নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী কিষাণ মৰ্চাৰ উপ-সভাপতি নিপন ভৰালী পলাতক

🔹 চৰকাৰী চাকৰিৰ নামত ধন সংগ্রহ

বিশেষ বাৰ্তা, ২৭ আগষ্ট : চৰকাৰী চাকৰিৰ নামত চলা ধন সংগ্রহৰ বৃহৎ কেলেংকাৰিৰ তদন্ত চলোৱাৰ সময়তে ইজনৰ পিছত সিজনকৈ ৰাজ্যিক বিজেপিৰ নেতা–পালিনেতাৰ নাম পোহৰলৈ আহিছে ৷ এইবাৰ নলবাৰী কিষাণ মৰ্চাৰ উপ-সভাপতি নিপন ভৰালী এই কেলেংকাৰিত জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। শনিবাৰে আৰক্ষীয়ে ২ ঘণ্টা জেৰা চলাইছিল নিপন ভৰালীক। অৱশ্যে এই মুহূৰ্তত নলবাৰী কিষাণ মৰ্চাৰ উপ-সভাপতি ভৰালী পলাতক অৱস্থাত আছে। আৰক্ষীয়ে দেওবাৰে তলব কৰিছিল নিপনক। চৰকাৰী চাকৰিৰ নামত চলা ধন সংগ্রহৰ বৃহৎ কেলেংকাৰিত নাম সাঙোৰ খাই পৰা নিপন ভৰালীৰ বিৰুদ্ধে ইতিমধ্যে বহু চাকৰিপ্ৰত্যাশীয়ে দিছে জবানবন্দী। ইতিমধ্যে জেৰাত ৰেখান্ত দাসে নাম লৈছিল নিপন ভৰালীৰ। বৰ্তমান নিপনক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। ক্ৰাইম বাঞ্চ আৰু নলবাৰী আৰক্ষীৰ এটা দলে নিপন ভৰালীক বিচাৰি চলাইছে এই অভিযান।

You might also like