সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়ত কৰিব পাৰিব, নিশা কাৰ্ফিউ অব্যাহত থাকিবঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ১ আগষ্টঃ আজি জনতা ভৱনত সংবাদ মেলত আনলক-৩ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় য়ে অহা ১৫ আগষ্ট লৈকে অসম লকডাউন পূৰ্বৰ দৰেই থাকিব। মাত্ৰ প্ৰত্যেক সোমাবাৰ,মঙলবাৰে খোলা থাকিব আন্ত: জিলা যাতায়ত। দোকান পোহাৰ আদিৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই সো-বাওঁ ফালৰ ব্যৱস্থা ।
আনহাতে জিমৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কয় যে ৰাস্তাৰ সোঁ-বাওঁ নিয়মেই প্ৰযোজ্য হ’ব। যদি ৰাস্তাৰ সোঁ ফালে সকলো দোকান, চেলুন খুলিছে তেতিয়া জিম খুলিব পাৰিব।
আনহাতে কাৰ্যালয়ত ১০০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব লাগিব। লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে পূৰ্বৰ দৰেই নিশা কাৰ্ফিউ অব্যাহত থাকিব। সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈ। লগতে সাপ্তাহিক লকডাউন অব্যাহত থাকিব।