বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ যোৰহাটৰ লিচুবাৰীৰ ভাৰতীয় সেনাৰ ৪১নং উপ অঞ্চলৰ ব্ৰহ্মপুত্ৰ গেটৰ ছাউনীৰ মূল প্ৰৱেশ পথত হোৱা বিস্ফোৰণৰ সন্দৰ্ভত তদন্ত কৰিবলৈ এন আই এ (ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা)ৰ এটা দল আজি উপস্থিত হয়। আজি এন আই এ দলটোৱে সেনা ছাউনী প্ৰৱেশ কৰি বিস্ফোৰণৰ উৎস বিচাৰে। এন আই এ দলটোৰ সৈতে সেনা বাহিনীৰ উচ্চপদস্থ বিষয়া, ভাৰতীয় সেনাৰ বোমা বিশেষজ্ঞৰ দল আৰু অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত আছিল বুলি কোৱা হৈছে। উল্লেখযোগ্য যে বৃহস্পতি বাৰৰ নিশা প্ৰায় ৭’৩০ বজাত যোৰহাটৰৰ লিচুবৰীৰ ভাৰতীয় সেনাৰ ৪১নং উপ-অঞ্চলৰ ব্ৰহ্মপুত্ৰ গেটৰ ছাউনীৰ মূল প্ৰৱেশ পথত সোঁফালে এজোপা নাৰিকল গছৰ কাষত সংঘটিত হৈছিল এক ৰহস্যজনক বিস্ফোৰণ। বিস্ফোৰণ টোৰ শব্দ প্ৰাবল্য ইমান আছিল আছিল যে প্ৰায় পাঁচ কিলোমিটাৰ দুৰলৈকে শুনা গৈছিল। যাৰ ফলত সমগ্ৰ অঞ্চলটোত এক অতাংকময় পৰিবেশৰ সৃষ্টি হৈছিল। বিস্ফোৰণটো সংঘটিত হোৱাৰ লগে লগে আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত আৰু অতিৰিক্ত আৰক্ষীৰ এটা বৃহৎ দল আহি ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কৰে যদিও এই বিস্ফোৰণ সন্দৰ্ভত আজি দুদিন হৈ যোৱাৰ পিছতো যোৰহাট প্ৰশাসন তথা সেনাবাহিনীৰ তৰফৰ পৰা কোনো স্পষ্টিকৰণ ৰাইজৰ জ্ঞতৰ্থে দিয়া হোৱা নাই। ইয়াৰ বিপৰীতে আলফা (স্বাধীনে) এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। ইফালে এই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত কোনো লোকে যাতে ঘটনাস্থলীৰ ফটো অথবা ভিডিঅ ফুটেজ সংগ্ৰহ কৰিব নোৱাৰে, তাৰ বাবে আঁৰ কাপোৰ বান্ধি দিয়া হৈছে। যোৰহাটত এই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত সম্প্রতি জিলাখনৰ বিভিন্ন স্থানত নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। জিলা খনত থকা আৰক্ষীৰ অৰ্ধ সামৰিক বাহিনীৰ নিৰাপত্তা মাজত সেনা ছাউনীৰ প্ৰবেশ পথত কেনেকৈ বিস্ফোৰণ হল ইয়াকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰেৰক ৰঞ্জিত ভূঞা