নীপকোৱে এৰিলে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ৰ পানী, শংকিত নৈপৰীয়া
বিশেষ বাৰ্তা, ৩০ মেঃ দুপৰ নিশা লখিমপুৰৰ বাবে আহিল এক দুঃসংবাদ। উত্তৰ পূৱ শক্তি নিগম চমুকৈ নীপকোৱে দিলে এই সতৰ্কবাৰ্তা। নিশা ১.৪০ মিনিটত নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ আহিল এই সতৰ্কবাৰ্তা। লখিমপুৰ জিলাখনৰ মাজেৰ অৰুণাচল প্ৰদেশৰ পৰা বৈ যোৱা ৰঙা নদীত অৰুণাচলৰ য়াজালি নামৰ ঠাইত নীপকোৱে স্হাপন কৰা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়া হব।
নিশা লখিমপুৰ জিলা প্ৰশাসনলৈ নীপকোৰ তৰফৰ পৰা প্ৰেৰিত সতৰ্কবাৰ্তাটো উল্লেখ কৰা হয় যে কেইদিনমান ৰ পৰা হৈ থকা ধাৰাষাৰ আৰু বেছি পৰিমাণৰ বৰষুণৰ ফলত প্ৰকল্পৰ জলাধাৰত অতিৰিক্ত পানীৰ চাপ বৃদ্ধি হৈছে। সেয়ে প্ৰকল্পৰ জলাধাৰৰ সুৰক্ষাৰ খাতিৰে জলাধাৰৰ গেট খুলি দিয়া হব। এই সময়খিনিত নদীখনৰ পাৰলৈ কোনো লোকক যোৱাটো বাৰণ কৰা হৈছে। নিশা এই সতৰ্কবাৰ্তা প্ৰেৰণ কৰাৰ কিছু সময়ৰ পাছতে নীপকোৱে প্ৰকল্পৰ জলাধাৰৰ এক নং গেট খন খুলি দিয়ে। প্ৰথম ৫০ মিলিমিটাৰ খোলাৰ পাছত ২ শ মিলি মিটাৰলৈ গেট খন খোলে আৰু আজি দুপৰীয়া পৰ্যন্ত গেট খন নীপকোৱে খুলিয়েই ৰাখিছে আৰু গেট খন ৬৫০ মিলিমিটাৰলৈ বৃদ্ধি কৰিছে। উল্লেখ্য
অৰুণাচলৰ অভ্যন্তৰত থকা ৰঙা নদীত নিৰ্মাণ কৰা ৪০৫ মেগাৱাটৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰত বিশেষ কৈ বাৰিষা কালত অতিবৃষ্টি ৰ ফলত পানীৰ চাপ বৃদ্ধি হয়। ফলত প্ৰকল্পৰত ভয়ংকৰ অঘটন ঘটিব পাৰে। সেই আশংকা দুৰ কৰিবলৈ নীপকোৱে জলাধাৰৰ গেট খুলি অতিৰিক্ত জলৰাশি ৰঙা নদীত মোকোলাই দিয়ে। ফলত ৰঙা নদীয়ে বলিয়াৰ ৰূপ ধাৰণ কৰি লখিমপুৰত বিস্তৰ ক্ষতি সাধন কৰে। তাৰোপৰি
অৰুণাচলৰ অভ্যন্তৰত য়াজালি ত যি ঠাইত প্ৰকল্পটো স্হাপন কৰা হৈছে তাৰ পৰা নদী খন বৈ আহি কিমিন নামৰ ঠাইত লখিমপুৰ জিলাত প্ৰবেশ কৰিছে। প্ৰকল্পটোৰ পৰা লখিমপুৰত প্ৰৱেশ কৰা লৈকে প্ৰায় ৪০ কিলোমিটাৰ দৈঘ্য ৰ এই পাহাৰীয়া পথত নদীখনত ভালে খিনি সৰু বৰ জান জুৰি মিলিত হৈছে।
নদীখনত প্ৰকল্পৰ অতিৰিক্ত জলৰাশি মোকোলাই দিয়াৰ উপৰিও প্ৰকল্পৰ নামনি দিশে আৰু লখিমপুৰত প্ৰৱেশ কৰা ঠাইলৈ মাজৰ এই পাহাৰ এলেকাত জান জুৰি সমুহৰ পানীও নদীখনত মিলিত নদীখনৰ ধাৰণ ক্ষমতাতকৈও বহু বেছি পৰিমাণৰ পানী যোগ হয়। পৰিণতিত বিধ্বস্ত হয় লখিমপুৰ।লখিমপুৰ জিলাত বলিয়াৰ ৰূপ ধাৰণ কৰি নদীখনে গাও ভূই ৰাষ্ট্ৰা পদুলি দলং আদি ভাঙি ছিঙি বিধ্বস্ত কৰে। শ শ পোহনীয়া জীৱ জন্ত হানি হয়। নিৰীহ লোকে প্ৰাণ হেৰুৱাই বলিয়া বানত। লখিমপুৰ ত এইয়া প্ৰতি বছৰে বাৰিষা কালৰ এক চিৰ পৰিচিত দৃশ্য পট। লক্ষ্যণীয়
