নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত কাঠমিস্ত্রী পিতৃসহ পুত্র–কন্যাক আটক ‘নিয়া’ৰ

🔹 শুৱালকুছিত কাঠমিস্ত্রী পিতৃসহ পুত্র–কন্যাক আটক ‘নিয়া’ৰ

🔹 অসম–দিল্লীসহ ৭ ৰাজ্যৰ ১৫ স্থানত অভিযান

বিশেষ বাৰ্তা, ১ জুন : সন্ত্রাসবাদ সম্পর্কীয় এটা গোচৰৰ তদন্তৰ আঁত ধৰি অসম–দিল্লী–পশ্চিমবংগসহ দেশৰ ৭খন ৰাজ্যৰ ১৫টা স্থানত একে সময়তে অভিযান চলায় ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ই৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি ‘নিয়া’ই অভিযান চলোৱা আন ৰাজ্যকেইখন হ’ল– হাৰিয়ানা, উত্তৰ প্রদেশ, মহাৰাষ্ট্র আৰু ৰাজস্থান৷ অৱশ্যে নির্দিষ্ট কোনটো গোচৰ সন্দর্ভত এই অভিযান চলোৱা হৈছিল, সেয়া বর্তমান পর্যন্ত ‘নিয়া’ৰ তৰফৰ পৰা স্পষ্ট কৰা হোৱা নাই৷ উল্লেখ্য যে পেহেলগামৰ নৰসংহাৰৰ তদন্তৰ দায়িত্ব ইতিমধ্যে ‘নিয়া’ক দিয়া হৈছে৷ তদন্তকালত ‘নিয়া’ই চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত কেইবাজনকো গ্রেপ্তাৰ কৰিছে৷ ধৃতসকলৰ ভিতৰত আছে ইউটিউবাৰ–অভিযন্তাৰ পৰা আৰম্ভ কৰি চিআৰপিএফৰ জোৱানলৈকে৷ যোৱা ২৬ মে’ত চিআৰপিএফৰ জোৱান মতিৰাম জাটক ‘নিয়া’ই দিল্লীৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ নৰসংহাৰ কাণ্ডৰ ছয় দিন আগলৈকে পেহেলগামতে কর্মৰত আছিল এই চিআৰপিএফৰ জোৱানজন৷ কিন্তু ২২ এপ্রিলৰ হত্যালীলাৰ পূর্বে জাটে দিল্লীলৈ বদলি হৈ আহে৷ ধৃত এই চিআৰপিএফৰ জোৱানজনৰ সূত্র ধৰিয়ে ‘নিয়া’ই শেহতীয়া উক্ত অভিযান চলোৱা বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমত চর্চা হৈছে৷ ‘নিয়া’ৰ এজন মুখপাত্রই সংবাদ মাধ্যমৰ আগত কয়– ‘আমি ১৫টা স্থানত অভিযান চলাইছোঁ৷ এই বিষয়ে পৰৱর্তী সময়ত বিশদভাৱে সদৰী কৰা হ’ব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ অসম আৰক্ষীৰ এছটিএফে ‘অপাৰেচন ঘোষ্ট ছিম’ শীর্ষক এক অভিযানত দেশৰ বিভিন্ন প্রান্তৰ পৰা ১০জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৯৪৮খন ভুৱা ছিম কার্ড জব্দ কৰিছিল৷ এই চক্রটোৱে পাকিস্তানী সন্ত্রাসবাদীক ভাৰতবিৰোধী কার্যৰ বাবে ভুৱা ছিম কার্ড, অ’টিপি যোগান ধৰিছিল৷ যি অ’টিপিৰে সন্ত্রাসবাদীয়ে খুলি লৈছিল হোৱাটছএপ একাউণ্ট৷

শুৱালকুছিত অতর্কিতে ‘নিয়া’ৰ অভিযান : পিতৃসহ পুত্র–কন্যাক আটক

বিশেষ বার্তা, শুৱালকুছি : কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ সমীপৱর্তী বসন্তপুৰত পুৱতিনিশা ‘নিয়া’ই অতর্কিতে অভিযান চলোৱা কার্যই বস্ত্রনগৰী শুৱালকুছিত তীব্র কৌতূহলৰ সৃষ্টি হৈছে৷ পুৱতিনিশা ৩ বজাত বসন্তপুৰৰ নিৰেন কলিতা নামৰ কাঠমিস্ত্রীজনৰ ঘৰত কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ এটা দল উপস্থিত হয়৷ নিৰেন কলিতাৰ পত্নীৰ ভাষ্য অনুসৰি দলটোৱে তেওঁলোকৰ পুত্র হীৰক কলিতাক বিচাৰি আহে আৰু তাৰ পিছত আৰক্ষীয়ে এঘণ্টা ধৰি জেৰা চলায়৷ হিন্দীত সোধা–পোছা কৰে বাবে তেওঁ একো নাজানিলে৷ জেৰাৰ পিছতে পিতৃ নিৰেন কলিতা, পুত্র হীৰক কলিতা আৰু কন্যা ৰূপালী কলিতাক দলটোৱে আটক কৰি লৈ যায়৷ নিৰেন কলিতাৰ পত্নীকো দলটোৱে নিবলৈ ওলোৱাত হঠাতে মূর্ছা যোৱাত তেওঁক এৰি থৈ যায়৷ ঘটনা সম্পর্কত মাতৃয়ে কোনোধৰণৰ কথা অৱগত নহয় বুলি জানিবলৈ দিয়ে৷ মন কৰিব লগা যে স্থানীয় আৰক্ষীক কোনো খবৰ নিদিয়াকৈ ‘নিয়া’ৰ দলটোৱে অভিযান চলাই এটা পৰিয়ালৰ তিনিগৰাকী সদস্যক আটক কৰা কার্যই ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে৷

You might also like