বিশেষ বাৰ্তা, ১৯ জুলাই : দীৰ্ঘদিন ধৰি লেছীৰ কবলত থকা নিমাতী মাজুলী ফেৰী সেৱা আভ্যন্তৰীণ জল পৰিবহনৰ বিভাগলৈ হস্তান্তৰ কৰাৰ ফলত পাৰাপাৰ হোৱা যাত্ৰীৰ দুৰ্ভোগ দুৰ হ’ব বুলি আশা কৰিছিল। কিন্তু সেই আশাত চেঁচাপানী ঢালিলে বিভাগটোৱে। ভয়াবহ নাও দুৰ্ঘটনা সংঘটিত হোৱাকে ধৰি অবাঞ্চিত সমস্যাই লগ এৰা নিদিলে মাজুলীবাসীক। ভয়াবহ বানপানীৰ সময়টো ফেৰী চলাচল কৰা মাজুলীত এতিয়া ব্ৰহ্মপুত্ৰত জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে বন্ধ হৈ যায় মাজুলী নিমাতি ফেৰী সেৱা।ফেৰী বন্ধ হৈ থকাৰ মুল যুক্তি হ’ল দুয়ো পাৰে থকা ৰেম্প বিলাক তল যায় আৰু পাৰাপাৰ হ’ব পৰা উপায় নোহোৱা হয়। এই ৰেম্প বিলাক নিৰ্মাণ কৰিবলৈ বছৰী চৰকাৰে বৃহৎ পৰিমাণৰ অৰ্থ ব্যয় কৰে যদিও কোনো দিনে কেতিয়াও বিজ্ঞান সন্মত ভাৱে নিৰ্মান নকৰি এচাম ঠিকাদাৰে খিৰতী গাইত পৰিণত কৰি এচাম ন্যস্ত স্বাৰ্থ জড়িত কৰ্মচাৰীৰ সহযোগত। পৰিবহণ মন্ত্ৰীগৰাকীয়ে ফেৰী সেৱা আৰু ফেৰী ঘাট সমূহৰ উন্নয়নৰ নামত বহু বাৰ বক্তৃতাৰ ফুলজাৰি মাৰিলে। কিন্তু ফেৰী ঘাটৰ সমস্যা সমস্যা হৈয়ে থাকিল। এই বছৰ মাজুলীত বানপানীৰ উমঘামেই নাই । ব্ৰহ্মপুত্ৰৰ জলস্তৰ যিখিনি বৃদ্ধি হৈছিল তাত ফেৰী বন্ধ কৰিবলগীয়া কোনো কাৰনেই নাই। ফেৰী বন্ধ কৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী সকলে ছুটি উপভোগ কৰাৰ সময়ত কিন্তু হাত নাও চলাচল কৰি আছে। চলাচল কৰি আছে মালবাহী নাৱৰ। কেবল ৰেম্পৰ অভাৱত ৮ দিন ধৰি যাত্ৰীৰ ফেৰী সেৱা বন্ধ ৰখাটো কিমান যুক্তি সংগত সেইকথা চৰকাৰ,প্ৰশাসন অথবা বিভাগীয় বিষয়াই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। কাৰণ মাজুলীবাসীয়ে বান আৰু খহনীয়াৰ লগত সহ অবস্থান কৰি চৰকাৰ, প্ৰশাসন অথবা বিভাগীয় বিষয়াৰ মাহী আইৰ দৃষ্টিৰ পৰা ৰেহাই পোৱাৰ উদাহৰণ নাই আৰু আশা কৰি টেটুফালি নেথাকে মাজুলীবাসীয়ে। কিন্তু মাজুলীবাসীৰ সৰলতাৰ সুযোগ লৈ বাৰে বাৰে বঞ্চিত কৰাৰ অপচেষ্টা ৰোধ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ লয় সেয়াহে লক্ষণীয় হ’ব। ৭ দিনৰ পিছত আজিৰে পৰা আৰম্ভ হৈছে পুনৰ নিয়মীয়া ফেৰী সেৱা আৰম্ভ হৈছে যদিও আন এটা সংবাদে হতাশ কৰিছে মাজুলীবাসীক। বিগত ছয় মাহ দৰমহা নোপোৱাৰ বাবে এই প্ৰতিবাদত কমলাবাৰী ঘাট, অফালমুখ পাৰ ঘাটত নচলে ৫খন জাহাজ। ছমাহে দৰমহা নোপোৱা কৰ্মচাৰী সকল কেনেকৈ চলিব সেই কথা চিন্তা নকৰা সকলে মাজুলীবাসীৰ চিৰকলীয়া দুৰ্ভোগৰ কথা কেনেকৈ উপলব্ধি কৰিব? মাজুলীবাসীৰ সমুখত এটা ডাঙৰ প্ৰশ্নবোধক হৈ যুগ যুগ ধৰি ওলমি আছে সমাধান হীন প্ৰশ্ন ? আনহাতে পূৱা নিমাতীৰ পৰা কমলাবাৰী অভিমুখে আহি থকা এখন ফেৰী বালিচৰত লাগি ধৰিছিল যদিও এঘণ্টামানৰ পিছত কমলাবাৰী পাৰঘাটত উপস্থিত হয়। অবশ্য ৰেম্পৰ অসুবিধাৰ বাবে আজি গাড়ী পাৰা পাৰ কৰা হোৱা নাই বুলি বিভাগীয় বিষয়াই জানিবলৈ দিয়ে। একেদৰে অনলাইন ক্ৰিকেট কাললৈৰ পৰা খোলা থাকিব বুলি সদৰি কৰে ।
প্ৰেৰক জীৱন বৰুৱা