নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৯ বাংলাদেশীক কাৰাদণ্ড

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ অসমৰ চুবুৰীয়া ৰাজ্য কোচবিহাৰত ৯ বাংলাদেশীক গ্ৰেপ্তাৰ ৰেল সুৰক্ষা বাহিনী। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত ১৩ ছেপ্টেম্বৰত কোচবিহাৰৰ ৰেল ষ্টেচনত গ্ৰেপ্তাৰ হয় বাংলাদেশীকেইজন। বিগত ছটা মাহ কোচবিহাৰ জেলত থকাৰ পিছত বিদেশী ১৯৪৬ আইন মতে ২৫২ নম্বৰ ভাৰতীয় দণ্ডবিধিৰ অধীনত বিচাৰ চলে। কোচবিহাৰ ন্যায়িক দণ্ডাধীশ আদালতে বাংলাদেশীকেইজনৰ বিৰুদ্ধে ২ বছৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকা জৰিমনা ঘোষণা কৰে। ধৃত লোককেইজন বাংলাদেশৰ কুষ্টীয়া জিলাৰ মহিষ কুনকাই গাঁৱৰ আব্দুল কৰিম, সাহিম মণ্ডল, মহম্মদ আলী, কামাৰুল ইছলাম, আব্বাছ শেখ,আৰু তাৰাংগা মিঞা গাঁৱৰ সাজীৱ মণ্ডল, মহম্মদ জুৱেল ৰানা, সুমন হুছেইন। লোককেইজন মেঘালয় হৈ ফুলবাৰীদি ভাৰতত প্ৰৱেশ কৰিছিল। লোকেকেইজন অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ৰেল ষ্টেচনত অপেক্ষা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। উল্লেখ যে লোককেইজনৰ হাতত বংগৰ মুর্শিদাবাদৰ আধাৰ কাৰ্ড হাতত আছিল।

You might also like