নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত নৈশ চকীদাৰে চিকিৎসা কৰে জৰুৰীকালীন ৰোগীক

🔹 জিলা আয়ুক্তক অভিযোগ দাখিল
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰ পৰিৱৰ্তে চিকিৎসালয় কৰ্তৃপক্ষই নৈশ চকীদাৰৰ দ্বাৰা জৰুৰীকালীন ৰোগীক চিকিৎসা কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তথ্য মতে, গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত নৈশ চকীদাৰ হিচাপে নিয়োজিত হাতীপাৰা গাঁৱৰ আলতাপ হুছেইন নামৰ ব্যক্তিজনে স্বাস্থ্যকেন্দ্ৰটোত ভৰ্তি হোৱা বিহপান কৰা ৰোগী, দুৰ্ঘটনাত পতিত ৰোগীক চিকিৎসক অবিহনেই চিকিৎসা কৰাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইতিপূৰ্বে নৈশ চকীদাৰ আলতাপ হুছেইনক গাঁও অঞ্চলৰ সাধাৰণ লোকে এজন চিকিৎসক হিচাপে জ্ঞান কৰি আহিছিল যদিও অশিক্ষিত নৈশ চকীদাৰ আলতাপ হুছেইনে চিকিৎসা প্ৰদান কৰি থকা ভিডিঅ’ সামাজিক মাধ্যমযোগে ভাইৰেল হৈ পৰাত সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে গৰৈমাৰী ৰাজহ চক্ৰ তথা গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক অসীম কাকতিক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা নোলোৱা বুলি উল্লেখ কৰি কামৰূপ জিলাৰ জিলা আয়ুক্তলৈ এখন অভিযোগ দাখিল কৰিছে। শীঘ্ৰেই নৈশ চকীদাৰ আলতাপ হুছেইনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।
প্ৰেৰক জমিৰ আল হাছান
You might also like