নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত নৈশবাছ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বৰ দৰঙত যোৱানিশা যাত্ৰীবাহী নৈশ বাছ এখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। বৰদলং ৩৭নং ৰাষ্ট্ৰীয় পথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বিপৰীতমুখী ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষৰ পাছত নৈশ বাছখন  ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১০ ফুট দ পথাৰত সোমাই যায় যদিও এজন যাত্ৰী থিতাতে নিহত হয় । নিহত লোকজন দেৰগাঁৱৰ ভকতগাঁৱৰ জিন্টু বৰা (৩০) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জানিব পৰা মতে দুৰ্ঘটনাত পতিত ভাতৃক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা কৰি সুস্থ কৰি অনা পথত প্ৰাণ হেৰুৱালে জ্যেষ্ঠ ভাতৃয়ে । এ আৰ ০১ এন ৮২৯৯ নম্বৰৰ ৰুদ্ৰাক্ষ নৈশ বাছখন গুৱাহাটীৰ পৰা জাগুনলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ইউ পি ৮৩ বিটি ৩৮৫৫  নম্বৰৰ ১৪ চকীয়া এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে বাচখনত থকা আন ২৬জনকৈ যাত্ৰীৰ। আহত আন ছয়জন যাত্ৰীক স্থানীয় লোকৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

প্ৰেৰক দিগন্ত মহন্ত 

You might also like