নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংস্কৃতিক শোভাযাত্ৰাৰে নিৰ্মল হালৈ কলেজৰ মহাবিদ্যালয় সপ্তাহ আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়ৰ কালিৰে পৰা মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে। এই উপলক্ষে পুৱা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই মহাবিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পিছতে ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ সভাপতি জোনদ্বীপ কলিতাই, স্মৃতি তৰ্পণ কৰে তৰ্ক আৰু আলোচনী বিভাগৰ তত্বাবধায়ক কিশোৰ কুমাৰ শৰ্মাই, নিৰ্মল হালৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক তথা মুৰব্বী হেমন্ত কুমাৰ শীলে। ইয়াৰ পিছতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বজালী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত উৰ্মী মেধিয়ে৷ তেওঁ উদ্বোধনী ভাষণত নতুন প্ৰজন্মক সঠিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰে সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা তথা পাটাছাৰকুছি বজাৰৰ মাজেৰে বজাৰ এলেকা পৰিভ্ৰমন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ভাওৰ লগতে অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীত প্ৰদৰ্শন কৰি ৰাইজক মোহিত কৰে। ৭ মাৰ্চত মহাবিদ্যালয় সপ্তাহৰ সামৰণি পৰিব।

প্ৰেৰক উৎপল মেধি 

You might also like