নীপকোৰ এনে কাৰ্য্যত জন ধন হানি কৰি মূল্য ভৰিব লগীয়া হৈছে লখিমপুৰৰ ৰাইজে। নীপকোক একেলগে বহুত বেছি পৰিমাণৰ পানী এৰি দিয়াৰ সলনি কমকৈ খুলিবলৈ ৰাইজে দাবী জনাই আহিছে। এই ক্ষেত্ৰত নীপকোক বাধ্য কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে চৰকাৰকো দাবী জনাই আহিছে পিছে দিল্লী দিছপুৰ বহু দুৰ। লখিমপুৰীয়া ৰাইজৰ এনে আহ্বান দিল্লী দিছপুৰে আজিও শুনা নাই।
নীপকোৱে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত পানী এৰি দি লখিমপুৰ ক নাজল নাথল কৰা কাৰ্য্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছ এ।
মাছৰ কেন্দ্রীয় সচিব ৰাজু সিংহই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যিহেতু ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰত অতিৰিক্ত পানীৰ চাপ বৃদ্ধি হলে প্ৰকল্পৰ পানী খুলিবই লাগিব সেইয়া স্বাভাবিক কথা। কিন্তু একেলগে বহুত বেছি পৰিমাণৰ পানী এৰি দিলে লখিমপুৰ জিলাৰ বিস্তৰ ক্ষতি হয়। উদাহৰণ দাঙি ধৰি তেওঁ ২০০৮ চনৰ দুৰ্যোগত লখিমপুৰ ত এনেদৰে লাখ লাখ লোক ক্ষতি গ্ৰস্ত হোৱা আৰু ৫০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ কথা সদৰি কৰে। তেওঁ কয় নীপকোৱে জলাধাৰৰ সুৰক্ষাৰ খাতিৰত কমকৈ পানী খোলক আৰু নীপকোক কমকৈ পানী খুলিবলৈ বাধ্য কৰিবলৈ চৰকাৰে ব্যবস্থা গ্রহণ কৰক। এইয়া আমাৰ দাবী। এইদৰে কয় মাছৰ সচিব জনে।
উল্লেখ্য বাৰিষা এনেদৰে প্ৰকল্পৰ জলাধাৰৰ পৰা অতিৰিক্ত পানী মোকোলাই দি লখিমপুৰ ক বিধ্বস্ত কৰাৰ সমানে আকৌ খৰালি কালত নীপকোৱে প্ৰকল্পৰ আটাইবোৰ গেট বন্ধ কৰি ৰাখে। যাৰ বাবে খৰালিৰ দিন কেইটা নদীখন মৰি শুকাই যায়।
মৰুভূমিত পৰিণত হয় নদীৰ বক্ষ। ফলত নদীপৰীয়া অঞ্চল সমুহৰ দাতি কাষত পাৰিপাৰ্শ্বিকতাৰ ওপৰত পৰে নেতিবাচক প্ৰভাৱ। গছ বন পৰ্যন্ত শুকাই যায়। কেতিয়াবা আকৌ জলাধাৰৰ তলৰ গেদ অংশ পৰিস্কাৰ কৰাৰ নামত প্ৰকল্পৰ গেট সমুহ একেলগে খুলি দিয়ে। যাৰ বাবে নদীখনৰ অৱশিষ্ট পানীখিনিও দুষিত হৈ মাছ কাছকে ধৰি জলজ প্রাণী সমুহৰ মৃত্যু হয়। এনে ঘটনা প্ৰতিবছৰে পুনৰাবৃত্তি ঘটি আহিছে। সমাধান কেনেকৈ হব নাইবা ৰাইজে কেনেদৰে এনে সমস্যা ৰ পৰা পৰিত্ৰাণ পাব সেইয়া আজিৰ দিনত এক উত্তৰ বিহীন প্ৰশ্ন।
প্ৰেৰক জীৱন গোস্বামী