নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ তামোলৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা প্ৰতিষ্ঠিত ঠিকাদাৰলৈ নিৰ্মল লাহনৰ যাত্ৰা

চৰিফ আলীৰ প্ৰতিবেদনঃ কান্ধত তামোল পানৰ ডলা লৈ বজাৰে হাটে ঘুৰি নূন্যতম উপাৰ্জনৰে পৰিয়াল পোহপাল দিয়া নিৰ্মল লাহন বৰ্তমান এগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰ তথা ব্যৱসায়ী। উল্লেখ্য যে নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত লেফেৰা টিপমীয়া গাঁৱৰ প্ৰয়াত কমলেশ্বৰ লাহন আৰু ভোগেশ্বৰী লাহনৰ পঞ্চম পুত্ৰ নিৰ্মল লাহন। অতি দৰিদ্ৰ পৰিয়ালটোত জন্ম গ্ৰহণ কৰা নিৰ্মল লাহনে পেটৰ তাড়নাত জীৱন সংগ্ৰামত নামি পৰিব লগা হৈছিল কম বয়সতে। আৰ্থিক ভাবে অতি দূৰ্বল নিৰ্মলে কাণ সমনীয়া লগৰীয়াসকলৰ লগত খেলা ধুলা কৰাৰ পৰিবৰ্তে ব্যৱসায়িক ক্ষেত্ৰত আত্মনিয়োগ কৰিব লগা হৈছিল। হাতত ফুটাকড়ি এটাও নথকা নিৰ্মলে কাঠৰ এক বাকচ বনাই তাত ৰচি লগাই কান্ধত ওলমাই লৈ দুটামান তামোল আৰু দুখিলামান পাণ কাটি লৈ বিক্ৰী কৰিব ধৰে নাজিৰা মহকুমাৰ চন্টক, শিমলুগুৰি বজাৰকে ধৰি মহকমাটোৰ একাংশ বজাৰত। এনেকৈয়ে আৰম্ভ হয় নিৰ্মল লাহনৰ ব্যৱসায়ী জীৱনৰ সংগ্ৰাম। আৰ্থিকভাৱে অতি দূৰ্বল পৰিয়ালটোক সাধাৰণ এই পাণ তামোলৰ ব্যৱসায়ৰ পৰাই পোহ পাল দিয়াৰ লগতে নিৰ্মলে উপাৰ্জিত ধনেৰে ঘৰখন চলোৱাৰ লগতে পঢ়া শুনাও কৰি যায়। এনেদৰে পাছ বছৰীয়া তামোল পাণৰ ব্যৱসায় কৰাৰ অন্তত হাঁহ কুকুৰাৰ ব্যৱসায় আৰম্ভ কৰে। বজাৰে বজাৰে হাঁহ কুকুৰা বিক্ৰী কৰিও পৰিয়াল পোহ পাল দিয়া নিৰ্মল লাহনে পৰৱৰ্তী সময়ত এনে ব্যৱসায়ৰ পদ্ধতি কিছু সাল সলনি ঘটাই গেলামালৰ দোকান আৰম্ভ কৰে ।দিন বাগৰাৰ পিছতেই নিৰ্মল লাহনৰ ভাগ্যৰ চকৰী ঘুৰিব ধৰে আৰু লাহে লাহে ঠিকা ঠুকলিৰ কাম আৰম্ভ কৰে। ৩৫০০ টকাৰে ঠিকাৰ কাম আৰম্ভ কৰা নিৰ্মল লাহনে পৰৱৰ্তী সময়ত বজাৰ নিবিদা লোৱা, বিদ্যুৎ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিত সৰু সুৰা ঠিকাৰ কাম কৰি পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই। লাহন বানিজ্যিক নামাকৰণেৰে পঞ্জীয়কৃত এখন ফাৰ্ম খুলি ২০২২ চনলৈকে প্ৰায় পাঁচ শতাধিক যুৱক যুৱতীক আত্মসংস্থাপন দিয়াৰ লগতে বৰ্তমান দুই শতাধিক লোক সংস্থাপিত হৈ পৰিয়াল চলাই আছে। ইয়াৰে বহু সংখ্যক যুৱক যুৱতী বিদ্যুৎ বিভাগ , অ এন জি চি , অইল আদিত স্থায়ীভাৱে চাকৰি লাভ কৰে। ইয়াৰোপৰি বিভিন্ন কাম কাজ চলাই যোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক কাৰিকৰী শিক্ষা দিয়াৰ উদ্দেশ্যৰে ৰংপুৰ নামৰ ঔদ্যোগিক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, ড্ৰাইভিং স্কুল আদি প্ৰতিষ্ঠা কৰে। আনহাতে দাপোন নামৰ এন জি অ এটা গঠন কৰি এই এন জি অ ৰ যোগেদি বিভিন্ন জনসিতৈষী কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বৰ্তমান নিৰ্মল লাহন শিক্ষয়িত্ৰী পত্নীৰ লগতে উচ্চ শিক্ষিত পুত্ৰ কন্যাৰ সৈতে সুখৰ সংসাৰ। উল্লেখ্য যে যিটো সময়ত অসমীয়া শিক্ষিত এচাম যুৱক যুৱতীয়ে ব্যৱসায় বাণিজ্যলৈ লজ্জাবোধ কৰি চাকৰিৰ বাবে অপেক্ষা কৰি থাকে তেনে সময়তেই নিৰ্মল লাহনৰ দৰে ব্যৱসায়ী এক আদৰ্শ ৰূপে পৰিগণিত হৈছে।

You might also like