাহিত কৰাই নহয়, চিৰিয়া আইন স্থাপনৰ সপক্ষেও বিভিন্ন যুক্তিৰে প্রলোভিত কৰিছে এইসকল যুৱক–যুৱতীক৷ প্রত্যক্ষ কূটাঘাতমূলক কার্যকলাপৰ পৰিৱর্তে সংখ্যালঘু যুৱক–যুৱতীসকলক্ দেশৰ বিৰুদ্ধে উৎসাহিত কৰাৰ সমান্তৰালকৈ বাংলাদেশৰ বিৰুদ্ধেও অধিক সক্রিয় হ’বলৈ আহ্বান জনাইছে এই শক্তিটোৱে৷
উল্লেখ্য যে ইতিমধ্যে এই সন্দর্ভত চলিত বর্ষৰ ২০ আগষ্টত অসমৰ গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল৷ উক্ত গোচৰৰ প্রতিবেদনত একিউআইএছে কিদৰে ৰাজ্যৰ বিভিন্ন জিলাত পুনৰ জেহাদীৰ কার্যকলাপ আৰম্ভ কৰিছে সেই সন্দর্ভত বিস্তৃত তথ্য উল্লেখ কৰা হৈছিল৷ উক্ত গোচৰৰ আধাৰ লৈয়েই যোৱা ২৬ ছেপ্ঢেম্বৰত পুনৰ আন এটা গোচৰ ৰুজু কৰিছে নিয়াই৷ এই সন্দর্ভত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে ‘ঘজৱা–এ–হিন্দ’ নামেৰে এক সন্ত্রাসৰ শব্দৰে যুৱক–যুৱতীসকলক্ উৎসাহিত কৰাৰ লক্ষ্য বান্ধি লৈছে একিউআইএছে৷ ‘ঘজৱা–এ–হিন্দ’ হৈছে সন্ত্রাসবাদী সংগঠনটোৱে তেওঁলোকৰ দুঃসাহসিক কূটাঘাতৰ কার্যকলাপবোৰক এক ‘পৱিত্র যুদ্ধ’ হিচাপে নামকৰণ কৰা শব্দ৷ শেহতীয়াকৈ একিউআইএছে এই শব্দৰে জেহাদী কার্যকলাপ আৰম্ভ কৰিবলৈ লৈছে৷ এই সন্দর্ভত নিয়াই ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ১২১, ১২১ (এ) ধাৰাত আৰু বে–আইনী কার্যকলাপ প্রতিৰোধ আইনৰ ১৮, ১৮ (বি), ১৯ আৰু ২০নং গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ প্রধানতঃ অসমত আল–কায়দাই পেলোৱা জালৰ তথ্যৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ‘কাউণ্টাৰ টেৰ’ৰিজম এণ্ড কাউণ্টাৰ ৰেডিকেলাইজেচন’এ যোৱা ২৩ ছেপ্ঢেম্বৰত তদন্তৰ দায়িত্ব দিয়াৰ পাছতে নিয়াই এই গোচৰটো ৰুজু কৰে৷ উল্লেখ্য যে নামনি অসমৰ গোৱালপাৰা জিলাত শেহতীয়াকৈ গ্রেপ্তাৰ হোৱা জালালুদ্দিন শ্বেখ নামৰ এজন লোকে ঘজৱা–এ–হিন্দ শীর্ষক এক শিক্ষাদান আৰম্ভ কৰিছে৷ মুখ্যতঃ মুছলমান যুৱকসকলক তথা মুছলমান অধ্যুষিত অঞ্চলৰ অশিক্ষিত লোকক লৈ জালালুদ্দিন শ্বেখে আৰু তেওঁৰ সংগী আব্দুছ সুভানে বহু গাঁৱৰ লোকক ভাৰতৰ বিৰুদ্ধে ধর্মযুদ্ধৰ বিভিন্ন প্রলোভিত বক্তব্যৰে উৎসাহিত কৰাৰ চেষ্টা চলাইছিল৷
ইতিমধ্যে গ্রেপ্তাৰ হোৱা দুয়োজনে সন্ত্রাসৰ প্রচাৰ কৰা, যুৱকসকলক মৌলবাদী কৰা, খিলাফৎ শাসনৰ সপক্ষে যুক্তি দর্শোৱা আদি বক্তব্য প্রদান কৰা বুলিও স্বীকাৰ কৰিছে৷ বিশেষকৈ প্রাপ্তবয়স্ক লোকসকলক সমৱেত কৰি ঘজৱা–এ–হিন্দ কার্যকৰী কৰাৰ লক্ষ্যৰে বিভিন্ন সভা অনুষ্ঠিত কৰিছিল এই দুজন জেহাদীয়ে৷ মন কৰিবলগীয়া যে ২০১৪ চনত গঠন হোৱা নিষিদ্ধ সন্ত্রাসবাদী সংগঠন আল–কায়দাৰ এটা শাখা একিউআইএছে আফগানিস্তান, পাকিস্তান, ভাৰত, ম্যানমাৰ আৰু বাংলাদেশত জেহাদীৰ কার্যকলাপ অব্যাহত ৰাখিছে৷ এখন ইছলামিক ৰাষ্ট্র স্থাপনৰ লক্ষ্যৰে কাম কৰি থকা একিউআইএছে শেহতীয়াকৈ অসমত গোপনে আৰম্ভ কৰা মৌলবাদী কাম–কাজ তথা জেহাদীয়ে কাম–কাজে স্বাভাৱিকতে অতি স্পর্শকাতৰ কৰি তুলিছে সমগ্র দিশ৷ বিষয়টোৰ গুৰুত্ব বুজিয়েই কেন্দ্রীয় গৃহ মন্ত্রালয়ে সমগ্র বিষয়টো অধিক গুৰুত্ব দি তদন্ত কৰাৰ বাবে নিয়াক নির্দেশ জাৰি কৰিছে৷ তদুপৰি গৃহ মন্ত্রালয়ে জেহাদীৰ কার্যকলাপক পুনৰ উৎসাহিত কৰাৰ বাবে একিউআইএছে আৰম্ভ কৰা কার্যকলাপে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় ক্ষেত্রত কিদৰে প্রভাৱ বিস্তাৰ কৰিছে সেই দিশতো নিয়াক তদন্ত আৰম্ভ কৰিবলৈ নির্দেশ দিছে৷