নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাস্কৰ্য শিল্পৰে উজলিছে ৰণাকুছিৰ নিপম

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : একাগ্ৰতা, নিষ্ঠা, সততা আৰু উদ্যম থাকিলে জীৱন যুঁজত সকলোৱে এদিন সফলতাৰ বাটত আগুৱাই যাবলৈ সক্ষম হয়। নলবাৰী জিলাৰ ৰণাকু্ছি বালাগ্ৰামৰ ভাস্কৰ্য তথা চিত্ৰশিল্পী নিপম চন্দ্ৰ বৈশ্য হ’ল তেনে এগৰাকী ব্যক্তি। প্ৰচাৰবিমুখ এইগৰাকী ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত ইতিমধ্যে প্ৰাণ পাই উঠিছে এটাৰ পিছত আন এটা আবক্ষ মূৰ্তি। নিপমে সুনিপুণ কাৰিকৰী কৌশলেৰে নিজ গৃহতে  আবক্ষ মূৰ্তি নিৰ্মাণ কৰি আহিছে। এক কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে তেওঁ আজি নিজ লক্ষ্যস্থানত উপনীত হৈছে । এসময়ত আৰ্থিক দৈন্যৰ মাজেৰে চলা পৰিয়ালটোৰ সদস্য নিপমে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি ঘৰৰ পৰা আঁতৰি গৈ ভূটান পাহাৰত খৰিকটীয়াৰ কাম কৰিছিল। সৰুৰে পৰা চিত্ৰকলাৰ প্ৰতি আগ্ৰহ থকা যুৱকজনে হাতত লৈ ফুৰিছিল “স্কেট্‌চ বুক” আৰু “পেঞ্চিল” । মনৰ ইচ্ছা আৰু জীৱনত কিবা এটা কৰাৰ লক্ষ্যৰে পুনৰ তেওঁ ২০০৯ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। তাৰ পিছত আৰু তেওঁ জীৱনত উভতি চাব লগা হোৱা নাই। কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজত চিত্ৰকলা বিষয়ত অধ্যয়ন কৰাৰ পিছত তেওঁ নৰ্থ মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। এটা সময়ত মেট্ৰিক পাছ কৰিব নোৱৰা যুৱকজনে পিছলৈ চিত্ৰকলাৰ উচ্চ শিক্ষাৰে শিক্ষিত হৈ উঠে। চিত্ৰকলাৰ প্ৰতি আগ্ৰহ থকা যুৱকজনে আপোনাৰ-মোৰ ছবি চাই হুবহু অংকন কৰিব পাৰে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিৰ আবক্ষ মূৰ্ত্তি তেওঁ নিৰ্মাণ কৰিছে। পঢ়াৰ অন্তত কেইবাটাও চৰকাৰী চাকৰি লাভ কৰিছিল নিপমে ৷ কিন্তু তেওঁ চাকৰি নকৰে। ছবি আৰু ভাস্কৰ্য শিল্পৰ বাহিৰে তেওঁ অন্য কামত আগবাঢ়িব নিবিচাৰে । কোনোদিনেই প্ৰচাৰ নিবিচৰা শিল্পীজনে নিজ গাঁও ৰণাকুছিতেই সপোনৰ আলিবাটেৰে এতিয়া আগবাঢ়ি গৈছে। এইগৰাকী বহুমুখী প্ৰতিভাধাৰী শিল্পীয়ে অনাগত সময়ত নিজৰ শিল্প সাধনাত আৰু অধিক ব্ৰতী হৈ শিল্পকৰ্মত আগবাঢ়ি যাওক ।
প্ৰেৰক শৈলেন বৰ্মন
You might also like